NORTHEAST NOW (Assamese)

বান পৰিস্থিতিৰ বাবে পিছুৱাই দিয়া হ’ল APSCৰ মূল পৰীক্ষা

July 17, 2019 8:04 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

ৰাজ্যত অব্যাহত থকা বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম লোকসেৱা আয়োগ (APSC) এ অহা ২২ জুলাইৰ পৰা অনুষ্ঠিত হ’বলগীয়া সংযুক্ত প্ৰতিযোগিতামূলক (মূল) পৰীক্ষাৰ দিন পিছুৱাই দিয়ে।

আজি অনুষ্ঠিত এক আলোচনা মৰ্মে উক্ত সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি এক বিভাগীয় প্ৰেছ বিজ্ঞপ্তি যোগে APSCৰ সচিব গৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

সেই অনুসৰি পূৰ্বে নিৰ্ধাৰিত ২২ৰ পৰা ৩১ জুলাইলৈ হ’বলগীয়া পৰীক্ষাৰ সমূহৰ সময়সূচী বদলি কৰা হৈছে। অৱশ্যে ২ৰ পৰা ৯ আগষ্টলৈ থকা পৰীক্ষাসমূহ পূৰ্বৰ সূচী মতেই অনুষ্ঠিত হ’ব।

পৰীক্ষাৰ বিতং সময়সূচী শীঘ্ৰে ঘোষণা কৰাৰ লগতে প্ৰাৰ্থীসকলকৰ বাবে নতুন ই-নামভৰ্তি (e-Admission) প্ৰমাণপত্ৰ প্ৰকাশ কৰা হ’ব বুলি বিজ্ঞপ্তিটোত উল্লেখ কৰা হয়।

Related News