NORTHEAST NOW (Assamese)

হাগ্ৰামা মহিলাৰী বিটিচি অঞ্চলৰ উন্নয়নকামী নেতা, তেওঁৰ বহুত গুৰুত্ব আছে : ভূপেন বৰা

January 31, 2022 2:45 pm · ৰিনয় বসুমতাৰী,কোকৰাঝাৰ

কোকৰাঝাৰত আজি উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা ।

কোকৰাঝাৰ কংগ্ৰেছৰ ৰনেন্দ্ৰ ভৱনত ভূপেন বৰাৰ উপস্থিতিতে বিভিন্ন দল,সংগঠনৰ ৪০ গৰাকী লোকে কংগ্ৰেছত যোগদান কৰে। কংগ্ৰেছত যোগদান কৰা সকলক ভূপেন বৰাই ফুলাম গামোছাৰে দললৈ আদৰণি জনায়।

ভূপেন বৰাই কয় যে হাগ্ৰামা মহিলাৰী বিটিচি অঞ্চলৰ উন্নয়নকামী নেতা আৰু তেওঁৰ বহুত গুৰুত্ব আছে ।

বৰাই কয়—’মহাজোটত চামিল হোৱাৰ পিছত হাগ্ৰামক কৈছিলো আপুনি কংগ্ৰেছত থাকক আৰু বিজেপিলৈ গ’লে আপুনি গুৰুত্ব নাপায়’।

ভৱিষ্যতৰ দিনত কংগ্ৰেছৰ পতাকা বিটিআৰ অঞ্চলত উৰিব বুলি ভূপেন বৰাই দৃঢ়তাৰে প্ৰকাশ কৰে।

তেওঁ কয় যে সমগ্ৰ ভাৰতবৰ্ষজুৰি বিজেপিৰ খহনীয়া আৰম্ভ হৈছে আৰু তাৰ প্ৰভাৱ অসমতো পৰিছে।

Related News