• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“ৰজা” অমিত শ্বাহ আহিছে; বন্ধ থাকিল ছয়মাইলৰ বজাৰ-পদপথৰ দোকান,দুৰ্ভোগ জনতাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 25, 2021 7:29 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ বাটেৰে ৰজা আহিব, গতিকে প্ৰজাৰ কি কাম?

আহিছে আহিছে অমিত শ্বাহ আহিছে…. পদপথৰ দোকানী, ক্ষুদ্ৰ ব্যৱসায়ীৰ আশাত চেঁচাপানী ঢালিছে!

Apply Now

হয়, আমি অমিত শ্বাহৰ গুৱাহাটী ভ্ৰমণৰ প্ৰসংগকে ক’বলৈ ওলাইছো।

আজি বিয়লি ৩:২০ বজাত গুৱাহাটী বিমান বন্দৰত উপস্থিত হৈছেহি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ।

তাৰ পাছতে মা কামাখ্যা দৰ্শন কৰি গুৱাহাটী মেডিকেল কলেজ আৰু শংকৰদেৱ কলাক্ষেত্ৰৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰে অমিত শ্বাহে।

কিন্তু অমিত শ্বাহ আগমণৰ পূৰ্বে ছয়মাইলত পদপথত দুদিনৰ বাবে বহিবলৈ দিয়া নহ’ল কোনোধৰণৰ ক্ষুদ্ৰ ব্যৱসায়ীক। শনিবাৰ আৰু দেওবাৰে বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়া হ’ল ছয়মাইল উৰণীয়া সেঁতুৰ তলৰ দৈনিক বজাৰ।

তিৰপালৰে বিক্ৰীৰ বাবে অনা সামগ্ৰী ব্ৰীজৰ তলতে ঢাকি ৰাখিছে ব্যৱসায়ীসকলে।

কিয়নো ‘অমিত শ্বাহ আহিব বজাৰ খুলিব নোৱাৰে’

ইয়াক লৈ চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে ক্ষুদ্ৰ ব্যৱসায়ীসকল। পদপথৰ লগতে দৈনিক বজাৰত সামগ্ৰী বিক্ৰীৰ জৰিয়তে পৰিয়াল পোহপাল দিয়া এইসকল ক্ষুদ্ৰ ব্যৱসায়ীৰ তথৈবছ অৱস্থা। ‘অমিত শ্বাহ অহাটোৱেই যেন এওঁলোকৰ বাবে অমানিশা’

অথচ, ছয়মাইল অভাৰব্ৰীজৰ তলেৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে নগ’ল অমিত শ্বাহ।

ছয়মাইল ব্ৰীজৰ ওপৰৰ এই পথছোৱাৰেহে অমিত শ্বাহ ৰাওনা হয় সভাস্থলীলৈ। প্ৰশ্ন হৈছে ‘অসমত প্ৰজাতন্ত্ৰ আছে নে? নে ৰাজতন্ত্ৰৰ দিশে গতি কৰিছে নেকি অসম?

সাধাৰণ ৰাইজক হাৰাশাস্তি কৰি এয়া কেনে গণতন্ত্ৰ?

এই প্ৰসংগ ইয়াতে সামৰিছো….. এতিয়া আহিছো সান্ধ্য আইনৰ প্ৰসংগলৈ।

আহিব অমিত শ্বাহ…. গতিকে সজাই পৰাই জাক-জমক কৰি তোলা হৈছে গুৱাহাটী…..

ৰজা অহাৰ পথত বিজেপিৰ পতাকাৰে গেৰুৱাময় কৰি তুলিলে বিজেপিৰ নেতা-কৰ্মীয়ে।

দিনত সময় নিমিলিল এইসকল বিজেপি নেতা-কৰ্মীৰ….কালি সান্ধ্য আইন উলংঘা কৰি নিশা ৰাজপথত বিজেপিৰ পতাকা লগোৱাত ব্যস্ত বিজেপিৰ নেতা-কৰ্মী।

প্ৰশ্ন হৈছে ‘সাধাৰণ ৰাইজৰ বাবেহে সান্ধ্য আইন নেকি? বিজেপিৰ নেতা-কৰ্মী সান্ধ্য আইনৰ আওতাত নপৰে নেকি?

এই প্ৰশ্নৰ উত্তৰ দিব নে DGP মহোদয়….. আপোনাৰ আৰক্ষীৰ বেত্ৰাঘাত এইসকল সান্ধ্য আইন নমনা বিজেপি কৰ্মীৰ বাবে নহয় নেকি?

সান্ধ্য আইন উলংঘনকাৰী সাধাৰণ ৰাইজৰ বিৰুদ্ধে যিদৰে আপোনালোকে গোচৰ ৰুজু কৰিছিল সেইদৰে আপোনালোকৰ নাকৰ তলতে সান্ধ্য আইন উলংঘনকাৰী বিজেপি নেতা-কৰ্মীৰ ক্ষেত্ৰতো একেধৰণে কঠোৰ নহ’ল কিয়?

এতিয়া পুনৰ আহিছো কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ এক প্ৰসংগলৈ। ১০০ গৰাকী নিৰ্বাচিত হিতাধিকাৰীলৈ ‘প্ৰাৰ্থনা’ আঁচনিৰ অধীনত আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠান। অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত।

কিন্তু সময়টো? সময় সন্ধ্যা ৫:৩০ বজা, আৰম্ভ হ’ল ৬:৩০ বজাত।

কিন্তু মহানগৰী গুৱাহাটীত সন্ধ্যা ৫ বজাৰ পৰা আৰম্ভ হয় সান্ধ্য আইন। অৰ্থ্যাৎ সান্ধ্য আইন উলংঘন কৰি ৰাজহুৱা মঞ্চত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰিলে অমিত শ্বাহে।

চৰকাৰে নিজেই আইন বনাই নিজে আইন ভাঙেও। এই কথাই যেন পুনৰবাৰ প্ৰতিপন্ন কৰিলে ৰাজ্যৰ বিজেপি চৰকাৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

September 28, 2026 9:34 pm
ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

September 28, 2026 9:07 pm
ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

ছ’চিয়েল মিডিয়াত একাউণ্ট খোলাক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ বাৰ্তা, নাবালকে কৰিব নোৱাৰে কোনো আইনী চুক্তি

September 28, 2026 7:39 pm
আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

আইনৰ চকুত ৫ মাহৰ গৰ্ভস্থ শিশুও এজন ব্যক্তি, দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব পৃথক ক্ষতিপূৰণ: উচ্চ ন্যায়ালয়

September 28, 2026 6:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

যোৰহাটত আলফাৰ সদস্য গ্ৰেপ্তাৰ, পিষ্টল-গুলী আৰু ৬খন ছিম কাৰ্ডসহ উদ্ধাৰ ২ টা ম’বাইল ফোন

September 28, 2026 9:34 pm
ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

ইউপিআই লেনদেনত মাচুল দিলে প্ৰকৃততে কোন লাভৱান হ’ব? কেন্দ্ৰলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন

September 28, 2026 9:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd