বৰ্খাস্ত হ’ল শাৰীৰিক নিৰ্যাতনৰ অভিযোগত দোষী সাব্যস্ত অৰ্জুন বঁটা বিজয়ী চিআৰপিএফ বিষয়া

খাজান সিং। ফাইল ফটোঃ সংগ্ৰহীত।

তেওঁক যৌন নিৰ্যাতনৰ অভিযোগত দোষী সাব্যস্ত কৰা হয়। অৰ্জুন বঁটা লাভ কৰা চি আৰ পি এফৰ এজন জ্যেষ্ঠ বিষয়াক এইবাৰ চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। সেনাৰ সূত্ৰ অনুসৰি চি আৰ পি এফ ডি আই জি বিষয়াজনৰ নাম খাজান সিং।

তেওঁৰ বিৰুদ্ধে অৰ্ধসামৰিক বাহিনীৰ মহিলাসকলক হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছিল। এই অভিযোগৰ তদন্ত আৰম্ভ কৰে চি আৰ পি এফে। অভিযোগ প্ৰমাণিত হোৱাৰ পিছতে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ জাননী প্ৰেৰণ কৰে। খাজান সিঙক এই জাননীৰ উত্তৰ দিবলৈ ১৫ দিনৰ সময় দিয়া হৈছে।

উল্লেখ্য যে ১৯৮৬ চনৰ ছিউল এছিয়ান গেমছত ২০০ মিটাৰ সাঁতোৰ প্ৰতিযোগিতাত চি আৰ পি এফৰ মুখ্য ক্ৰীড়া বিষয়া খাজানে ৰূপৰ পদক লাভ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ অৰ্জুন বঁটা লাভ কৰে। এতিয়া তেওঁ মুম্বাইত কৰ্মৰত আছিল।

লগতে পঢ়কঃ Supreme Court On NOTA: নোটাত বেছি ভোট পৰিলে কি হ’ব? নিৰ্বাচন আয়োগৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত খাজানে কয় যে সকলো অভিযোগ ‘মিছা’। জানিব পৰা মতে খাজানৰ বিৰুদ্ধে দুটা অভিযোগ উত্থাপন হৈছে। ইয়াৰে এটা গোচৰত তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ জাননী প্ৰেৰণ কৰা হৈছে। আনটোৰ তদন্ত চলি আছে।