• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেব গৃহীত হ’লে অসমৰ পৰিস্থিতি কি হ’ব সেই বিষয়ে কেন্দ্ৰক কি আশ্বাস দিছিল সৰ্বা-হিমন্তই?

এন ই নাও নিউজ by এন ই নাও নিউজ
December 11, 2019 4:32 pm
sarbananda-sonowal-with-himanta-biswa-sarma_650x400_41463667122

সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা। ফাইল ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ ওপৰত বিতৰ্ক চলি আছে আৰু ইপিনে অসম কেব বিৰোধিতাৰে অগ্নিগৰ্ভ হৈ উঠিছে।

নাগৰিকত্ব সংশোধনী বিধেয়কখন সম্পৰ্কে অসমৰ জনসাধাৰণৰ মনৰ ভাষা কেন্দ্ৰই বুজি নাপালে। সেয়েহে বিভিন্ন জাতীয় দল-সংগঠনৰ বিৰোধিতাৰ পাছতো বিজেপিয়ে বিধেয়কখন গৃহীত কৰাৰ বাবে সিদ্ধান্ত ল’লে।

Apply Now

কেন্দ্ৰৰ দেচোৱালী নেতৃত্বৰ চৰকাৰখনৰ অসম তথা উত্তৰ-পূবৰ জনসাধাৰণৰ আবেগ অনুভুতিৰ প্ৰতি যে বিশেষ গুৰুত্ব নাই সেয়া বোধগম্য। কিন্তু আমাৰ অসমৰ নেতৃত্বৰ?

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সেনাপতি হিমন্ত বিশ্ব শৰ্মাই অসমীয়াৰ আবেগ-অনুভুতি বুজি নাপালে কিয়?

ক্ষমতাৰ খকত জাতিটোৰ আবেগ জলাঞ্জলি দি কেন্দ্ৰক বিধেয়কখন উত্থাপনৰ বাবে উৎসাহিত কৰাটো সঁচাকৈয়ে লজ্জাজনক ঘটনা।

এই মুহূৰ্তত ৰাজধানী চহৰখনতে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে স্বত:স্ফুৰ্তভাৱে ওলাই অহা জনতাৰে ৰাজপথ ভৰি পৰিছে।

প্ৰতিবাদকাৰীসকলে একেমুখে ক’বলৈ বাধ্য হৈছে যে দিল্লীৰ জাতিধ্বংসী ষড়যন্ত্ৰক প্ৰশ্ৰয় দিয়া সৰ্বা-হিমন্তই হৈছে এইসময়ত অসমীয়াৰ মূল শত্ৰু।

কিন্তু কি কাৰণে সৰ্বা-হিমন্তই কেন্দ্ৰীয় নেতৃত্বক অসমীয়াৰ স্বাৰ্থৰ বিষয়ে সজোৰে পতিয়ন নিওৱাত ব্যৰ্থ হ’ল। উত্তৰ মাথোঁ এটাই হ’ব পাৰে আৰু সেয়া হৈছে ক্ষমতাৰ মোহ।

অসমীয়াই জাতীয় নায়কৰ সন্মান দিয়া মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সততে নিজকে ৰাজনীতিৰ ৰূপৰেখা তৈয়াৰ কৰাত বিশেষজ্ঞ হিচাপে দখল সাৱ্যস্ত কৰিব বিচৰা হিমন্ত বিশ্ব শৰ্মাই আজিৰ ৰাজপথৰ প্ৰতিবাদী আন্দোলনটোৰ সম্ভাৱনা অনুমান কৰিব নোৱাৰা বুলি ক’লে কোনোবাই বিশ্বাস কৰিবনে?

জানিব পৰা মতে, সৰ্বা-হিমন্তই কেন্দ্ৰক কেব আনিলে ৰাজ্যখনৰ পৰিস্থিতি চম্ভালি ল’ব বুলি কেন্দ্ৰক আশ্বাস দিছিল। যাৰ বাবে অমিত শ্বাহৰ নেতৃত্বত বিজেপিয়ে কেব অনাৰ ক্ষেত্ৰত অসমৰ সম্ভাৱ্য পৰিস্থিতিৰ কথা উপেক্ষা কৰিলে।

স্বাভাৱিকতে প্ৰশ্ন হয় যুটীয়া সংসদীয় কমিটিয়ে অসমলৈ আহোতে ৰাজ্যখনৰ জনসাধাৰণে ব্যাপক ৰূপত বিধেয়কখনৰ বিৰোধিতা কৰি সাক্ষ্য প্ৰদান কৰিছিল।

অসমৰ ৰাইজৰ মতামতক গুৰুত্ব নিদি কিয় জোৰ জবৰদস্তি বিধেয়কখন জাপি দিব বিচৰা হৈছে সেয়া গমি চালে সহজতেই অনুমান কৰিব পাৰি যে সৰ্বা-হিমন্তৰ সেউজ-সংকেত নাপালে সেয়া কেতিয়াও সম্ভৱ নহয়।

আনহাতে, সংবাদ মাধ্যমৰ লগতে বিভিন্ন সময়ত হিমন্ত বিশ্ব শৰ্মাই কেবৰ সমৰ্থন কেবল যে প্ৰচাৰে চলাইছিল এনে নহয়, তেওঁ অসমীয়াৰ আবেগ-অনুভুতিকো প্ৰায়ে ভেঙুচালি কৰি আহিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd