আজি বোকাখাতৰ ধনশিৰিমুখত মিচিং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত অংশ গ্ৰহণ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে অগপক ঘৰৰ বোৱাৰী আখ্যা দিয়ে। ইফালে নিৰ্বাচনী প্ৰচাৰ চলাই ঘূৰি অহাৰ পথত সভাপতিজনক বোকাখাতৰ মাজমজিয়াত আছুৰ নেতৃত্বত বিভিন্ন জাতীয় সংগঠনে ক’লা পতাকা প্ৰদৰ্শন কৰে।
নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি ৰঞ্জিত দাসে অসম গণ পৰিষদ দলৰ সম্পৰ্কত মন্তব্য কৰি কয় যে ঘৰৰ বোৱাৰী ঘৰৰ পৰা ওলাই গৈছে। তাতে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱে ঘৰলৈ ঘূৰি অহাৰ আহ্বান জনাইছে। গতিকে অগপ চৰকাৰলৈ ঘূৰি আহিব লাগে।
লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি চৰকাৰৰ সংগ ত্যাগ কৰা অগপ ঘূৰি আহিবনে নাহে সেয়া নিজৰ কথা বুলি মন্তব্য কৰি মুখ্য মন্ত্ৰীক অগপৰ তিনি মন্ত্ৰীৰ পদত্যাগ পত্ৰ গ্ৰহণৰো আহ্বান জনাই বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ৷
আনহাতে নিৰ্বাচনী সভাৰ পৰা ওভটাৰ পথত জাতীয় সংগঠনৰ ৰোষত পৰিব লগীয়া হয় বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকী। বোকাখাত চাৰিআলিত ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা আৰু চুতীয়া জাতি ছাত্ৰ সন্থাই বিজেপিৰ সভাপতিজনক ক’ লা পতাকা প্ৰদৰ্শন কৰে।