সকলো মিলেনে? ২০১৪ আৰু ২০১৯ চনৰ ‘এক্সিট প’ল’ কিমান সঠিক আছিল? চাওক কি কয় তথ্যই

প্ৰায় ডেৰ মাহ ধৰি চলা সাতটা পৰ্যায়ৰ ‘ভোটগ্ৰহণ’ৰ শনিবাৰে অন্ত পৰিল। যিকোনো নিৰ্বাচনৰ পিছত আটাইতকৈ কৌতুহলৰ বিষয়টো হ’ল ‘এক্সিট প’ল’। ২০২৪ চনৰ লোকসভা নিৰ্বাচনো ইয়াৰ ব্যতিক্ৰম নহয়। নিৰ্বাচনৰ অন্ত পৰাৰ পিছতে বিভিন্ন সমীক্ষা সংস্থাই তেওঁলোকৰ পৰিসংখ্যা প্ৰকাশ কৰিছে। কিন্তু এই হিচাপ সদায় নিমিলে, সেইটোও সঁচা।

এক্সিট প’লৰ ফলাফলৰ সন্দৰ্ভত কেতিয়াও কোনো নিশ্চয়তা নাথাকে। কোনেও শপত খাই কব নোৱাৰে যে তেওঁলোকৰ হিচাপ মিলিবই। কিন্তু কেতিয়াবা দেখা যায়, ‘এক্সিট প’ল’ৰ হুবহু মিল থাকে, আৰু কেতিয়াবা ইয়াৰ প্ৰকৃত ফলাফলৰ পৰা আকাশ-পাতালৰ পাৰ্থক্য। পূৰ্বৰ দুটা লোকসভা নিৰ্বাচনৰ হিচাপ কিমান মিলিছিল? সেই তথ্যখিনি চাওঁ আহক।

২০১৪ চনৰ এক্সিট প’ল

ইণ্ডিয়া টুডে-চিচেৰোৰ এক্সিট প’লত এন ডি এয়ে ২৭২ খন আৰু ইউ পি এয়ে ১১৫ খন আসন লাভ কৰিব পাৰে বুলি কোৱা হৈছিল।

News24-চানক্যৰ সমীক্ষাত দাবী কৰা হৈছিল যে এন ডি এৰ মিত্ৰজোঁটে ৩৪০খন আসন লাভ কৰিব পাৰে। আৰু ইউপিএই পাব ১০১খন আসন।

এবিপি নিউজ-নিয়েলছনৰ সমীক্ষা অনুসৰি এনডিএই ২৭৪খন আসন আৰু ইউপিএই মাত্ৰ ৯৭খন আসনহে লাভ কৰিব বুলি কোৱা হৈছিল।

টাইমছ নাও-অ’ আৰ জিৰ সমীক্ষাত এন ডি এক ২৪৯ খন আসন দিয়া হৈছিল। ইউপিএক দিয়া হৈছিল ১৪৮খন আসন।

চিএনএন আইবিএন-চিএছডিএছৰ এক সমীক্ষাত দাবী কৰা হৈছিল যে এনডিএ মিত্ৰজোঁটে ২৮০খন আসন লাভ কৰিব পাৰে। আনহাতে, ৯৭ খন আসনত আবদ্ধ হৈ থাকিব ইউ পি এ।

চূড়ান্ত ফলাফল

সেই বৰ্ষৰ লোকসভা নিৰ্বাচনত এন ডি এয়ে ৩৩৬ খন আসনত জয়লাভ কৰে যাৰ ভিতৰত বিজেপিয়ে অকলে ২৮২ খন আসন লাভ কৰে। আৰু ইউপিএই মাত্ৰ ৬০খন আসন লাভ কৰে। কংগ্ৰেছে মাত্ৰ ৪৪খন আসনহে পাইছিল।

২০১৯ চনৰ এক্সিট প’ল

ইণ্ডিয়া টুডে আৰু মাই এক্সিছৰ সমীক্ষাত কোৱা হৈছিল যে এন ডি এয়ে ৩৩৯-৩৬৫খন আসন লাভ কৰিব পাৰে। ইউপিএৰ আসনৰ সংখ্যা হ’ব ৭৭ৰ পৰা ১০৮খন।

News 24 চাণক্যৰ সমীক্ষাত ইংগিত পোৱা গৈছিল যে এন ডি এয়ে ৩৫০ বা তাতকৈ অধিক আসন লাভ কৰিব পাৰে। ইউপিএই ১০০ খনতকৈও কম আসন পাব।

টাইমছ নাও আৰু ভিএমআৰৰ সমীক্ষাত বিজেপিয়ে ৩০৬খন আসন লাভ কৰিব পাৰে বুলি কোৱা হৈছিল। ইউপিএই ১২০খন আসন লাভ কৰাৰ ভৱিষ্যদ্বাণী কৰা হৈছিল।

সুদৰ্শন নিউজৰ সমীক্ষা অনুসৰি বিজেপিয়ে ৩০৫খন, ইউপিএই ১২৪খন আসন লাভ কৰিব বুলি কোৱা হৈছিল।

News18-ইপছ’ছৰ এক্সিট প’লত এন ডি এ মিত্ৰজোঁটে ৩৩৬খন আসন লাভ কৰিব পাৰে বুলি কোৱা হৈছিল। লগতে দাবী কৰা হৈছিল যে ইউপিএই ৮০ৰ পৰা ৮২খন আসন পাব পাৰে।

চূড়ান্ত ফলাফল

দেখা গ’ল যে সেইবাৰ বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটে ৩৫৩খন আসন লাভ কৰে। আৰু কেৱল বিজেপিয়ে অকলে ৩০৩ আসন পায়। ইউ পি এৰ মিত্ৰজোঁটে ৯৩খন আসন লাভ কৰে। অকল কংগ্ৰেছে ৫২ খন আসন পাইছিল।