• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ন্যায়ালয়ৰ শুনানিলৈ অপেক্ষা নকৰি CAA বলৱতেৰে ন্যায়িক ব্যৱস্থাক অপমান কৰিলে কেন্দ্ৰই : প্ৰদেশ কংগ্ৰেছ

CAA-ৰ বিৰুদ্ধে প্ৰতিবাদ : ২০ জানুৱাৰিৰ পৰা দ্বিতীয় পৰ্য্যায়ৰ পদযাত্ৰা কৰিব প্ৰদেশ কংগ্ৰেছে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 12, 2020 6:11 pm
APCC Press Meet

ৰাজীৱ ভৱনত সংবাদমেল অসম প্ৰদেশ কংগ্ৰেছৰ। ১২ জানুৱাৰিত, ২০২০-ত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

CAA-ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আৰু জনজাগৰণ সৃষ্টি কৰিবলৈ দ্বিতীয় আৰু তৃতীয় পৰ্য্যায়ৰ পদযাত্ৰাৰ কাৰ্য্যসূচী ঘোষণা কৰিছে প্ৰদেশ কংগ্ৰেছে। আজি ৰাজীৱ ভৱনত সংবাদমেল দি এই ঘোষণা কৰে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই।

২০ জানুৱাৰিৰ পৰা ২৯ জানুৱাৰিলৈকে হ’ব দ্বিতীয় পৰ্য্যায়ৰ পদযাত্ৰা। তাৰ পিছতে ১৩ ফেব্ৰুৱাৰিৰ পৰা ২১ ফেব্ৰুৱাৰিলৈকে তৃতীয় পৰ্য্যায়ৰ পদযাত্ৰা কৰিব দলটোৱে।

Apply Now

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই প্ৰথম পদযাত্ৰা সফল বুলি দাবী কৰি কয়, “প্ৰথম পদযাত্ৰাৰ পৰা গম পোৱা গৈছে যে ৰাইজে কংগ্ৰেছৰ প্ৰতি স্বতঃস্ফূৰ্ত সঁহাৰি দিছে। পদযাত্ৰাত ৰাইজ নিজেই ওলাই আহিছে”।

৩০ ডিচেম্বৰৰ পৰা চলা প্ৰথমটো পদযাত্ৰা ১১ জানুৱাৰিত অন্ত পৰিছিল।

অসমৰ জনগণৰ প্ৰতিবাদ নেওচি তথা উচ্চতম ন্যায়ালয়ত শুনানি চলি থকা সত্ত্বেও ১০ জানুৱাৰিত কেন্দ্ৰীয় চৰকাৰে বিতৰ্কিত আইনখন বলৱৎ কৰা বাবে বৰাই কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনক সমালোচনা কৰে।

“২২ জানুৱাৰিৰ উচ্চতম ন্যায়ালয়ৰ শুনানিলৈকে চৰকাৰে অপেক্ষা কৰিব লাগিছিল। কিন্তু ন্যায়িক ব্যৱস্থাক অপমান কৰি CAA-খন বলবৎ কৰিলে। ইমান গণতান্ত্ৰিক আন্দোলন হোৱাৰ পাছতো ৰাইজৰ মতক চৰকাৰে গুৰুত্ব নিদিলে। এই কথাত কংগ্ৰেছে ধিক্কাৰ দিছো”, বৰাৰ মন্তব্য।

আইনখন বাতিলৰ বাবে জনোৱা দাবী যদি অৱজ্ঞা কৰে আমাৰ হাতত এটাই উপায় আছে যে কংগ্ৰেছ চৰকাৰ আহিলে এই আইনখন বাতিল কৰিম, বৰাই কয়।

তেওঁ আইনখনৰ অধীনত দিয়া নাগৰিকত্ব বাতিল কৰিবলৈও কংগ্ৰেছে পদক্ষেপ ল’ব বুলি মন্তব্য কৰে।

“’২১-ত চৰকাৰ আহিলে অসমক CAA-ৰ পৰা বাদ দিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাম। যদি নাগৰিকত্ব দিয়েও আমাৰ চৰকাৰ আহিলে সেইসকল বাংলাদেশীৰ নাগৰিকত্ব কৰ্তন কৰিম, কিয়নো অসমৰ অস্তিত্বৰ কথা জড়িত হৈ আছে”, মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনৰ।

নাগৰিকত্ব নিৰ্ধাৰণৰ বাবে ভিত্তিবৰ্ষ হিচাপে ১৯৭১-ৰ ২৪ মাৰ্চ তাৰিখটো ভাৰতবৰ্ষৰ ক’তো নাই যদিও পূৰ্বৰ বিজেপি চৰকাৰে এই চনকে ভিত্তিবৰ্ষ হিচাপে লৈ NRC-ৰ কাম-কাজ আৰম্ভ কৰিবলৈ কৈছিল বুলি বৰাই দাবী কৰে।

আনহাতে নাগৰিকত্ব (সংশোধন) আইনৰ অধীনত অনুপ্ৰৱেশকাৰীসকলক নাগৰিকত্ব দিবৰ বাবে স্থিৰ কৰি লোৱা ২০১৪ চনৰ ৩১ ডিচেম্বৰ তাৰিখটো পাছত চৰকাৰে পিছুৱাবও পাৰে বুলি শংকা আৰু সন্দেহ প্ৰকাশ কৰে বৰাই।

চৰকাৰৰ ষড়যন্ত্ৰ সন্দৰ্ভতো মন্তব্য কৰে বৰাই, “কংগ্ৰেছ পাৰ্টিয়ে কেতিয়াও ভয় নকৰে। বিজেপিৰ পুলিচি নিৰ্য্যাতনৰ প্ৰতিও আমাৰ ভয় নাই। গান্ধীজীৰ আদৰ্শৰে আমি আগুৱাই যাম। ভয়-ভাবুকিৰে কংগ্ৰেছ কৰ্মীৰ আন্দোলন দমাব পাৰিম বুলি যদি ভাবিছে বিজেপিয়ে মূৰ্খৰ স্বৰ্গত বাস কৰিছে”।

ৰাজ্যত আন্দোলনকাৰীৰ মাজৰ পৰা নতুন দল গঠনৰ আৱাজ উঠা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে কয়, “নতুন আঞ্চলিক দল খোলাটো গণতান্ত্ৰিক অধিকাৰ। অসমৰ স্বাৰ্থৰ ক্ষেত্ৰত CAA-বিৰোধী শক্তিসমূহ একত্ৰিত হ’ব লাগে। আমাৰ এটাই এজেণ্ডা CAA বাতিল হ’ব লাগে”।

“তৰুণ গগৈ চিকিৎসাধীন হৈ থাকোঁতে মুখ্য মন্ত্ৰী হোৱাৰ চেষ্টাৰে আজমলক লগ কৰিছিল হিমন্তই”

আনহাতে সংবাদমেলত উপস্থিত থকা প্ৰাক্তন মন্ত্ৰী তথা চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনে বিস্ফোৰক অভিযোগ আনে প্ৰাক্তন সতীৰ্থ হিমন্ত বিশ্বৰ বিৰুদ্ধে।

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ মুম্বাইত চিকিৎসাধীন হৈ থাকোতে হিমন্তই মুখ্য মন্ত্ৰী হ’বৰ বাবে ষড়যন্ত্ৰ কৰিছিল বুলি দাবী কৰি হুছেইনে কয় যে হিমন্তই তাৰ বাবে গোপনে আজমলৰ সৈতে বৈঠকত বহিছিল। তেওঁ যিকোনো প্ৰকাৰে মুখ্য মন্ত্ৰী হোৱাৰ চেষ্টা কৰিছিল বুলি দাবী হুছেইনৰ।

“তেওঁ এতিয়া জনিয়াৰ কথা কৈ বিভাজন আনিবৰ চেষ্টা কৰিছে৷ জনিয়াৰ বোকোচাত উঠি তেওঁ এসময়ত মুখ্য মন্ত্ৰী হ’বলৈ গৈছিল৷ জনিয়া আমাতকৈও প্রিয় আছিল তেওঁৰ”, ক্ষুৰধাৰ কটাক্ষ হুছেইনৰ।

এই উদ্দেশ্য সাধনৰ বাবে হিমন্ত হাইলাকান্দিলৈও গৈছিল বুলি দাবী কৰি হুছেইনে তদানীন্তন কংগ্ৰেছী মন্ত্ৰী হিমন্তই হাইলাকান্দিত দিয়া ভাষণৰ এটা ভিডিঅ’ প্ৰদৰ্শন কৰে সংবাদমেলত।

ভিডিঅ’টোত হিমন্ত বিশ্বক এখন ইছলাম ধৰ্মীয় সভাত ভাষণ দিয়া দেখা যায়, য’ত তেওঁ কোৰান আৰু ইছলামৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল।

“সেইদিনা তেওঁক দেখি এনেকুৱা লাগিছিল যেন এজন মৌলানাইহে কথা কৈছে৷ কেতিয়াবা তেওঁ আজমলতকৈয়ো বেছি মুছলমান হৈ পৰে”।

হিমন্ত বিশ্ব শৰ্মাক এজন “ফটোৱা” বুলিও কটাক্ষ কৰে হুছেইনে। “ফটোৱা মন্ত্ৰীয়ে ফটোৱা মন্তব্যৰে সংসদীয় ব্যৱস্থাটো ধ্বংস কৰিব বিচাৰিছে”, হুছেইনে কয়।

হিমন্তই বিভিন্ন কথাৰে CAA-বিৰোধী আন্দোলনটোক বিভাজনৰ চেষ্টা কৰা বুলিও অভিযোগ আনে মন্ত্ৰীজনৰ প্ৰাক্তন সতীৰ্থ হুছেইনে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm
কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

June 14, 2026 8:13 pm
বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

June 14, 2026 7:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd