জম্মু-কাশ্মীৰত লেণ্ডমাইন বিস্ফোৰণঃ এজন সেনা জোৱানৰ মৃত্যু, এজন আহত

Army jawan killed in Jammu-Kashmir

জম্মু-কাশ্মীৰত দুৰ্ঘটনাৱশতঃ সংঘটিত হোৱা এক লেণ্ডমাইন বিস্ফোৰণৰ ফলত প্ৰাণ হেৰুৱাইছে ভাৰতীয় সেনাৰ এজন জোৱানে।

এই বিস্ফোৰণত লগতে আন এগৰাকী জোৱানো আহত হৈছে। জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ নওচেৰাত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত সংঘটিত হৈছে এই ঘটনা।

আজি পুৱা প্ৰায় ১০:৩০ বজাত সংঘটিত হয় এই বিস্ফোৰণ। ৮০ তম ইনফেণ্ট্ৰী ব্ৰিগেডৰ অধীনত ১৭ তম শিখ লাইট বেটেলিয়ন অঞ্চলটোত নিৰাপত্তাৰ দায়িত্বত আছিল।

বিস্ফোৰণ সংঘটিত হোৱাৰ সময়ত সেনাৰ দুয়োজন জোৱানে নিয়ন্ত্ৰণ ৰেখাৰ কাষত নিয়মীয়া টহলদাৰী কৰি আছিল।

বিস্ফোৰণৰ পিছত দুয়োজন জোৱানক তাৎক্ষণিকভাৱে উধমপুৰৰ কমাণ্ড চিকিৎসালয়লৈ লৈ যোৱা হয়।

চিকিৎসালয়ত এজন জোৱানৰ মৃত্যু হয়। আনহাতে আহত আনজন জোৱান সম্প্ৰতি চিকিৎসাধীন হৈ আছে বুলি জানিবলৈ দিয়া হৈছে।

সেনাই এতিয়াও মৃত জোৱানজনৰ পৰিচয় তথা চিকিৎসাধীন জোৱানজনৰ আঘাতৰ প্ৰকৃতি আৰু স্বাস্থ্যৰ সাম্প্ৰতিক অৱস্থাৰ বিষয়ে প্ৰকাশ কৰা নাই।