• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তথ্য জনাৰ অধিকাৰ ২০০৫-ক চৰম ভেঙুচালি মন্ত্ৰী হিমন্তৰ গড়কাপ্টানী বিভাগৰ

ডেৰ মাহত যোৱাৰ পাছতো যোগান নধৰিলে বিচৰা তথ্য

এন ই নাও নিউজ by এন ই নাও নিউজ
October 29, 2019 10:05 pm
PWD_RTI
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য চৰকাৰৰ দক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন গড়কাপ্টানী বিভাগে তথ্য জনা অধিকাৰ ২০০৫-অক চৰম ভেঙুচালি কৰাৰ তথ্য পোহৰলৈ আহিছে।

অভিযোগ মতে, নিৰ্ধাৰিত সময়সীমাৰ পৰাও ১৭ দিন পাৰ হৈ যোৱাৰ পাছতো বিভাগটোৱে যোগান ধৰিব নোৱাৰিলে বিচৰা কিছু বিভাগীয় তথ্য।

Apply Now

দেশৰ প্ৰশাসন যন্ত্ৰক স্বচ্ছ আৰু দুৰ্নীতিমুক্ত কৰাৰ লগতে জনসাধাৰণক চৰকাৰৰ বিভিন্ন কাম-কাজৰ বিষয়ে জনাৰ সুযোগ প্ৰদান কৰাৰ বাবে ২০০৫ চনত প্ৰৱৰ্তন কৰা হৈছিল তথ্য জনাৰ অধিকাৰ আইন। নিয়ম অনুসৰি আইনখনৰ অধীনত তথ্য বিচাৰি আবেদন কৰিলে এমাহৰ ভিতৰত সেই তথ্য যোগান ধৰিব লাগে চৰকাৰৰ সংশ্লিষ্ট বিভাগে।

কিন্তু মন্ত্ৰী হিমন্তৰ বিভাগটোৱে যোৱা ১১ ছেপ্টেম্বৰত কল্পজ্যোতি শইকীয়াই নামৰ এজন যুৱকে তথ্য জনাৰ অধিকাৰ আইন, ২০০৫-ৰ অধীনত দাখিল কৰা তথ্য বিচৰা আবেদন আজি প্ৰায় ডেৰ মাহ ধৰি কোনো উত্তৰ নিদিয়াকৈ পেলাই ৰাখে।

কল্পজ্যোতি শইকীয়াই তেওঁৰ আৱেদনখনত ৰাজ্যৰ কাঠৰ আৰু পকী দলং নিৰ্মাণ সম্পৰ্কীয় ২০১৮ আৰু ২০১৯ চনৰ কিছু তথ্য বিচাৰিছিল।

কিন্তু আইনখনলৈ কোনো কেৰেপ নকৰি কল্প শইকীয়াৰ আবেদনখন বিভাগটোৱে চূড়ান্ত অৱহেলাৰে পেলাই ৰাখে বুলি জানিব পৰা গৈছে।

আজি শইকীয়া সোঁশৰীৰে গৈ চান্দমাৰিস্থিত গড়কাপ্টানী বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্য্যালয়ত উপস্থিত হয় আৰু আবেদনখনৰ স্থিতি জানিব বিচাৰে। কিন্তু তেওঁক যথাযথ উত্তৰ দিয়াৰ পৰিৱৰ্তে বিভাগটোৱে এটা শাখাৰ পৰা আন এটা শাখালৈ দৌৰাই ফুৰে শইকীয়াক।

আনকি প্ৰথম অৱস্থাত বিভাগটোৰ লোকে তথ্য বিচাৰি তেওঁলোকলৈ তেনে নামৰ কাৰো আবেদন অহা নাই বুলিহে কয় এগৰাকী বিষয়াই।

পিছত, আবেদনৰ গ্ৰহণ কৰি দিওঁতে লাভ কৰা ৰচিদ দেখুওৱাতহে তেওঁলোকে ১১ ছেপ্টেম্বৰৰ দিনাই আৰ টি আই শাখালৈ আবেদনখন প্ৰেৰণ কৰিছে বুলি জানিবলৈ দিয়ে।

তেতিয়া শইকীয়াই আৰ টি আই শাখালৈ গৈ এই কথা জানিবলৈ দিয়াত শাখাটোৰ বিষয়াজন আৰ টি আই আবেদনখন বিচৰাত ব্যস্ত হৈ পৰে। তাৰ পাছত তেওঁ যোৱা ১৬ ছেপ্টেম্বৰত ষ্টেইট ব্ৰীজ শাখা আৰু কমিউনিকেশ্যন শাখালৈ তথ্য বিচাৰি এখন পত্ৰ ইতিমধ্যে প্ৰেৰণ কৰিছে বুলি জানিবলৈ দিয়ে।

অৱশ্যে, ১৬ ছেপ্টেম্বৰত শাখা দুটালৈ পত্ৰ প্ৰেৰণ কৰা হৈছিল বুলি বিষয়াগৰাকীয়ে কৈছিল যদিও গড়কাপ্টানী বিভাগ(পথ)ৰ PIO & S.E বি কে দাসে পত্ৰখনত ১৯ ছেপ্টেম্বৰত স্বাক্ষৰ কৰা দেখা গৈছে।

পত্ৰখনৰ জৰিয়তে শাখা দুটালৈ আৰ টি আই আইনৰ ৫(৪) ধাৰাৰ অধীনত তথ্যখিনি দিবলৈ অনুৰোধ জনোৱা হৈছিল।

ইপিনে শইকীয়াই এই পত্ৰখনৰ প্ৰতিলিপি লাভ কৰাৰ পিছত কমিউনিকেশ্যন বিভাগলৈ গৈ আৰ টি আই আবেদনখনৰ কথা জানিব বিচৰাত তেওঁলোকে পত্ৰখন লাভ কৰা বুলি স্বীকাৰ কৰে যদিও তথ্যখিনি দিয়াত অলপ সময় লাগিব বুলি কয়।

উল্লেখ কৰিব পাৰি যে, কিছুদিন পূৰ্বে দিপুলজ্যোতি হাজৰিকা নামৰ আৰ টি আই কৰ্মী এজনকো ৰাজ্যৰ উদ্যমিতা বিভাগে এবছৰৰ মূৰত আৰ টি আই আবেদনৰ উত্তৰ দিছিল য’ত তেওঁ বিচৰা তথ্যৰ ফাইলটো হেৰাল বুলি উল্লেখ আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd