গুৱাহাটীৰ বাটেৰে ৰজা আহিব, গতিকে প্ৰজাৰ কি কাম?
আহিছে আহিছে অমিত শ্বাহ আহিছে…. পদপথৰ দোকানী, ক্ষুদ্ৰ ব্যৱসায়ীৰ আশাত চেঁচাপানী ঢালিছে!
হয়, আমি অমিত শ্বাহৰ গুৱাহাটী ভ্ৰমণৰ প্ৰসংগকে ক’বলৈ ওলাইছো।
আজি বিয়লি ৩:২০ বজাত গুৱাহাটী বিমান বন্দৰত উপস্থিত হৈছেহি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ।
তাৰ পাছতে মা কামাখ্যা দৰ্শন কৰি গুৱাহাটী মেডিকেল কলেজ আৰু শংকৰদেৱ কলাক্ষেত্ৰৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰে অমিত শ্বাহে।
কিন্তু অমিত শ্বাহ আগমণৰ পূৰ্বে ছয়মাইলত পদপথত দুদিনৰ বাবে বহিবলৈ দিয়া নহ’ল কোনোধৰণৰ ক্ষুদ্ৰ ব্যৱসায়ীক। শনিবাৰ আৰু দেওবাৰে বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়া হ’ল ছয়মাইল উৰণীয়া সেঁতুৰ তলৰ দৈনিক বজাৰ।
তিৰপালৰে বিক্ৰীৰ বাবে অনা সামগ্ৰী ব্ৰীজৰ তলতে ঢাকি ৰাখিছে ব্যৱসায়ীসকলে।
কিয়নো ‘অমিত শ্বাহ আহিব বজাৰ খুলিব নোৱাৰে’
ইয়াক লৈ চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে ক্ষুদ্ৰ ব্যৱসায়ীসকল। পদপথৰ লগতে দৈনিক বজাৰত সামগ্ৰী বিক্ৰীৰ জৰিয়তে পৰিয়াল পোহপাল দিয়া এইসকল ক্ষুদ্ৰ ব্যৱসায়ীৰ তথৈবছ অৱস্থা। ‘অমিত শ্বাহ অহাটোৱেই যেন এওঁলোকৰ বাবে অমানিশা’
অথচ, ছয়মাইল অভাৰব্ৰীজৰ তলেৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে নগ’ল অমিত শ্বাহ।
ছয়মাইল ব্ৰীজৰ ওপৰৰ এই পথছোৱাৰেহে অমিত শ্বাহ ৰাওনা হয় সভাস্থলীলৈ। প্ৰশ্ন হৈছে ‘অসমত প্ৰজাতন্ত্ৰ আছে নে? নে ৰাজতন্ত্ৰৰ দিশে গতি কৰিছে নেকি অসম?
সাধাৰণ ৰাইজক হাৰাশাস্তি কৰি এয়া কেনে গণতন্ত্ৰ?
এই প্ৰসংগ ইয়াতে সামৰিছো….. এতিয়া আহিছো সান্ধ্য আইনৰ প্ৰসংগলৈ।
আহিব অমিত শ্বাহ…. গতিকে সজাই পৰাই জাক-জমক কৰি তোলা হৈছে গুৱাহাটী…..
ৰজা অহাৰ পথত বিজেপিৰ পতাকাৰে গেৰুৱাময় কৰি তুলিলে বিজেপিৰ নেতা-কৰ্মীয়ে।
দিনত সময় নিমিলিল এইসকল বিজেপি নেতা-কৰ্মীৰ….কালি সান্ধ্য আইন উলংঘা কৰি নিশা ৰাজপথত বিজেপিৰ পতাকা লগোৱাত ব্যস্ত বিজেপিৰ নেতা-কৰ্মী।
প্ৰশ্ন হৈছে ‘সাধাৰণ ৰাইজৰ বাবেহে সান্ধ্য আইন নেকি? বিজেপিৰ নেতা-কৰ্মী সান্ধ্য আইনৰ আওতাত নপৰে নেকি?
এই প্ৰশ্নৰ উত্তৰ দিব নে DGP মহোদয়….. আপোনাৰ আৰক্ষীৰ বেত্ৰাঘাত এইসকল সান্ধ্য আইন নমনা বিজেপি কৰ্মীৰ বাবে নহয় নেকি?
সান্ধ্য আইন উলংঘনকাৰী সাধাৰণ ৰাইজৰ বিৰুদ্ধে যিদৰে আপোনালোকে গোচৰ ৰুজু কৰিছিল সেইদৰে আপোনালোকৰ নাকৰ তলতে সান্ধ্য আইন উলংঘনকাৰী বিজেপি নেতা-কৰ্মীৰ ক্ষেত্ৰতো একেধৰণে কঠোৰ নহ’ল কিয়?
এতিয়া পুনৰ আহিছো কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ এক প্ৰসংগলৈ। ১০০ গৰাকী নিৰ্বাচিত হিতাধিকাৰীলৈ ‘প্ৰাৰ্থনা’ আঁচনিৰ অধীনত আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠান। অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত।
কিন্তু সময়টো? সময় সন্ধ্যা ৫:৩০ বজা, আৰম্ভ হ’ল ৬:৩০ বজাত।
কিন্তু মহানগৰী গুৱাহাটীত সন্ধ্যা ৫ বজাৰ পৰা আৰম্ভ হয় সান্ধ্য আইন। অৰ্থ্যাৎ সান্ধ্য আইন উলংঘন কৰি ৰাজহুৱা মঞ্চত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰিলে অমিত শ্বাহে।
চৰকাৰে নিজেই আইন বনাই নিজে আইন ভাঙেও। এই কথাই যেন পুনৰবাৰ প্ৰতিপন্ন কৰিলে ৰাজ্যৰ বিজেপি চৰকাৰে।