• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

 ১০০জন বিশিষ্ট ব‍্যক্তিৰ গোহাৰি: দলীয় সংকীৰ্ণতাৰ উৰ্দ্ধলৈ গৈ ৰাইজৰ স্বাৰ্থত সকলো ঐক‍্যবদ্ধ হওক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 10, 2025 4:27 pm
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৪ চনত কেন্দ্ৰত বিজেপিয়ে ক্ষমতা দখল কৰাৰ পিছৰে পৰা দেশত দেখা দিয়া পৰিস্থিতিক লৈঅসমৰ১০০গৰাকীবিশিষ্ট নাগৰিকে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। এশগৰাকী বিশিষ্টব্যক্তিয়ে প্ৰকাশ কৰা গোহাৰিখনত প্ৰকাশ কৰিছে যে বিজেপিয়ে গণতান্ত্ৰিক অনুষ্ঠান-প্ৰতিষ্ঠানসমূহ নিজৰ নিয়ন্ত্ৰণলৈ আনি, প্ৰচাৰ মাধ‍্যমক বহতীয়া কৰি, আৰু ন‍্যায়পালিকাৰ ওপৰত চাপ সৃষ্টি কৰি পূৰ্বৰ ভাৰতক অচিনাকি কৰি পেলাইছেআৰুইয়াৰ বিৰোধিতা কৰাসকলক দেশদ্ৰোহী আখ্যা দিয়া হৈছে।

কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ ফলস্বৰূপে দেশৰ সম্পদ আৰু অৰ্থনীতি বিজেপিক নিৰ্বাচন খেলিবলৈ বৃহৎ পৰিমাণৰ ধনেৰে সহায় কৰা মুষ্টিমেয় ব্যৱসায়িক প্ৰতিষ্ঠানক গটাই দিয়া বুলি গোহাৰিত উল্লেখ কৰা হৈছে। দেশত আইনৰ শাসন সংকুচিত হৈছে আৰু অৰ্থনৈতিক সংকট গভীৰ হৈছে। বিশেষকৈ নিবনুৱা সমস্যাই যোৱা ৪০ বছৰৰ ভিতৰতে আটাইতকৈ ভয়াবহ ৰূপ ধাৰণ কৰিছে। বিজেপি চৰকাৰে এই সমস্যাসমূহৰ পৰা দৃষ্টি আঁতৰাই ৰাখি মুছলমানৰ ভয় দেখুৱাই অনবৰতে ধৰ্মীয় বিভাজনৰ ৰাজনীতিত জনসাধাৰণক ব্যস্ত কৰি ৰাখিবলৈ চেষ্টা কৰিছে। ফলস্বৰূপে, ধৰ্মীয় সংখ্যালঘু, অন্যান্য সংখ্যালঘু আৰু পিছপৰা সম্প্ৰদায়সমূহ বিভিন্ন অত্যাচাৰ আৰু উৎপীড়নৰ সন্মুখীন হৈছে।

Apply Now

এই পৰিস্থিতিৰ মাজতে যোৱা লোকসভা নিৰ্বাচনৰ আগে আগে ৰাহুল গান্ধীয়ে সমগ্ৰ ভাৰততে আৰম্ভ কৰা ‘ভাৰত জোড়ো যাত্ৰা’ই জনসাধাৰণৰ মাজত বিপুল সমৰ্থন লাভ কৰে। বিৰোধী দলসমূহে একগোট হৈ ‘ইণ্ডিয়া মৰ্চা‘ গঠন কৰিলে। বিৰোধীৰ ঐক্যবদ্ধ প্ৰচেষ্টা আৰু জনসাধাৰণৰ সমৰ্থনৰ বাবে ‘ইচবাৰ চাৰশ পাৰ’ ধ্বনি দিয়া স্বত্বেও বিজেপিয়ে মাত্ৰ ২৪০ খন আসনহে লাভ কৰিবলৈ সক্ষম হ’ল। তথাপিও, নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সমৰ্থনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বতে দ্বিতীয় বাৰলৈ কেন্দ্ৰত এনডিএ চৰকাৰ হ’ল।

বিশিষ্ট ব্যক্তিসকলে একক সংখ্যাগৰিষ্ঠতা নোপোৱাৰ বাবে বিজেপি চৰকাৰ কিছু নমনীয় হ‘ব বুলি ভবা হৈছিল যদিও বাস্তৱত তাৰ সম্পূৰ্ণ ওলোটাটো দেখা পোৱা বুলি মন্তব্য কৰিছে। লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত বিজেপিয়ে আগতকৈ নিজকে সাংগঠনিকভাৱে অধিক সংহত কৰি নিৰ্বাচন জিকাৰ ৰণকৌশল সলাই পেলালে। নিৰ্বাচন আয়োগ, ভোট ক্ৰয়, ইডি আৰু চিবিআইৰ ব্যৱহাৰৰ জৰিয়তে বিৰোধীক চেদেলি-ভেদেলি কৰি কেনেদৰে হাৰিয়ানা, মহাৰাষ্ট্ৰ আৰু বিহাৰত নিৰ্বাচন জিকা হ’ল সেয়া সকলোৱে প্ৰত্যক্ষ কৰিছে।

গোহাৰিটোত ভাৰতীয় জনতা পাৰ্টিৰ উদ্দেশ্য স্পষ্ট বুলি উল্লেখ কৰিছে যে তেওঁলোকে বিৰোধীক সম্পূৰ্ণৰূপে নিশকতীয়া কৰি ধনবল, চৰকাৰী যন্ত্ৰ, প্ৰচাৰ মাধ্যম আৰু হিতাধিকাৰী আঁচনিৰ যোগেদি নিৰ্বাচনী প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰি, স্থায়ীভাৱে ক্ষমতাত থাকিব বিচাৰে। তেওঁলোকে আইনৰ শাসন, গণতান্ত্ৰিক অনুষ্ঠানৰ স্বতন্ত্ৰতা, ন্যায়পালিকাৰ স্বাধীনতা আৰু বহুদলীয় গণতন্ত্ৰত বিশ্বাস নকৰে। তেওঁলোকে ভাৰতৰ সংবিধানৰ ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক চৰিত্ৰত বিশ্বাস নকৰা বুলিও অভিযোগ কৰা হৈছে।

অসমৰ পৰিস্থিতিও সৰ্বভাৰতীয় পৰিস্থিতিতকৈ কোনো গুণেই বেলেগ নহয় বুলি ব্যক্তিসকলে উদ্বেগ প্ৰকাশ কৰিছে। অসমত মুখ্যমন্ত্ৰীৰ মুখৰ কথা আৰু মইমতালীয়েই আইন হৈ পৰিছে। অসমৰ ভূমি, নদ-নদী আৰু দুৰ্লভ খনিজ সম্পদ ক্ৰমান্বয়ে বাহিৰৰ বণিয়াক গটাই দিয়া হৈছে আৰু চাৰিওফালে আদানী-আম্বানীৰ দপদপনি দেখা গৈছে। এই সময়ছোৱাৰ মাজতে জুবিন গাৰ্গৰ মৃত্যুৱে অসমক জোকাৰি গ‘ল আৰু জুবিনৰ ন্যায়ৰ প্ৰশ্নটো অসমৰ ন্যায়ৰ প্ৰশ্নৰ সৈতে সানমিহলি হৈ পৰিল। এনে পৰিস্থিতিত ২০২৬ৰ অসম বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ‘ব।

বিশিষ্ট ব্যক্তিসকলে দৃঢ়তাৰে কৈছে যে অসমত এতিয়া কোনো এটা বিৰোধী ৰাজনৈতিক দলৰেই এককভাৱে ভাৰতীয় জনতা পাৰ্টিৰ সৈতে মোকাবিলা কৰাৰ শক্তি নাই। কেৱল গাণিতিক হিচাপ-নিকাচেৰে নিৰ্বাচন জিকাৰ সময় এয়া নহয়। অসমৰ সকলো বিৰোধী ৰাজনৈতিক দল, নাগৰিক সমাজ আৰু সকলো অংশৰ জনসাধাৰণক ঐক্যবদ্ধ কৰি এটি জনজাগৰণৰ সৃষ্টি কৰিব নোৱাৰিলে ২০২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাটো অসম্ভৱ। অসম নাগৰিক সন্মিলনৰ তৰফৰ পৰা ছজনীয়া গোট এটাই প্ৰায় এবছৰ ধৰি বিৰোধী ৰাজনৈতিক দলসমূহক ঐক্যবদ্ধ কৰিবলৈ চেষ্টা কৰি আহিছিল, কিন্তু পৰিতাপৰ কথা যে আজি পৰ্যন্ত কাৰ্যতঃ সেইটো হৈ উঠা নাই। গোহাৰিটোত সকলোকে দলীয় সংকীৰ্ণতাৰ উৰ্দ্ধলৈ গৈ অসমৰ ৰাইজৰ স্বাৰ্থত ঐক্যবদ্ধ হ‘বলৈ আহ্বান জনাই সকীয়াই দিছে যে যদি এতিয়াও ঐক্যবদ্ধ নহয়, তেন্তে সকলোৱে সময়ত তাৰ পৰিণাম ভুগিব লাগিব আৰু ইতিহাসে কাকো ক্ষমা নকৰিব।

গোহাৰি প্ৰদান কৰাসকল:

ড॰ হীৰেন গোহাঁই, হৰেকৃষ্ণ ডেকা, থমাছ মেনামপৰমপিল, হাইদৰ হুছেইন, অপূৰ্ব শৰ্মা, অজিত কুমাৰ ভূঞা, ড॰ তপোধীৰ ভট্টাচাৰ্য্য, ড॰ দুলাল চন্দ্ৰ গোস্বামী, ড॰ পৰমানন্দ মহন্ত, ড॰ অৰূপা পটংগীয়া কলিতা, ড॰ চন্দ্ৰ মোহন শৰ্মা, লক্ষ্মীনাথ তামুলী, ধীৰেন্দ্ৰ নাথ শইকীয়া, মুনীন বায়ন, অৰূপ বৰবৰা, নীলিম কুমাৰ, ময়ূৰ বৰা, আব্দুল মান্নান, হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঁঞি, পৰেশ মালাকাৰ, হাফিজ ৰছিদ আহমেদ চৌধুৰী, লোকনাথ গোস্বামী, ড॰ পদ্মপাণি, ডাঃ তৌফিক ৰহমান বৰবৰা, প্ৰভাত বৰা, সীতানাথ লহকৰ, ড॰ পৰমানন্দ মজুমদাৰ, জ্যোতিৰ্ময় জানা, ডাঃ জীৱন দত্তবৰুৱা, বেনাৰ্ড কে মাৰাক, দীপক গোস্বামী, অজিত চন্দ্ৰ তালুকদাৰ, চম্পক বৰবৰা, জ্ঞানেন বৰকাকতী, মুনীন শৰ্মা, ড॰ মহেন্দ্ৰ আহোম, শিৱানন্দ কাকতি, ৰাজেন কলিতা, ৰবীন দত্ত, ড০ সন্ধ্যা গোস্বামী, ৰাণী গোহাঁই, পূৰ্ণেশ্বৰ নাথ, মনীষা বেহেল, ড॰ ইন্দ্ৰাণী দত্ত, ৰশ্মি গোস্বামী, হেমন্ত দাস, অনুপমা বসুমতাৰী, মাইনী মহন্ত, জুৰি বৰা বৰগোহাঁঞি, মনোৰম গগৈ, জুনু বৰা, শান্তনু বৰঠাকুৰ, দেৱেন তামুলী, পবিত্ৰপ্ৰাণ গোস্বামী, ড॰ কিশোৰ ভট্টাচাৰ্য্য, দ্বীপেন কাকতি, কমলেশ গুপ্তা, উজ্জ্বল ভৌমিক, উদয়ন বিশ্বাস, প্ৰণৱজ্যোতি ডেকা, কিশোৰ কুমাৰ কলিতা, খবিৰ আহমেদ, ভূষণ জ্যোতি সন্দিকৈ, জয়ন্ত বৰগোহাঁই, শংকৰ শইকীয়া, ড॰ সৌৰভ প্ৰাণ গোস্বামী, ডাঃ হাফিজ আহমেদ, সমীন্দ্ৰ হুজুৰী, ড॰ গৰিমা কলিতা, ড॰ গোলাপ ডেকা, শৰৎ চন্দ্ৰ নেওগ, সঞ্জয় কুমাৰ তাঁতী, দিলীপ কুমাৰ বৰদলৈ, ডাঃ ভবেশ ভাগৱতী, ডাঃ অনিল কুমাৰ চৌধুৰী, নজিবুদ্দিন আহমেদ, নিৰঞ্জন মহন্ত, প্ৰমোদ চন্দ্ৰ মহন্ত, ত্ৰিদীব দত্ত, পদ্মলোচন নাথ, প্ৰণৱ দলে, নীৰেন ঠাকুৰীয়া, মুনী কাকতি, নাৰায়ণ দেৱনাথ, জয় গোবিন্দ শইকীয়া, ৰিপুঞ্জয় গগৈ, মছদ্দৰ হুছেইন, অমৰেন্দ্ৰ নাথ শৰ্মা, ইছমাইল আলি, আব্দুল চালাম, অহিজুদ্দিন শ্বেখ, শব্দ ৰাভা, প্ৰভাত দাস পানিকা, আদিত্য ৰাভা, গোবিন্দ ৰাভা, উমেশ গোস্বামী, ৰশ্মিৰেখা বৰা, ডাঃ সীমান্ত কোঁৱৰ, বিৰিঞ্চি বৰা, সুব্ৰত তালুকদাৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

June 23, 2026 9:13 pm
লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

June 23, 2026 8:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd