• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উন্নয়নৰ নহয়,মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই অসমলৈ ঋণৰ গংগাহে বোৱাই আনিছে! কাৰ মন্তব্য এয়া?

মুখ্যমন্ত্ৰীক সপোনৰ জগতৰ পৰা সাৰ পোৱাৰ আহ্বান

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 29, 2021 4:01 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উপ-নিৰ্বাচনৰ প্ৰচাৰত অসমৰ মুখ্যমন্ত্রীয়ে কৈ ফুৰিছে যে তেওঁ হেনো অসমলৈ উন্নয়নৰ গংগা বোৱাই আনিব।

অসম প্রদেশ কংগ্রেছৰ মুখপাত্ৰ ঋতুপর্ণ কোঁৱৰে সামাজিক মাধ্যমত মুখ্যমন্ত্রীৰ এই মন্তব্যক হাস্যকৰ আখ্যা দিছে।

Apply Now

মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰসংগত সামাজিক মাধ্যমত মত প্ৰকাশ কৰি কোঁৱৰে কয় যে আচলতে মুখ্যমন্ত্রী গৰাকীয়ে ক’ব লাগিছিল যে যোৱা সময়ছোৱাত অসমলৈ তেওঁ প্ৰকৃততে উন্নয়নৰ গংগা নহয়, ঋণৰ গংগাহে বোৱাই আনিছে।

কাৰণ,তেওঁ বিত্তমন্ত্রী হৈ থকা অৱস্থাতে অসম ৰাজ্য সৰ্বকালৰ সৰ্বাধিক ঋণগ্রস্ত হ’ল।

তেওঁৰ দিনতে ৰাজ্য চৰকাৰৰ ঋণৰ বোজা ২০২০-২১ বৰ্ষত হৈছে ৭৯,৭৫৫ কোটি টকা হৈছে ।

এই তথ্য প্ৰকাশ কৰিছে কেন্দ্রীয় পৰিসংখ্যা প্ৰকল্প ৰূপায়ণ মন্ত্রালয়ে।

চলিত বৰ্ষত এই ঋণৰ বোজা হ’বগৈ প্ৰায় ৯৮,০০০ কোটিতকৈও অধিক।

কোঁৱৰে কয়—’আমি ঋণ লোৱাৰ বিৰোধী নহয়। কিন্তু সেইবুলি চৰকাৰৰ “ঋণং কৃত্বা ঘৃতং পিবেত” নীতিও সমৰ্থনযোগ্য নহয়’।

মুখ্যমন্ত্রী ড’ হিমন্ত বিশ্ব শর্মাৰ শাসনকালৰ যোৱা চাৰি মাহতে ৰাজ্যিক উন্নয়নী ঋণৰ নামত ৪,৫০০ কোটি টকা আৰু ৩,৯০০ কোটি টকা চৰকাৰী বণ্ডৰ(গৱৰ্নমেণ্ট ছিকিউৰিটি) নিলামৰ যোগেদি ঋণ লৈছে ।

অৰ্থাৎ, যোৱা চাৰি মাহতে এই ঋণৰ পৰিমাণ হ’ল ৮,৪০০ কোটি টকা।

যোৱা ২১ অক্টোবৰ তাৰিখেও চৰকাৰী নিলামৰ যোগেদি ১০০০ কোটি টকাৰ ঋণ লোৱাৰ কথা আছিল। যদিহে এই ঋণ লাভ কৰিছে তেন্তে এই ঋণৰ পৰিমাণ হ’বগৈ ৯,৪০০ কোটি টকা ।

ইয়াৰোপৰি মোডী চৰকাৰে ৰাজ্যসমূহক এতিয়াও GST ৰ ক্ষতিপূৰণ আদায় দিব পৰা নাই। তাৰ পৰিৱর্তে দিছে ” বেক টু বেক” বেংকৰ ঋণ।

যোৱা চাৰি মাহতে অসম চৰকাৰে বাধ্য হৈ লোৱা এই ঋণৰ পৰিমাণো হৈছে ১২৮৩.১১ কোটি টকা। যদি এনে অৱস্থা অব্যাহত থাকে তেন্তে চলিত বিত্তীয় বৰ্ষত(২০২২ চনৰ ৩১ মার্চ পৰ্যন্ত) এই “বেক টু বেক “ঋণৰ পৰিমাণ হ’বগৈ প্ৰায় ৪,০০০ কোটি টকা।

ইয়াৰ ফলত অসমৰ দৰে দুখীয়া ৰাজ্যৰ ঋণ পৰিশোধৰ সুতৰ হাৰৰ বোজা বৃদ্ধি পাব।

ইয়াৰোপৰি ৰাজ্য চৰকাৰে হেনো চলিত বৰ্ষত আৰু ১৮,০০০ কোটি টকাৰ ঋণ লোৱাৰ লক্ষ্য স্থিৰ কৰিছে। যদি এইয়া সত্য হয় তেন্তে অহা বিত্তীয় বৰ্ষত হয়তো ৰাজ্যখনৰ ঋণৰ পৰিমাণ হ’বগৈ প্ৰায় ১ লাখ কোটি টকাৰ অধিক ! অসমৰ বিভিন্ন সংবাদ পত্ৰত এইবিলাক তথ্য ইতিমধ্যে প্ৰকাশ হৈছে।

গতিকে,উপৰোক্ত তথ্যই স্পষ্টকৈ প্ৰমাণ কৰে যে সম্প্ৰতি ৰাজ্য চৰকাৰখন সম্পূর্ণৰূপে ঋণৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। ৰাজকোষৰ অৱস্থা লাওলোৱা। যাৰ ফলস্বৰূপে সম্প্রতি ৰাজ্যখনৰ উন্নয়নমূলক কামকাজ কেৱল ঘোষণাতে সীমাৱদ্ধ।
চৰকাৰী কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চন নিয়মিত আদায় দিয়াতো যিকোনো চৰকাৰৰে নৈতিক দায়িত্ব। তাকে চৰকাৰে সফলতা বুলি জাহিৰ কৰিলে উপায় নাই ।

চৰম বিত্তীয় সংকটত পৰি প্ৰতি মাহতে মুকলি বজাৰৰ পৰা ঋণ ল’বলগীয়া হৈছে হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰ। তাৰপিছতো আকৌ মুখ্যমন্ত্রীয়ে নিৰ্বাচনী সভাত দৈনিক শ, হাজাৰ কোটি টকাৰ পেকেজ ঘোষণা কৰিবলৈ এৰা নাই।

কোঁৱৰে এই প্ৰসংগতে কয়—’ই অতি হাস্যকৰেই নহয় দুৰ্ভাগ্যজনকো। এইয়া বাস্তৱ পৰিস্থিতিৰ পৰা ৰাইজৰ দৃষ্টি আঁতৰাই ৰাইজক আভুৱা ভৰাৰ কৌশলৰ বাদে আন একো নহয়। সেয়েহে মুখ্যমন্ত্রীক আমি অসম প্ৰদেশ কংগ্ৰেছে আহ্বান জনাইছো যে আপুনি সপোনৰ জগতৰ পৰা সাৰ পাওক আৰু বাস্তৱৰ মুখামুখি হওক। বাৰে ভচহু আৰু অলাগতিয়াল কথাৰে ৰাইজক আমোদ দিবলৈ চেষ্টা কৰি মূল বিষয়বস্তুৰ পৰা দৃষ্টি আঁতৰাবলৈ কৰা অপচেষ্টা পৰিহাৰ কৰক। সম্প্রতি যে ৰাজ্যখনত উন্নয়নৰ গংগা বোৱা নাই বৰঞ্চ বাস্তৱত ঋণৰ গংগাহে অহোৰাত্ৰী বৈছে তাক স্বীকাৰ কৰক’।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd