সোমবাৰে জনতা ভৱনৰ বিধানসভা কক্ষত আছাম প্ৰেছ ক’ৰেছপণ্ডেণ্টছ য়ুনিয়ন (আপকু)ৰ ডিব্ৰুগড় জিলা সমিতিৰ এক সঁজাতী দলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি কৰ্মৰত সাংবাদিকৰ বিভিন্ন সমস্যা সমাধানৰ লগতে ডিব্ৰুগড় জিলাৰ বিভিন্ন আৰ্থসামাজিক সমস্যা সমাধানৰ দাবীত স্মাৰকপত্ৰ প্ৰদান কৰে৷
নাহৰকটীয়াৰ প্ৰয়াত সাংবাদিক বিপুল ভাগৱতীৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰা, ডিব্ৰুগড়ত উন্নতমানৰ সাংবাদিক অতিথিশালা আৰু সাংবাদিক প্ৰশিক্ষণ কৰ্মশালা ভৱন নিৰ্মাণ কৰা, গুৱাহাটীত সাংবাদিক অতিথিশালা নিৰ্মাণ কৰা আদিৰ দাবীত উক্ত স্মাৰকপত্ৰ প্ৰদান কৰে।
ইয়াৰ উপৰি নামৰূপ সাৰকাৰখানা কাৰ্যক্ষম কৰি তোলাৰ লগতে চতুৰ্থটো গোট স্থাপন কৰা, ডিব্ৰুগড় জিলাৰ ৰহমৰীয়া প্ৰস্তাৱিত গড়াখহনীয়া প্ৰতিৰোধ প্ৰকল্পৰ ৭৮ কোটি ৮৪ লাখ টকা শীঘ্ৰে মুকলি কৰি কামৰ গতি খৰতকীয়া কৰাৰ ব্যৱস্থা, ডিব্ৰুগড় জিলাত গা কৰি উঠা মাদকদ্ৰব্য আৰু ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হোৱা, সকলো কৰ্মৰত সাংবাদিকৰ আৰ্থিক-সামাজিক নিৰাপত্তা সুনিশ্চিত কৰা আদি দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰে আপকুৰ ডিব্ৰুগড় জিলা সমিতিয়ে৷
ইফালে মুখ্য মন্ত্ৰী সোণোৱালে তেওঁলোকৰ সমস্যা সমূহ পৰ্যায়ক্ৰমে সমাধান কৰাৰ আশ্বাস দিয়ে৷
আপকুৰ সঁজাতী দলটোত কেন্দ্ৰীয় সভাপতি মনোজ সিং, কাৰ্যকৰী সভাপতি মৌচমজ্যোতি বৈশ্য, ডিব্ৰুগড় জিলাৰ সভাপতি আব্দুল ৰাজ্জাক, সহকাৰী সম্পাদক আচিফ ইকবাল, ডিব্ৰুগড় জিলাৰ বিতুল বৰুৱা, হীৰেণ গগৈ, কামৰূপ জিলাৰ সম্পাদক নিৰেণচন্দ্ৰ মালি, নাহৰকটীয়াৰ গুণাভি কোঁৱৰৰ লগতে বিশেষভাৱে উপস্থিত থাকে অসম পেট্ৰকেমিকেলছৰ উপাধ্যক্ষ বিকুল ডেকা।