NORTHEAST NOW (Assamese)

চিৰাঙত সেনা আৰু আৰক্ষীৰ যুটীয়া অভিযানত বৃহৎ গোপন অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰ উদ্ধাৰ

June 15, 2020 4:00 pm · এন ই নাও নিউজ
উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰখিনি

বি টি আৰৰ চিৰাং জিলাত ভাৰতীয় সেনা বাহিনী আৰু অসম আৰক্ষীয়ে যুটীয়া অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে।

চিৰাং সংৰক্ষিত বনাঞ্চলৰ মাজত অভিযানকাৰী দলটোৱে চলোৱা অভিযান কালত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰখিনি উদ্ধাৰ হয়।

বিশেষ সূত্ৰৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ লুকাই থোৱাৰ তথ্য লাভ কৰাৰ পাছতে নিৰাপত্তাৰক্ষী বাহিনীয়ে বিগত ১২ দিন ধৰি অভিযান অব্যাহত ৰাখে।

১২ দিনৰ অভিযানৰ অন্তত আজি অভিযানকাৰী দলটোৱে মাটি খান্দি বৃহৎ অস্ত্ৰৰ ভাণ্ডাৰটো উদ্ধাৰ কৰে।

নিৰাপত্তাৰক্ষী বাহিনীৰ দলটোৱে অভিযানকালত বৃহৎ মাত্ৰাত বিস্ফোৰক, গ্ৰেণেড আৰু আৰ পি জি বোমা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

চিৰাং জিলাত সেনা আৰু আক্ষীৰ গোপন অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰৰ ক্ষেত্ৰত এইটো হৈছে দ্বিতীয়টো বৃহৎ সাফল্য।

অশান্তি মুক্ত বি টি আৰ গঢ়ি তোলাৰ লক্ষ্যৰে নিৰাপত্তাৰক্ষী বাহিনীয়ে বি টি আৰত উগ্ৰবাদ বিৰোধী অভিযান অব্যাহত ৰাখিছে।

Related News