জাকাৰ্টাত হিমাক অনুপ্ৰেৰণা যোগাবলৈ যোৱাৰ হেপাঁহ সত্বেও অৰ্থৰ অভাৱত বঞ্চিত অৰ্জুন ভোগেশ্বৰ বৰুৱা

noted-athlete-bhogeswar-baruah-being-felicitated-219975

ফাইল ফটো : অৰ্জুন ভোগেশ্বৰ বৰুৱা

ভাৰতবাসীৰ আশা স্বৰ্ণ ৰাণী হিমা দাসে শনিবাৰ অৰ্থাৎ কাইলৈ এছিয়ান গেইমছৰ ৪০০ মিটাৰ ব্যক্তিগত দৌৰত অংশ লোৱা দেখা যাব। সেয়ে ইণ্ডোনেছিয়াৰ জাৰ্কাটা আৰু পালেমবাঙত চলি থকা এছিয়ান গেইমছত অসমৰ গৌৰৱ হিমাক উৎসাহ তথা প্ৰেৰণা যোগাবলৈ অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ বিষয়া-কৰ্মচাৰীৰ দল এটাও ইণ্ডোনেছিয়ালৈ ৰাওনা হৈছে।

উল্লেখ্য যে হিমাৰ আমন্ত্ৰণ মৰ্মে বৃহস্পতিবাৰতে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ জাকাৰ্টালৈ ৰাওনা হোৱাৰ পাছত ক্ৰীড়া সঞ্চালকালয়ৰ জ্যেষ্ঠ পদবীধাৰী, ছাইৰ আঞ্চলিক সঞ্চালকৰ লগতে অন্যান্যসকলেও হিমাৰ খেল উপভোগ কৰিবলৈ জাকাৰ্টালৈ যাত্ৰা কৰিছে।

এইখিনিতে মনকৰিবলগীয়া কথাটো হ’ল এথলীট জগতৰ নৱতম চাঞ্চল্য হিমাই তেওঁৰ খেলৰ সময়ত তেওঁক উৎসাহ তথা প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে কেইজন মান বিশেষ ব্যক্তিক ষ্টেডিয়ামত উপস্থিত থকাতো বিচাৰিছিল। ইয়াৰ ভিতৰত অন্যতম জুবিন গাৰ্গ আৰু অসমৰ একমাত্ৰ এছিয়ান চেম্পিয়ন তথা অৰ্জুন ভোগেশ্বৰ বৰুৱা।

এই বাতৰি ওলোৱাৰ পাছতে ভোগেশ্বৰ বৰুৱাক জাকাৰ্টালৈ প্ৰেৰণ কৰা কথা আছিল যদিও শেষত অসমৰ ক্ৰীড়া সঞ্চালকালয়ে অসমৰ কিংবদন্তী এথলেটগৰাকীক জাকাৰ্টালৈ প্ৰেৰণ কৰাৰ পৰা বিৰত ৰাখি খেল উপভোগ কৰিবলৈ পঠিয়ালে বিভাগটোৰ আমোলা-বিষয়াৰ এটা দলকহে।

উল্লেখ্য যে গুৱাহাটীক দেশৰ ক্ৰীড়াৰ ৰাজধানী কৰাৰ বাবে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উঠি পৰা সময়তে এছিয়ান গেইমছত অসমৰ একমাত্ৰ পদকধাৰী ভোগেশ্বৰ বৰুৱাৰ ইচ্ছা থকাৰ সত্বেও এইদৰে উপেক্ষিত কৰাক লৈ এতিয়া সৰ্বত্ৰে চৰ্চিত হোৱা পৰিলক্ষিত হৈছে।

ইয়াৰ উপৰি আজি বিশ্ব বিখ্যাত এথলীট ৰূপে প্ৰতিষ্ঠা লাভ কৰা হিমা দাসৰ সফলতাৰ আঁৰৰ ব্যক্তি দুগৰাকী তথা প্ৰশিক্ষক নিপন দাস আৰু নৱজ্যোতি মালাকাৰেও নিজা ববীয়াকৈ ইতিমধ্যেই জাকাৰ্টাত উপস্থিত হৈছে।