বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ বিভিন্ন ঠাইত দীৰ্ঘদিনৰে পৰা অব্যাহত আছে হাতী-মানুহৰ ভয়াৱহ সংঘাত। শুকুৰবাৰে অৰ্থাৎ ১৮ জানুৱাৰীত নিশা খাদ্যৰ সন্ধানত ভূটান পাহাৰৰ পৰা নামি অহা বনৰীয়াহতীৰ এটা বৃহৎ জাকে তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অধীনৰ বৃহত্তৰ কাউলী অঞ্চলত প্ৰৱেশ কৰে। আৰু ওৰে নিশা হাতীৰ জাকটোৱে তাণ্ডৱ চলাই এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰে।
বনৰীয়া হাতীৰ জাকটোৰ উপদ্ৰৱত স্থানীয় লোকসকলে ঘৰ-দুৱাৰ এৰি পলাবলৈ বাধ্য হয়। ইয়াৰ মাজতে পূব তৰুণ গাঁৱৰ অভিজিৎ বৰ্মন নামৰ এজন ১৩ বছৰীয়া কিশোৰ আহত হয়। ইফালে জাকৰ পৰা ফালৰি কাটি অহা এটা বনৰীয়া হাতীয়ে কাউলিৰ দৰিদ্ৰ শ্ৰেণীৰ নিবাৰণ বৰ্মন নামৰ লোকজনৰ পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি তহিলং কৰাৰ লগতে ঘৰৰ ভিতৰত থকা ধান-চাউল খাই তহিলং কৰে। তাৰোপৰি হাতীৰ জাকটোৱে আন কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰৰো ক্ষতি সাধন কৰি ঘৰৰ ভিতৰত থকা ধান-চাউল খাই পেলায় আৰু আচবাব ভাঙি উপদ্ৰৱ চলায়।
নিশা অঞ্চলটোৰ ৰাইজে হাতী খেদি পঠিয়াবলৈ জুই জ্বলাই, কাঁহী-বাতি, টিন বজাই, ফটকা ফুটাই চেষ্টা চলাই যদিও পুৱতি নিশা ৪ মান বজাতহে হাতীৰ জাকটো উভতি যায়।
সম্প্ৰতি অঞ্চলটোৰ ৰাইজৰ মাজত আতংকময় পৰিৱেশে বিৰাদ কৰিছে। খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা হাতীৰ উপদ্ৰৱে তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলি অঞ্চলৰ লগতে বৃহত্তৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজৰ নিদ্ৰা হৰণ কৰিছে।