NORTHEAST NOW (Assamese)

NSCNৰে জড়িত থকাৰ অভিযোগত বিশেষ ভাৱে সক্ষম ব্যক্তিক নিৰ্মম অত্যাচাৰ সেনাৰ, ৰাইজৰ থানা ঘেৰাও

July 25, 2021 7:09 pm · মানস প্ৰতিম গগৈ

মাৰ্ঘেৰিটা মহকুমাৰ পাটকাই পাদদেশত অৱস্থিত লিডুৰ ৩ নং মালো গাৱঁৰ এগৰাকী বিশেষ ভাৱে সক্ষম জনজাতীয় ব্যক্তিক জাগুনস্থ  ৰাজপুতনা ৰাইফলচৰ জোৱানে নি শাৰিৰীক ভাৱে নিৰ্মম অত্যাচাৰ চলোৱা ঘটনাকলৈ জনজাতীয় ৰাইজৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আজি লিডু থানাত জনজাতীয় ৰাইজে মানৱ শৃংখল কাৰ্যসূচীৰে এই ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰে।

তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত পাটকাই পাহাৰৰ পাদদেশত অৱস্থিত ৩ নং মালৌ গাৱঁৰ ৰাঙে হাখুন নামৰ ৪৫ বছৰীয়া বিশেষ ভাৱে সক্ষম ব্যক্তি এগৰাকীক জাগুনস্থ ৰাজপুতনা ৰাইফলচৰ জোৱান আৰু আই এন টি লোকৰ দ্বাৰা নিৰ্মম শাৰিৰীক অত্যাচাৰৰ সন্মুখীন হোৱাকলৈ জনজাতীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

২৩ জুলাই তাৰিখে পৰিয়ালৰ লোকৰ অজ্ঞাতে নগা বিদ্ৰোহী সংগঠন NSCN ৰে জড়িত থকাৰ অভিযোগত পথৰ পৰাই গাড়ীত উঠাই লৈ গৈছিল লোক জনক।

পৰিয়ালৰ লোকে নিৰুদিষ্ট হোৱা বুলি ভাৱি ২৪  জুলাইত লিডু আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল ।  পিছত  ব্যক্তিজনে পলাই সাৰিবলৈ সক্ষম হয়।

টিৰাপ স্বায়ত্ব শাসিত জিলা পৰিষদ দাবী সমিতিয়ে সোমবাৰে তিনিচুকীয়া জিলা উপায়ুক্তক সবিশেষ জনাই ন্যায় বিচৰাৰ লগতে মানৱাধিকাৰ আয়োগৰ ওচৰত গোচৰ তৰিব বুলি জানিবলৈ দিছে ।

Related News