• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ASDM ৰ প্ৰাক্তন MD এপি তিৱাৰীৰ কাৰ্যকালত দক্ষতা বিকাশৰ নামত অহা ৪৮৭ কৌটি টকাৰ সদব্যৱহাৰক লৈ নিমাত মন্ত্রী চন্দ্রমোহন পাটোৱাৰী- অভিযোগ APW ৰ

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
December 28, 2021 4:14 pm
APW
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি গৌৰীসদনত APW য়ে এক সংবাদমেল সম্বোধন কৰি ASDM” ৰ প্ৰাক্তন MD এপি তিৱাৰীৰ কাৰ্যকালত দক্ষতা বিকাশৰ নামত অহা ৪৮৭ কৌটি টকাৰ সদব্যৱহাৰক লৈ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী নিমাত বুলি অভিযোগ কৰে।

সংবাদ মেলত APW এ কয়, “অসমত বিগত কেইটামান বছৰত ব্যাপক হাৰত দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিয়া হৈছে। কেৱল মাত্র দক্ষতা বিকাশৰ প্ৰশিক্ষণৰ বাবেই অসমত আছে বিধে বিধে সংস্থা।

Apply Now

ভাৰতৰ প্ৰধানমন্ত্রীৰ এটা মিছন আছিল দক্ষতা বিকাশ। সপোন আছিল দক্ষতা বিকাশে পৰিপক্ক মানুহৰ সৃষ্টি কৰিত, নিবনুৱাৰ সংখ্যা হ্রাস কৰিব, দুখীয়া মানুহ আর্থিকভাবে স্বচ্ছল হ’ব।

এই উদ্দেশ্যৰ বাবেই বিভিন্ন আঁচনিৰ জৰিয়তে দেশত দক্ষতা বিকাশৰ নামত হেজাৰ হেজাৰ কোটি টকা বিগত পাঁচ ছয় বছৰ খৰচ কৰা হৈছে। সমগ্ৰ দেশৰ প্রেক্ষাপটৰ কথা আমি কবলৈ নাযাও কিন্তু বিগত দুটা মাহত অসমৰ পক্ষতা বিকাশৰ কামত নিয়োজিত বিভিন্ন বিভাগ তথা সংস্থাৰ বিষয়ে কিছু অনুসন্ধান চলাই আমাৰ চকুত পৰা কিন্তু কথা ব্যক্ত কৰাৰ উদ্দেশ্যে আজিব এই সংবাদমেলৰ আয়োজন কৰা হৈছে।

প্রথম কথা অসমৰ কেইটামান দক্ষতা বিভাশর প্রশিক্ষণ দিৱাৰ উদ্দেশ্যে কাম কৰা সংস্থা হ’ল-ASSAM STATE URBAN LIVELIHOODS MISSION, ASSAM STATE RURAL LIVELIHOODS MISSION, ASSAM SKILL DEVELOPMENT MISSION, ASSAM BUILDING & OTHERS CONSTRUCTION WORKERS WELFARE BOARD ইত্যাদি।

ইয়াৰ কিছু সংস্থা শ্রম বিভাগৰ আৰু কিছু দক্ষতা বিকাশ বিভাগৰ অন্তৰ্গত।

প্রকৃত কথাটো হ’ল যে দক্ষতা বিকাশৰ প্রশিক্ষণৰ নীতি নিয়মবোধ কি? প্রশিক্ষার্থী সকলক একগোট কৰি বিভিন্ন জিলাৰ বিভিন্ন কেন্দ্রত, দক্ষতা বিকাশৰ প্রশিক্ষণ দিব পৰাৰ যোগ্যতা থকা প্রশিক্ষকৰ দ্বাৰা প্রশিক্ষণ দি বিভিন্ন কৌশলত বিধে বিধে প্রশিক্ষার্থীসকলক দক্ষ কৰি পৰীক্ষা পাতি দক্ষতা বিকাশৰ প্রশিক্ষণ প্রাপ্তিৰ পৰীক্ষাত উত্তীর্ণ হোৱান প্রমাণপত্ৰ প্ৰদান কৰা।

কোনো কোনো সংস্থাৰ ক্ষেত্ৰত তেওঁলোকে প্ৰশিক্ষার্থী সকলক সংস্থাপন পর্যন্ত দিয়াৰ বাবে ব্যৱস্থা কৰাৰ দিহা আছে।

ওপৰৰ প্ৰসংগত উল্লেখিত বিষয়ত প্ৰশিক্ষার্থীসকলক প্রশিক্ষণ প্রদানৰ বাবে কিছুমান সংস্থা নিয়োগ করা হয়।

দক্ষতা বিকাশৰ নামত থকা আটাইকেইটা বিভাগতে দুই তিনিজন বিশেষ ব্যক্তিয়ে বিভিন্ন কাচাজিৰে প্ৰশিক্ষণৰ সকলো কাম আদায় লৈ আহিছে। বিভাগ যিয়েই নহওক কিয় প্ৰশিক্ষার্থীসকলৰ প্ৰশিক্ষণৰ বাবদ প্রতিদিনে চাহৰ পৰা ভাতলৈ প্ৰতিজন প্ৰশিক্ষাৰ্থীৰ বিপৰীতে ধন আবন্টন দিয়া হয়।

অকল চাহ ভাতৰ বাবেই প্ৰতিটো কেন্দ্ৰত বিয়াগোম ধন আদায় দিয়া হয়। কিন্তু একাপ ৰঙা চাহ দুখন নিমৰ্থীয়া বিস্কুট ভাতৰ নামত ভূচি দাইলৰ নামত পানী খুৱাই প্ৰশিক্ষার্থীসকলৰ নামত আৱণ্টিত লাখ লাখ টকা এই ছিণ্ডিকেট চক্রই যোৱা পাচ ছয় বছৰে হৰলুকি কৰি আহিছে।

ইয়াৰ উপৰি প্ৰতিজন প্ৰশিক্ষাৰ্থীৰ নামত দৈনিক ভাট্টা হিচাপে ধন নিৰ্ধাৰণ কৰা থাকে। ডেৰ-দুমহীয়া একোটা প্ৰশিক্ষণৰ পাচত প্ৰতিগৰাকী প্ৰশিক্ষার্থীয়ে অতিকমেও পোন্ধৰ-ষোল হাজাৰ টকা আদায় পাব লাগে।

কিন্তু কিছুসংখ্যক প্রশিক্ষার্থীক সম্পূর্ণ প্রাপ্য আদায় দি বাকীখিনিক কাৰোবাক ৪০০০ কাৰোবাক ৮০০০ টকা দি বাকী কিস্তিৰ ধন এটকাও আদায় নিদিয়ে। এনেকুৱা প্ৰশিক্ষার্থীও আছে যি এটা টকাও আজিলৈ আদায় নাপালে।

একোজন প্ৰাৰ্থীৰ পৰা দুহেজাৰ টকাও যদি হৰলুকী কৰা হয়। গোটেই ৰাজ্যজুৰি লাখ লাখ প্ৰশিক্ষার্থীৰ পৰা কিমান টকাৰ হৰলুকী হ’ব পাৰে আপোনালোকে চিন্তা কৰিব।

তেনেকুৱা এটা সংস্থাৰ নাম Assam Building & Others Construction Workers Welfare Board য’ত ২০১৮ চনতে বিভিন্ন শ্রমিক দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিয়াৰ নামত প্রায় ৭৫ কৌটি টকা খৰচ কৰা হৈছিল। উক্ত প্ৰশিক্ষণৰ তিনিবছৰ উকলি যোৱাৰ পাছতো এই বিভাগটোৱে আজিৰ তাৰিখলৈ তেনে বহু প্ৰশিক্ষার্থীৰ ধন আদায় দিয়া নাই।

আজিৰ পৰা মাত্ৰ কেইটামান দিন আগতে যোৱা ১৪ ডিচেম্বৰ, ২০২১ তাৰিখে এই সম্পর্কত কেইজনমান প্ৰশিক্ষার্থীয়ে তিনিবছৰ পাৰ হৈ যোৱাৰ পাচতো এটকাও ধন আদায় নোপোৱাত মহানগৰীৰ দিশপুৰ থানাত এজাহাৰ দাখিল কৰিছে। তেওঁলোকে সন্দেহ কৰিছে তেওঁলোকৰ নামত আৱন্টিত ধন ভূৱা প্রশিক্ষার্থীৰ নামত প্রশিক্ষণ দিয়া সংস্থাই হবলুকি কৰিছে। আৰক্ষীক তেওঁলোকে এই সম্পর্কত এক তদন্তৰ বাবে আবেদন জনাইছে যদিও উক্ত ছিণ্ডিকেট চক্ৰৰ প্ৰভাৱতেই হওক বা অন্য কোনো অদৃশ্য শক্তিৰ হস্তক্ষেপতেই হওক এজাহাৰ দাখিলৰ দুসপ্তাহ পাৰ হোৱাৰ পাছতো গোচৰ ৰুজু কৰাৰ পৰা আৰক্ষী বিৰত আছে।

এটি সংস্থাক নিৰাপত্তা দিয়াৰ উদ্দেশ্যে উলিয়াই দিয়া BOCWWB / SDT / Letter Correspondence/01/1958 নম্বৰৰ নিৰ্দেশনাটো। উক্ত নির্দেশনা সমগ্র অসমৰ শ্রমবিভাগৰ বিষয়াই পাওক বা নাপাওক কিন্তু প্রশিক্ষণ দিয়া সংস্থাই উক্ত নির্দেশনাৰ আলম লৈ সসম্মানে থানাৰ পৰা ওলাই আহে। তিনিবছৰ ধৰি হাত সাৱতি বহি থকা অনুসুয়া দত্ত বৰুৱা নামৰ এইগৰাকী বিষয়াই এজাহাৰ দাখিল হোৱা বুলি গম পাইয়েই সংস্থাক বচাবলৈ উলিয়াই দিয়া এনে নির্দেশনাই কি সুচাইছে?

লক্ষণীয় যে এইগৰাকী শ্রম বিষয়াৰ নাম আকৌ নতুনকৈ দিবলগীয়া Nominated IAS ৰ তালিকাত আছে। ভালকৈ তদন্ত কৰিলে এত্তৰ পদোন্নতি হ’ব নে জেল গমন হয় সেয়া নিশ্চিত হ’ব। আটাইতকৈ ডাঙৰ কথা এই সংস্থাসমূহৰ ওপৰত এনে কোনো শক্তিৰ হাত আছে যাৰ বাবে বাৰে বাবে অভিযোগ।
দাখিলৰ পাচতো চৰকাৰে আজিলৈ তদন্ত ঘোষণা কৰাৰ সাহস কৰা নাই।

Assam Skill Development Mission চমুকৈ ASDM মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীৰ হাততেই যোৱা প্রায় ছয় বছৰে পৰিচালিত হৈছে। ২০১৭-১৮ ৰ পৰা এতিয়ালৈ বিভাগটোৰ নামত আবণ্টিত হৈছে প্রায় ৪৮৭ কৌটি টকা।

এতিয়া লাজৰ কথাটো হ’ল ৪৮৭ কোটি টকাৰ আৱণ্টন পোৱা বিভাগটোৱে তেওঁলোকৰ পৰা প্ৰশিক্ষণ লৈ নিযুক্ত হোৱা প্ৰশিক্ষার্থীৰ তালিকাখন দিবলৈ অপাৰগ।

৪৮৭ কৌটি টকাৰ বিনিময়ত ৰাজ্যখনৰ দক্ষতা বিকাশ কৰা প্রশিক্ষার্থীখিনি কোন ক’ত কেনেকৈ সংস্থাপিত হৈছে সেয়া জনাবলৈ অপাৰগতা প্রকাশ কৰি আইনৰ বিভিন্ন দফাৰ উল্লেখ কৰা এইটোৱেই চাগে বিশ্বৰ একমাত্র বিভাগ। ব্যক্তিগত প্ৰতিষ্ঠানৰ ক্ষেত্ৰত তেওঁলোকে প্রশিক্ষণ দি সফলভাৱে নিযুক্তি দিয়া মানুহৰ হডিং লগাই বিজ্ঞাপন দিয়ে।

কিন্তু ৪৮৭ কৌটি টকাৰ বিনিময়ত আমি দেখিবলৈ পাও মহানগৰীৰ ISBT ৰ সমীপত এটা কেরামহলীয়া অত্যাধুনিক অট্টালিকা। ৪৮৭ কোটিৰ সদব্যৱহাৰ হোৱা হ’লে অসমৰ প্ৰায় ৫০% শতাংশ মান নিবনুৱা সমস্যা নিজে নিজেই নাইকীয়া হলহেতেন বুলি আমি ভাবো। ASDM ৰ প্ৰাক্তন সঞ্চালক এপি তিৱাৰীৰ কাৰ্যকালৰ সফলতা বিফলতাৰ হিচাপ কৰিবলৈ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীৰ আজিকোপতি সাহস নহ’ল।

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd