• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোৱালপাৰাত অচিন ৰোগত এখন গাঁৱৰে ২৮ জনকৈ লোক আক্ৰান্ত

নীলমনি শৰ্মা by নীলমনি শৰ্মা
March 11, 2020 10:54 am
Screenshot_2020-03-11-09-15-30-817_com.whatsapp

ফটো : নৰ্থ-ইষ্ট নাও

24.7k
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ বিভিন্ন প্ৰান্তত ক’ৰ’না ভাইৰাছে আতংকৰ সৃষ্টি কৰাৰ সময়তে গোৱালপাৰাৰ মৰনৈৰ নেপালীখুঁটীত প্ৰাদুৰ্ভাৱ হৈছে এক অচিন ৰোগৰ।

যোৱা ৬ মাৰ্চৰ পৰা এতিয়ালৈকে ২৮ গৰাকী লোক এই ৰোগত আক্ৰান্ত হৈছে আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

গাঁওবাসীয়ে জনোৱা মতে, যোৱা ৬ মাৰ্চৰ নিশা হঠাৎ এগৰাকী ১৮ বছৰীয়া যুৱক শ্বাস-প্ৰশ্বাস জনিত কাৰণত মৃত্যু মুখত পৰে। আৰু তাৰ ঠিক কেই ঘন্টামান পিছতেই ৭ মাৰ্চৰ সন্ধিয়াও একে কাৰণতে আন এগৰাকী মহিলাৰ মৃত্যু হয়।

গাঁওখনত দুগৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে ৮ মাৰ্চৰ দিনাখন এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়। কাৰণ, এজন এজনকৈ পুৰুষ-মহিলা শ্বাস-প্ৰশ্বাসত কষ্ট পাবলৈ ধৰে, বুকুত বিষ অনুভৱ কৰে আৰু অচেতন হৈ পৰে।

লগে লগে মৰনৈ চিকিৎসালয়ত খবৰ দিয়া হয় আৰু চিকিৎসালয়ৰ এটা দল আহে গাঁওখনলৈ। দলটোৱে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি সকলো ৰোগীকে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

এই অচিন ৰোগত আক্ৰান্ত অধিকাংশই হৈছে যুৱতী আৰু মহিলা।

ৰোগী সকল কি ৰোগত আক্ৰান্ত হৈছে চিকিৎসকে সেয়া স্পষ্টকৈ কোৱা নাই যদিও এয়া একপ্ৰকাৰ মানসিক ৰোগ বুলিহে ৰোগীৰ পৰিয়ালক জানিবলৈ দিয়ে।

কিন্তু গাঁওবাসীয়ে সেয়া মানি ল’বলৈ টান পাইছে আৰু স্বাস্থ্য বিভাগক এই ৰোগটো প্ৰকৃতাৰ্থত কি ৰোগ সেয়া নিশ্চিত কৰিবলৈ আহ্বান জনাইছে।

আনহাতে চিকিৎসালয়ত ভৰ্তি হোৱা কেইগৰাকী মান মহিলাক ঘৰলৈ আহিবলৈ দিয়ে যদিও চিকিৎসালয়ত এতিয়াও চিকিৎসাধীন হৈ আছে ৯ গৰাকী লোক।

Recent News

অনৈতিক প্ৰস্তাৱত সন্মতি নিদিয়াৰ বাবেই মনৰ শান্তি কাঢ়ি লৈ গ’ল! পোহৰলৈ আহিছে আত্মহ*ত্যাৰ ১০ দিনৰ পূৰ্বে কলেজলৈ লিখা চিঠি

অনৈতিক প্ৰস্তাৱত সন্মতি নিদিয়াৰ বাবেই মনৰ শান্তি কাঢ়ি লৈ গ’ল! পোহৰলৈ আহিছে আত্মহ*ত্যাৰ ১০ দিনৰ পূৰ্বে কলেজলৈ লিখা চিঠি

বিজেপিৰ আমোলত আইন শৃংখলা পৰিস্থিতিৰ ভয়াবহতাকলৈ চৰকাৰলৈ সকীয়নি ডা° ভবেন চৌধুৰীৰ

বিজেপিৰ আমোলত আইন শৃংখলা পৰিস্থিতিৰ ভয়াবহতাকলৈ চৰকাৰলৈ সকীয়নি ডা° ভবেন চৌধুৰীৰ

‘গুৰু পূজা’ অনুষ্ঠানক লৈ কেৰালাত চৰকাৰ আৰু ৰাজ্যপালৰ মাজত মতবিৰোধ! চৰকাৰ এই পূজাৰ বিৰোধী হোৱাৰ বিপৰীতে ৰাজ্যপালে কৰিছে সমৰ্থন

‘গুৰু পূজা’ অনুষ্ঠানক লৈ কেৰালাত চৰকাৰ আৰু ৰাজ্যপালৰ মাজত মতবিৰোধ! চৰকাৰ এই পূজাৰ বিৰোধী হোৱাৰ বিপৰীতে ৰাজ্যপালে কৰিছে সমৰ্থন

৭১ টা ঔষধৰ মূল্য নিৰ্ধাৰণ! কেন্দ্ৰই প্ৰকাশ কৰিলে বৰ্ধিত মূল্যৰ ঔষধৰ তালিকা

৭১ টা ঔষধৰ মূল্য নিৰ্ধাৰণ! কেন্দ্ৰই প্ৰকাশ কৰিলে বৰ্ধিত মূল্যৰ ঔষধৰ তালিকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd