• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভুৱা কৃষকৰ নামত অসমত সংঘটিত ব্যাপক দুৰ্নীতি প্ৰসংগত কেন্দ্ৰৰ হস্তক্ষেপ বিচাৰিলে ৰিপুন বৰাই

এন ই নাও নিউজ by এন ই নাও নিউজ
July 22, 2021 9:02 pm
WhatsApp-Image-2020-08-04-at-7.06.44-PM-750x375
239
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অধীনৰ ধন বিতৰণৰ ক্ষেত্ৰত অসমত সংঘটিত হোৱা চৰম দুৰ্নীতিৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰি আজি নতুন দিল্লীত প্ৰদেশ কংগ্রেছৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাই এক সংবাদমেল যোগে দাবী উত্থাপন কৰে।

তেওঁ কয় যে ২০১৯-২০ বিত্তীয় বৰ্ষত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি  আঁচনিৰ জৰিয়তে দেশৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিজন কৃষকৰ নামত ৬০০০ টকাকৈ আবন্টন হৈছিল।

২০২১ চনৰ ৫ জুলাইত গুৱাহাটীত অনুষ্ঠিত পুনৰীক্ষণ বৈঠকত কেন্দ্ৰীয় কৃষি মন্ত্ৰী  পুৰুষোত্তম ৰূপালাৰ উপস্থিতিত অসমৰ  কৃষি মন্ত্ৰী ডাঙৰীয়াই দাখিল কৰা তথ্য অনুসৰি ৰাজ্যখনৰ প্ৰায় ৬০ লাখ কৃষকৰ নাম হিতাধিকাৰীৰ তালিকাত সন্নিবিষ্ট হৈছিল। সেইমতে হিতাধিকাৰী কৃষকৰ নামত ধন বিতৰণ হৈছিল।

তাৰ পিছতে ২০২০ত সকলো তথ্য ফাদিল হৈছিল য’ত বেছিভাগ হিতাধিকাৰীয়েই ভুৱা তথ্য দাখিল কৰি সেই তালিকাত অন্তৰ্ভুক্ত হৈছিল আৰু লগে লগেই অসমৰ চাৰিওফালে হুৱা-দুৱা লাগিছিল।

বৈঠকত কৃষি মন্ত্ৰী গৰাকীয়ে সদৰী কৰা তথ্য অনুসৰি ৩৬ লাখ কৃষক হিতাধিকাৰীৰ ভিতৰত ১৯.৪৭ লাখ হিতাধিকাৰী সঁচা অৰ্থত কৃষক আছিল আৰু ১৭.৭২ লাখ হিতাধিকাৰীয়েই ভুৱা আছিল।

ইয়াৰে ভিতৰত ৫ লাখ হিতাধিকাৰীক চৰকাৰে চিনাক্ত কৰিব পৰা নাই অৰ্থাৎ এই ৫ লাখ হিতাধিকাৰীৰ কোনো তথ্য নাই চৰকাৰৰ হাতত।

এয়া এক বৃহৎ কেলেংকাৰী বুলি উল্লেখ কৰি বৰাই কয় যে দুখীয়া কৃষকৰ নামত আবন্টন হোৱা ধন কেনেকৈ আযোগ্য ব্যক্তি সকলৰ মাজত বিতৰণ কৰা হৈছে? অসম চৰকাৰে কাৰ স্বাৰ্থত ৩৬ লাখ হিতাধিকাৰীৰ নাম সন্নিবিষ্ট কৰিছিল, য’ত ১১.৭২ লাখ হিতাধিকাৰীয়েই ভুৱা আৰু ৫ লাখ হিতাধিকাৰীৰ কোনো তথ্য নাই।

তেওঁ উল্লেখ কৰে যে যেতিয়া ইয়াৰ সত্যতা ৰাইজৰ মাজলৈ আহিছিল চৰকাৰে ঘোষণা কৰিছিল যে তেওঁলোকে ১১.৭২ লাখ ভুৱা হিতাধিকাৰীৰ পৰা ধন ঘূৰাই আনিব।

উল্লেখযোগ্য যে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰে সদনত জনোৱা মতে প্ৰধানমন্ত্ৰী কিষান সন্মান নিধি আঁচনিৰ অধীনত কৃষকৰ নামত ধন লাভ কৰা অসমৰ ৮.৩৫ লাখ ভুৱা কৃষকৰ পৰা ৫৫৪.০১ কোটি টকা ঘূৰাই আনিব লাগে।

প্ৰদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰাই প্ৰধানমন্ত্ৰী কিষান সম্মান নিধি আঁচনিৰ তালিকাত ১১.৭২ লাখ ভুৱা কৃষকৰ নাম আৰু ৫ লাখ তথ্যবিহীন ব্যক্তিৰ নাম সন্নিৱিষ্ট হোৱা ঘটনাৰ ওপৰত চিবিআই তদন্ত বিচৰাৰ লগতে এই দুৰ্নীতিত জড়িত ব্যক্তি সকলক উচিত শাস্তি প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনায়।

লগতে ভুৱা কৃষকৰ নামত বিতৰণ হোৱা উক্ত আঁচনিৰ ধন ঘূৰাই আনি প্ৰকৃত কৃষকৰ মাজত বিতৰণ কৰিব লাগে বুলিও কেন্দ্ৰীয় চৰকাৰক দাবী জনায় প্ৰদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰাই।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd