DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’না আতংক : অসম চৰকাৰৰ পদক্ষেপক সম্পূৰ্ণ সমৰ্থন অসম প্ৰদেশ কংগ্ৰেছৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
March 24, 2020 2:29 pm
d769d7bc-ab6e-4282-8365-025264818fcb

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা

31.2k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছ সংক্ৰমন প্ৰতিৰোধৰ বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক সম্পূৰ্ণৰূপে সমৰ্থন জনাইছে অসম প্ৰদেশ কংগ্ৰেছে।

ক’ৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰা প্ৰসংগত আজি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে নিজৰ ফেইচবুক পেজৰ জৰিয়তে সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে।

তেওঁ দেশৰ এই সংকটৰ সময়ত দল-মত, বৰ্ণ-ধৰ্ম, নিৰ্বিশেষে সকলোৱে ঐক্যবদ্ধভাৱে ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিব লাগিব বুলি কয়।

‘প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াভাৱে জনতা কাৰ্ফিউৰ পৰা আৰম্ভ কৰি লকডাউনলৈকে লোৱা পদক্ষেপক সকলোৱে স্বতস্ফূৰ্ত ভাৱে সমৰ্থন জনাইছে। কিন্তু এই সিদ্ধান্ত লোৱাত পলম হৈছে’, বুলি দাবী কৰে প্ৰদেশ কংগ্ৰেছ সভাপতি বৰাই।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে যোৱা ১২ ফেব্ৰুৱাৰিতে কথাখিনি সতৰ্ক কৰিছিল বুলি উল্লেখ কৰাৰ লগতে  বৰাই আৰু কয়, ‘প্ৰধান মন্ত্ৰীৰ আবেদন কোনোৱে গ্ৰহণ নকৰাত পুনৰ ১২ মাৰ্চত সোঁৱৰাই দিছিল সজাগতাৰ সন্দৰ্ভত’।

দেশৰ সংকটৰ সময়ত আমি একো ইচ্ছু কৰিব বিচৰা নাই বুলি উল্লেখ কৰি বৰাই লকডাউনৰ সময়ত দিন হাজিৰা কৰা ব্যক্তিসকলক চৰকাৰে বিনামূলীয়াকৈ ৰেচনৰ যোগান ধৰিব লাগে বুলি দাবী কৰে।

ব্যক্তিগত বিভিন্ন কোম্পানিত কৰ্মৰত শ্ৰমিকসকলৰ দা-দৰমহাৰ যাতে কৰ্তন কৰিব নোৱাৰে তাৰ প্ৰতিও বিশেষ ব্যৱস্থা কৰিব লাগে বুলি বৰাই দাবী জনায়।

‘মোদীয়ে ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত ব্যক্তিগত খণ্ডত কৰ্মৰত শ্ৰমিক সকল যদি ক’ৰ’নাৰ বাবে কামত উপস্থিত থাকিব নোৱাৰে তেতিয়া তেওঁলোকক শাস্তি আৰু দৰমহা কৰ্তন কৰিব নালাগে বুলি আহ্বান জনাইছে। আহ্বানক আমি সমৰ্থন কৰিছোঁ। কিন্তু আহ্বান সকলোৱে নুশুনিব পাৰে গতিকে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে এখন কঠোৰ আইন প্ৰণয়ন কৰিব বাধ্য কৰাব লাগে’। এইদৰে কয় বৰাই।

বেংকৰ পৰা লোন লৈ গাঁৱত ক্ষুদ্ৰ-ক্ষুদ্ৰ ব্যৱসায় কৰা ব্যক্তিসকলে যদি লকডাউনৰ সময়ত বেংকত লোনৰ কিষ্টি যদি পৰিশোধ কৰিব নোৱাৰে তেন্তে তেনে ব্যক্তি সকলক সকাহ দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলিও বৰাই লগতে কয়।

চাহ বাগিচাত কৰ্মৰত চাহ শ্ৰমিক সকলক দা-দৰমহা দিয়াৰ বাবে সকলো কোম্পানিক চৰকাৰে কঠোৰ ভাৱে নির্দেশ প্ৰদান কৰিব লাগে। বহু সময়ত চৰকাৰে বান্ধি দিয়া নিয়ম কোম্পানিসমূহে গ্ৰহণ নকৰা অভিযোগ উথাপন কৰে বৰাই।

লগতে চাহ শ্ৰমিক ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰি বিনামূলীয়াকৈ মাস্ক, চেনিটাইজাৰ যোগান ধৰিব লাগে বুলিও তেওঁ কয়।

অনাগত দিনত আহি থকা অৰ্থনৈতিক সংকটৰ সৈতে মোকাবিলা কৰিবলৈ  অসম চৰকাৰক সাজু হবলৈ আহ্বান জনাই বৰাই।

চিকিৎসাকর্মী সকলে আমাৰ সুৰক্ষাৰ বাবে যিদৰে কাম কৰিছে তাক সমৰ্থন কৰাৰ লগতে সাংবাদিক সকলকো বৰাই কৃতজ্ঞতা জনায়।

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd