• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘সৱকা সাথ সৱকা বিকাশ, এইটো এটা ফাঁকিবাজ শ্লোগান’ : এপিচিচিৰ সভাপতি ৰিপুন বৰা

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
June 15, 2020 3:57 pm
WhatsApp Image 2020-06-15 at 12.54.53 PM
494
VIEWS
Share on FacebookShare on Twitter

আজি সোমবাৰে ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদ মেলত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহলৈ প্ৰেৰণ কৰা এক নিৰ্দেশনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে পেট্ৰল ডিজেল আৰু ৰন্ধন গেছৰ দাম ২০০৪ চনৰ আগষ্ট মাহৰ দামৰ নিচিনা হ’ব লাগে বুলি মন্তব্য কৰে।

উল্লেখ্য যে, ৰাজ্য চৰকাৰে লকডাউনৰ বাবে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ এপ্ৰিল মাহৰ মাছুল ৫০ শতাংশ ৰেহাই দিয়াৰ ব্যৱস্থা কৰিছিল।

আমাৰ দৃষ্টিত সেয়া যথেষ্ঠ নহয় বুলি উল্লেখ কৰি বৰাই কয় ‘বিদ্যালয়সমূহ পুনৰ খোলালৈকে মাহেকীয়া মাছুল ৫০ শতাংশ ৰেহাই দিব লাগে। বিদ্যালয় সমূহৰ বাছ চলা নাই। বাছৰ ভাড়া ১০০ শতাংশ লোৱাটো দূৰ্ভাগ্য জনক। বাছৰ ভাড়া ৰেহাই দিব লাগে।’

আনহাতে পুথিভঁৰাল, কম্পিউটাৰ, অতিৰিক্ত পাঠ্যক্ৰমৰ মাচুল সংগ্ৰহ কৰাতো অনুচিত আৰু বাৰ্ষিক মাচুল, পুনৰ নামভৰ্তি আদি ক্ষেত্ৰত মাচুল সংগ্ৰহ কৰাতো এই পৰিবেশত কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে বুলি কৈ অভিভাৱক সকলক সকাহ দিয়াৰ উদ্দেশ্যে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ হস্তক্ষেপ দাৱী কৰে বৰাই।

ইপিনে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি সন্দৰ্ভত বৰাই কয়, ‘আমি দাবী জনাও বৰ্তমান পেট্ৰ’ল ডিজেল আৰু ৰন্ধন গেছৰ মূল্য ২০০৪ চনৰ আগষ্টৰ ভিত্তিত হব লাগে। কিয়নো ২০০৪ চনৰ আগষ্ট মাহত আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৪০ ডলাৰ আছিল আৰু আজিৰ তাৰিখতো একেই সেই মূল্য।’

আনহাতে ‘২০১৪-১৫ বিত্তীয় বৰ্ষৰ পৰা ২০১৯-২০ বিত্তীয় বৰ্ষলৈ মোডী চৰকাৰে পেট্ৰল আৰু ডিজেলৰ ওপৰত ১২ বাৰ কৰ বৃদ্ধি কৰিছে । যাৰ ফলত পেট্ৰ’ল ডিজেলৰ মূল্য বৃদ্ধি হৈছে আৰু আমাৰ দুখীয়া ৰাইজ ক্ষতিগ্ৰস্ত হৈছে’ বুলি বৰাই অভিযোগ কৰে।

যোৱা ৮ দিনত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৪.৫২ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৪.৬৪ টকাকৈ বৃদ্ধি পাইছে বুলি উল্লেখ কৰি বৰাই কয়, ‘যি সময়ত লকডাউনত চৰকাকে কৈছে ২০ লাখ কোটিৰ পেকেজ দিছো। ৰাইজৰ ইমান দুৰ্দশা হৈছে। ইফালে আত্যাৱশকীয় পেট্ৰল আৰু ডিজেলৰ এনেকৈ বঢ়াই আছে তেনেহলে সৱকা সাথ সবকা বিকাশ কেনেকৈ হ’ল৷ এইটো এটা ফাকিবাজ শ্লোগান।’

জিএছটিৰ অধীনলৈ পেট্ৰল আৰু ডিজেলক ননা পৰ্যন্ত এই বৰ্ধিত আবকাৰী শুল্ক পৰিহাৰ কৰাৰ দাবী জনাই বৰাই।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd