NORTHEAST NOW (Assamese)

লেখাপানীত সেনাৰ অভিযান, মাৰণাস্ত্ৰসহ এন এছ চি এন (কে)ৰ লিংকমেন আটক

January 19, 2019 8:12 pm · মানস প্ৰতিম গগৈ

তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত টিপং টাউন চিপত শুকুৰবাৰে নিশা টিপংস্থিত সেনাৰ ৯ নং ৰাজ ৰাইফলছ আৰু লেখাপানী আৰক্ষীয়ে অভিযান চলাই এন এছ চি এন (কে) ৰ এজন লিংকমেনক আটক কৰে।

আটকাধীন ব্যক্তিজনক লেখাপানী থানাৰ অন্তৰ্গত টিপং টাউনচিপৰ বুদ্ধেশ্বৰ বৰা(৫২) বুলি চিনাক্ত কৰা হৈছে।

আটকাধীন বুদ্ধেশ্বৰ বৰা

সেনাৰ সূত্ৰই জনোৱা মতে সেনাই শুকুৰবাৰে নিশা ব্যক্তিজনৰ ঘৰত অভিযান চলাই এটা .২২ এম এম পিষ্টল, দুই জাঁই সক্ৰিয় গুলী, সাতটা মোবাইল ফোনৰ লগতে ৪৫,৪৯০ টকা উদ্ধাৰ কৰে।

আনহাতে অট’ চলাই আৰু গেছৰ চিলিণ্ডাৰ ঘৰে ঘৰে আদায় দি পৰিশ্ৰমেৰে টকা উপাৰ্জন কৰি অহা বুদ্ধেশ্বৰ বৰাক সেনাই বলপূৰ্বক ভাৱে এন এছ চি (কে) সদস্য সজোৱা বুলি বৰাৰ লগতে পৰিয়ালৰ লোকে দাবী কৰিছে।

উল্লেখযোগ্য যে শেহতীয়াকৈ অসম-অৰুণাচল সীমান্তৱৰ্তী জাগুন লেখাপানী কথা, চেমা এনে বহু অঞ্চলত সেনাই উগ্ৰপন্থী বিৰোধী অভিযান চলোৱাৰ নামত বলপূৰ্বক ভাবে নিৰীহ লোকক উগ্ৰপন্থী সজাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

আটকাধীন বুদ্ধেশ্বৰ বৰাক সেনাই আজি লেখাপানী থানাত চমজাই দিয়ে।

Related News