• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৰকাৰী মূল্য দিব নোৱাৰি মাটিৰ ম্যাদীকৰণৰ পৰা বঞ্চিত হৈছে খিলঞ্জীয়া ভূমিপুত্ৰ : আপ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
February 27, 2024 5:29 pm
386
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ ভূমিপুত্ৰসকলৰ মাটিৰ অধিকাৰ সুনিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ‘বসুন্ধৰা-২’ আঁচনিৰ বিৰুদ্ধে সৰৱ হ’ল আম আদমি পাৰ্টি। মঙলবাৰে মহানগৰীৰ গণেশগুৰিস্থিত দলৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত দলৰ উপ-সভাপতি জিতুল ডেকাই এই আঁচনি ৰূপায়ণৰ সন্দৰ্ভত চৰকাৰৰ ব্যৰ্থতাৰ কথা উল্লেখ কৰি অভিযোগ কৰে যে- ৰাজ্য চৰকাৰে এই আঁচনি ঘোষণা কৰি কৈছিল ভূমি আইনৰ সুৰুঙাৰে একাংশ সন্দেহযুক্ত লোকৰ দখললৈ মাটি গৈছে, অথচ খিলঞ্জীয়া ভূমিপুত্ৰই ৰাজ্যখনত বছৰ বছৰ ধৰি মাটিৰ পট্টা লাভ নকৰাকৈয়ে আছে। 

একচনীয়া মাটি ম্যাদী নোহোৱাৰ ফলতো বহু খিলঞ্জীয়া লোক বঞ্চিত হৈ থাকিবলগীয়া হৈছে। সেয়ে বসুন্ধৰাৰ ফলত এইসকল লোকে ম্যাদী পট্টা লাভ কৰিব। লগতে চৰকাৰী মাটি, ভি. জি. আৰ, পি. জি. আৰ মাটিত বাস কৰা থলুৱা লোকসকলেও ভূমিৰ অধিকাৰ লাভ কৰিব। কিন্তু সংবাদমেলত উপ-সভাপতি জিতুল ডেকাই কয় যে- বাস্তৱিকতে চৰকাৰৰ এই ঘোষণাৰ ওলোটা ছবিখনহে দেখিব পোৱা গৈছে। 

খিলঞ্জীয়া ভূমিপুত্ৰহই বছৰ-বছৰ ধৰি বাস কৰা মাটি ম্যাদী কৰিবলৈ গৈ এতিয়া পদে-পদে উজুটি খাবলগীয়া হৈছে। কিয়নো গুৱাহাটীত মাটিৰ উচ্চ দৰত নতুনকৈ চৰকাৰী মূল্য নিৰ্ধাৰণ কৰাৰ বাবে প্ৰিমিয়াম দি ম্যাদী কৰিবলৈ গৈ শলঠেকত পৰিছে মহানগৰবাসী। চৰকাৰে নিধৰিণ কৰা নতুন চৰকাৰী মূল্য অনুসৰি মহানগৰীৰ উদ্যোগিক অঞ্চলত বিঘাই প্রতি ১.৫ কোটি টকা, ঘাইপথৰ কাষৰ মাটিৰ দাম বিঘাই প্রতি ৪.৮ কোটি টকা, গড়কাপণ্ডানি পথৰ দাঁতিত বিঘাই প্রতি ৫ কোটি টকা, ঘাইপথৰ এশ মিটাৰৰ ভিতৰত ৭.৮ কোটি টকা, ঘাইপথৰ এশ মিটাৰৰ বাহিৰত ৭.৭ কোটি টকা, গড়কাপ্তানি পথৰ এশ মিটাৰ ভিতৰত ৭.৬ কোটি টকা, গড়কাপ্তানি পথৰ এশ মিটাৰৰ বাহিৰত ৭.৫ কোটি টকাকৈ মাটিৰ চৰকাৰী মূল্য নিৰ্ধাৰণ কৰা হৈছে। আনহাতে মহানগৰীৰ বশিষ্ঠত প্রতি বিঘাই ৪.২ কোটি, মঠঘৰীয়াত ৬.৩ কোটি, নুনমাটিত ২.৭৭ কোটি, হেঙেৰাবাৰীত ৫.৭ কোটি, গীতানগৰত ৪.৩৫ কোটি, হাতীগাঁৱত ২.৮ কৌটি, জ্যোতিকুচিত ৩.৩ কোটি, খাৰঘূলিত ২.৭ কোটি, ফটাশিলত ৪.৮ কৌটি, বোন্দাত ২.৭ কোটি, দ্বাৰকা নগৰত ৬.৩ কোটি আৰু বাঘৰবৰীত ৩.৩ কোটি টকাকৈ প্ৰতি বিঘা মাটিৰ চৰকাৰী মূল্য নিধৰিণ কৰা হৈছে। 

ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগৰ এই মূল্য অনুসৰি ম্যাদী কৰিবলৈ প্রয়োজন হোৱা প্রিমিয়ামৰ ধন জমা দিব নোৱাৰি বিপদত পৰিছে মহানগৰবাসী। ফলত চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ তাঁতবাতি কাঢ়িও ম্যাদী পট্টা লাভৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে মহানগৰবাসী। 

গুৱাহাটীৰ পাটৰকুচি, লালমাটি, বেলতলা, লখৰা,গড়চুক, কাহিলীপাৰা, জটিয়া আদি অঞ্চলৰ জনজাতীয় বা ভূমিপুত্ৰ লোকসকল বছৰ-বছৰ ধৰি পট্টাহীন বা ম্যাদী নোহোৱা মাটিত বসবাস কৰি আছে। তেওঁলোকে ম্যাদীকৰণৰ ক্ষেত্ৰত নিধাৰিত প্ৰিমিয়াম আদায় দিব নোৱাৰাত নিজৰ ভূমিৰ আধা অংশ কোনো ব্যৱসায়ীক বিক্ৰী কৰিবলৈও বাধ্য হোৱা

বুলি জানিব পৰা গৈছে। 

সংবাদমেলৰ জৰিয়তে গুৱাহাটীত বসবাস কৰা খিলঞ্জীয়া অসমীয়া, ভূমিপুত্ৰ লোকসকলক বিনামূলীয়াকৈ অথবা কম মূল্য নিধৰিণ কৰি মাটিৰ ম্যাদীকৰণ বা পট্টা দিবলৈ ‘আপ, অসম’ৰ তৰফৰপৰা উপ-সভাপতি জিতুল ডেকাই সংবাদমেলযোগে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে।

Recent News

কলিয়াবৰত উদ্ধাৰ আঘাতপ্ৰাপ্ত হৰিণ : স্থানীয় লোকে উদ্ধাৰ কৰি গতাই দিলে বন বিভাগক

কলিয়াবৰত উদ্ধাৰ আঘাতপ্ৰাপ্ত হৰিণ : স্থানীয় লোকে উদ্ধাৰ কৰি গতাই দিলে বন বিভাগক

গোৱালপাৰাত ব্যাপক উচ্ছেদ অভিযান! ১৫০০ বিঘা মাটিৰ পৰা উচ্ছেদ ৬০০ৰো অধিক পৰিয়াল

গোৱালপাৰাত ব্যাপক উচ্ছেদ অভিযান! ১৫০০ বিঘা মাটিৰ পৰা উচ্ছেদ ৬০০ৰো অধিক পৰিয়াল

শিৱসাগৰত অ’এনজিচিৰ তৈলক্ষেত্ৰত গেছ লিকঃ দুৰ্গন্ধৰ লগতে অগ্নিকাণ্ডৰ আশংকাত ভুগিছে স্থানীয় ৰাইজ

শিৱসাগৰত অ’এনজিচিৰ তৈলক্ষেত্ৰত গেছ লিকঃ দুৰ্গন্ধৰ লগতে অগ্নিকাণ্ডৰ আশংকাত ভুগিছে স্থানীয় ৰাইজ

চোৰাং চিকাৰৰ ঘটনাত সন্ধানহীন ১.৮ কেজি ওজনৰ হাতীৰ দাঁত উদ্ধাৰ ডিগবৈ বন বিভাগৰ

চোৰাং চিকাৰৰ ঘটনাত সন্ধানহীন ১.৮ কেজি ওজনৰ হাতীৰ দাঁত উদ্ধাৰ ডিগবৈ বন বিভাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd