NORTHEAST NOW (Assamese)

অৰুণাচলৰ অৰণ্যত সেনাৰ এন এছ চি এনৰ বিৰুদ্ধে তীব্ৰ অভিযান

May 22, 2019 10:59 pm · পাৰ্শ্বজ্যোতি গগৈ

নিৰ্বাচনৰ ফল ঘোষণালৈ মাত্ৰ এদিন বাকী থকা অৱস্থাত অৰুণাচল প্ৰদেশৰ এন পি পিৰ প্ৰাৰ্থী তথা বিধায়ক তিৰং অভয়ৰ বৰ্বৰ হত্যাকাণ্ডৰ পিছতে পাহাৰীয়া ৰাজ্যখনত সেনা-আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে উগ্ৰপন্থীবিৰোধী অভিযান। ৰাজ্যখনৰ টিৰাপ, লংডিং আৰু চাংলাং জিলাৰ জংঘলত এন এছ চি এন (আই এম)ৰ বিৰুদ্ধে সেনাই চলাইছে তীব্ৰ অভিযান।

টিৰাপৰ খুনচাত সংঘটিত ভয়ংকৰ আক্ৰমণৰ পিছতেই সেনাই উগ্ৰপন্থীয়ে পলায়ন কৰিবপৰা সকলো সম্ভৱপৰ স্থান অৱৰোধ কৰি এই অঞ্চলবিলাকত কৰ্ডন আৰু কাডো অপাৰেশ্বন বাহিৰ কৰিছে ৷ তাৰোপৰি নাগালেণ্ড-অৰুণাচল সীমান্তও সেনাই ছীল কৰি দিছে বুলি সেনাৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

অৰুণাচলৰ স্থানীয় আৰক্ষী প্ৰশাসন, চোৰাংচোৱা বিভাগ আৰু অসামৰিক প্ৰশাসনৰ সহযোগত সেনাই এই সমগ্ৰ অভিযানৰ নেতৃত্ব গ্ৰহণ কৰিছে। লগতে সেনাই ২১ মে’ৰ নৃশংস হত্যাকাণ্ডৰ লগত জড়িত উগ্ৰপন্থী সংগঠনৰ অতি শীঘ্ৰে কৰায়ত্ত কৰি নিহতৰ পৰিয়ালক ন্যায় প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰিছে।

এই উগ্ৰপন্থী বিৰোধী অভিযানত সেনাৰ বিশেষ বাহিনীয়ে অংশ গ্ৰহণ কৰাৰ লগতে অপাৰেশ্বনত সহায় হোৱাকৈ হেলিকপ্টাৰ, কোৱাডকপ্টাৰ আদি ব্যৱহাৰ কৰিছে।

উল্লেখযোগ্য যে কালি অৰ্থাৎ ২১ মে’ত অৰুণাচল প্ৰদেশৰ পশ্চিম খুনচা বিধানসভাৰ সমষ্টিৰ এন পি পিৰ প্ৰাৰ্থী তথা বিধায়ক তিৰং অভয়ক তেওঁৰ সন্তানৰ সৈতে এন এছ চি এন (আই এম)-এ গুলীয়াই হত্যা কৰিছিল।

এই নৃংশস তথা ভয়ংকৰ আক্ৰমণটোত বিধায়ক অভয়ৰ উপৰি তেওঁৰ সৰু পুতেক, চালক, গৃহৰক্ষীকে ধৰি মুঠ ১১জন লোকৰ মৃত্যু হৈছিল।

Related News