NORTHEAST NOW (Assamese)

অহা ৩০ ডিচেম্বৰত অনুষ্ঠিত হ’ব অসম লোকসেৱা আয়োগৰ সংযুক্ত পৰীক্ষা (প্ৰাঃ)

November 27, 2018 8:15 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি।

আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই যদিও এক সূত্ৰৰ পৰা জানিব পৰা মতে অসম লোকসেৱা আয়োগৰ ২০১৮ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা অহা ৩০ ডিচেম্বৰত অনুষ্ঠিত কৰা সম্ভাৱনা আছে।

অসম লোকসেৱা আয়োগ কৰ্তৃপক্ষৰ তৰফৰ পৰা এই পৰ্যন্ত পৰীক্ষাৰ দিন আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই যদিও সোমবাৰে আয়োগৰ সচিবে ৰাজ্যৰ সকলোবোৰ জিলাৰ সংশ্লিষ্ট কৰ্তৃপক্ষলৈ এক বাৰ্তা যোগে উক্ত দিনটোতে প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে যোৱা ২৪ নৱেম্বৰত হ’বলগীয়া প্ৰাৰম্ভিক পৰীক্ষা কিছু অসুবিধাৰ বাবে স্থগিত ৰখা হোৱা বুলি আয়োগে এক জাননী যোগে জনাইছিল। তদুপৰি পৰৱৰ্তী সময়ত উক্ত প্ৰাৰম্ভিক পৰীক্ষাৰ নতুন দিন ঘোষণা কৰা হ’ব বুলিও কৈছিল।

সেই মৰ্মে এতিয়া আয়োগে অহা ৩০ ডিচেম্বৰত উক্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে।

Related News