মণিপুৰত ঘৰৰ পৰাই অপহৰণ সেনা বিষয়াকঃ তৎপৰ নিৰাপত্তাৰক্ষী

Manipur

সংঘৰ্ষজৰ্জৰ মণিপুৰত পুনৰ অপহৃত হৈছে সেনা বিষয়া। ৰাজ্যখনৰ থৌবাল জিলাত আজি একাং লোকে ঘৰৰ পৰাই অপহৰণ কৰিছে ভাৰতীয় সেনাৰ এজন জুনিয়ৰ কমিচনড অফিচাৰ (জেচিঅ’)ক।

অপহৃত বিষয়াজনক কনছাম খেদা সিং বুলি চিনাক্ত কৰা হৈছে। পুৱা প্ৰায় ৯ বজাত চৰাংপট মামাং লেইকাইস্থিত সিঙৰ ঘৰত প্ৰৱেশ কৰি একাংশ লোকে অপহৰণ কৰি নিয়ে বিষয়াজনক।

অচিনাক্ত দলটোৱে খেদা সিঙক এখন বাহনৰ ভিতৰত ভৰাই সেইস্থানৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে। এই ঘটনাই ৰাজ্যখনৰ নিৰাপত্তাহীন ব্যৱস্থাক পুনৰ এবাৰ জলজল পটপট কৰি তুলিছে।

স্থানীয় বিষয়াসকলৰ ভাষ্য মতে, প্ৰাৰম্ভিক খবৰ অনুসৰি অপহৰণকাৰীয়ে ধন আদায়ৰ বাবে খেদা সিঙক অপহৰণ কৰিছে। ইতিপূৰ্বে সিঙৰ পৰিয়ালে এনে ভাবুকি লাভ কৰা বুলি বিষয়াসকলে লগতে সদৰী কৰিছে।

জে চি অ’ খেদা সিঙক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰাৰ লগতে ১০২ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা কৰা সকলো বাহন পৰীক্ষা কৰা হৈছে বুলি সেনাই জানিবলৈ দিছে।

সেনা বিষয়াগৰাকী কৰ্তব্যৰ পৰা ছুটীত থকাৰ সময়তে তেওঁক ঘৰৰ পৰা অপহৰণ কৰা হয় বুলিও সেনাই প্ৰকাশ কৰিছে।

উল্লেখ্য যে, যোৱা ২৭ ফেব্ৰুৱাৰীত মণিপুৰ আৰক্ষী বিষয়া এজনক ঘৰৰ পৰা অপহৰণ কৰা হৈছিল। অতিৰিক্ত আৰক্ষী অধীক্ষক মইৰাংথেম অমিত সিং নামৰ বিষয়াজনক আৰম্বাই টেংগোল নামৰ এটা মেইটেই সশস্ত্ৰ গোটে অপহৰণ কৰা বুলি প্ৰকাশ পাইছিল।

উল্লেখ্য যে, যোৱা বৰ্ষৰ ৩ মে’ৰ পৰা মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত গোষ্ঠীগত সংঘৰ্ষই জুৰুলা কৰা মণিপুৰত এনেধৰণৰ অপহৰণৰ কাণ্ডও ব্যাপক হাৰত সংঘিটিত হৈছে।