ৰাষ্ট্ৰীয় বন খেল সমাৰোহত ৰূপৰ পদক লাভ কৰা অৰ্জুন ছেত্ৰীক গোৰ্খা ছাত্ৰ সন্থাৰ সম্বৰ্ধনা

Arjun Chetry

বোকাখাতৰ নিজা বাসগৃহত পৰিয়ালৰ সৈতে অৰ্জুন ছেত্ৰী। ফটো : নৰ্থইষ্ট নাও

ছত্তিশগড়ৰ ৰায়পুৰত অলপতে অনুষ্ঠিত হৈ যোৱা ২৪ সংখ্যক সদৌ ভাৰত বন ক্ৰীড়া সমাৰোহতত অসম বন বিভাগৰ হৈ অংশ লোৱা বোকাখাতৰ অৰ্জুন ছেত্ৰীয়ে ৪০০ মিটাৰ দৌৰত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ শুকুৰবাৰৰ দিনা নিজৰ বাসগৃহত আহি উপস্থিত হোৱা অৰ্জুন ছেত্ৰীক তেওঁ বাসগৃহত বিপুলভাৱে আদৰণি জনোৱা হয় ৷

বোকাখাতৰ গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত এই সম্বৰ্ধনা অনুষ্ঠানত সৰ্ব ভাৰতীয় পৰ্যায়ত গৌৰৱ কঢ়িয়াই অনাৰ বাবে অৰ্জুনক ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱা হয় ৷ ভাৰতীয় বন ক্ৰীড়া সমাৰোহৰ এই সফলতাৰ উপৰিও অৰ্জুন ছেত্ৰী বিগত সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্ত: মহাহিদ্যালয়ৰ প্ৰতিযোগিতাতো স্বৰ্ণ পদক বিজেতা আছিল ৷

অৰ্জুন ছেত্ৰী বৰ্তমান অসম চৰকাৰৰ বন সুৰক্ষা বাহিনীত কৰ্মৰত ৷ অৰ্জুনৰ এই সাফল্যই বোকাখাতৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষৰ উপৰি বনকৰ্মীসকলকো আনন্দিত কৰি তুলিছে ৷

উল্লেখ্য যে সৰ্ব ভাৰতীয় এই প্ৰতিযোগিতাত অসমৰ বন বিভাগৰ দলটিয়ে সাতোটাকৈ পদক লাভ কৰিবলৈ সক্ষম হৈছে। ১৩ জানুৱাৰিলৈ ৰায়পুৰত অনুষ্ঠিত এই প্রতিযোগিতাত বন বিভাগেৰ বিষয়-কৰ্মচাৰীৰে গঠিত ৩৩ জনীয়া এটি দলে অংশগ্রহণ কৰিছিল। প্রথমবাৰৰ বাবে সাতটাকৈ পদক লাভ কৰি দলটোৱে অইন বছৰৰ তুলনাত এইবাৰ চমকপ্রদ সফলতা দেখুৱাবলৈ সক্ষম হৈছে।

দলটোৰ উত্তৰ কামৰূপ বন সংমণ্ডলৰ চিলা ৰেঞ্জৰ ৰেঞ্জাৰ ৰবীন বৈশ্যই ভাৰত্তোলনত এটা সোণৰ আৰু এটা ব্ৰঞ্জ সহ দুটা  পদক, বন সুৰক্ষা বাহিনীৰ নয়ন মনি শইকীয়াই ভাৰত্তোলনত এটা সোণৰ পদক, অসম ৰাজ্যিক চিৰিয়াখানাৰ ডি এফ অ’ তেজছ মৰিশ্বামীয়ে স্কোৱাছত ৰূপৰ পদক, ধূলাৰ বনৰক্ষী বিজয় চেতিয়া পাত্রই শ্বটপুটত এটা ৰূপৰ আৰু ডিচকাছ থ্র’ত ব্ৰঞ্জৰ পদক আৰু বন সুৰক্ষা বাহিনীৰ হৈ অৰ্জুন ছেত্ৰীয়ে ৪০০ মিটাৰ দৌৰত ৰূপৰ পদক লাভ কৰে।