• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৩৮ কোটি টকা বিনিয়োগ কৰাৰ কথা আছিল সোণ সৰবৰাহত গ্ৰেপ্তাৰ অভিনেত্ৰীৰ সংস্থাই! ভূমি আবণ্টন দিছিল পূৰ্বৰ বিজেপি চৰকাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 10, 2025 12:58 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোণ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা কানাড়া অভিনেত্ৰী ৰান্যা ৰাওৰ সংস্থাক উদ্যোগৰ বাবে ভূমি আবণ্টন দিছিল কৰ্ণাটক চৰকাৰে! ২০২৩ চনত তেতিয়াৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বোমাই নেতৃত্বাধীন বিজেপি চৰকাৰে ১২ একৰ মাটি ‘ক্ষীৰোদা প্ৰাইভেট লিমিটেড’ নামৰ সংস্থাএটাক দিছিল। এই সংস্থাটোৰ অন্যতম সঞ্চালক হৈছে অভিনেত্ৰী ৰান্যা।

কৰ্ণাটক ইণ্ডাষ্ট্ৰিয়েল এলেকা ডেভেলপমেণ্ট ব’ৰ্ডে (KIADB) প্ৰদান কৰা মাটিত ১৩৮ কোটি টকা ব্যয় সাপেক্ষে তীখাৰ কাৰখানা নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল অভিনেত্ৰীগৰাকীৰ সংস্থাটোৱে।

Apply Now

কৰ্ণাটক ঔদ্যোগিক এলেকা উন্নয়ন নিগমৰ মুখ্য কাৰ্যবাহী বিষয়াই দেওবাৰে কয় যে সোণ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰীগৰাকী সংস্থাটোৰ সৈতে জড়িত। ২০২৩ চনৰ জানুৱাৰী মাহত সংস্থাটোৰ বাবে ১২ একৰ মাটি আবণ্টন দিয়া হৈছিল। কৰ্ণাটক ঔদ্যোগিক উন্নয়ন নিগমৰ এগৰাকী বিষয়াই কয় যে এই কাৰখানাটো নিৰ্মাণ হ’লেই বহু চাকৰিৰ সৃষ্টি হোৱাৰ কথা আছিল। কিন্তু কৰ্ণাটক চৰকাৰে এই ভূমি সংস্থাটোক হস্তান্তৰ কৰা হৈছে নে নাই সেয়া স্পষ্ট কৰা নাই।

যোৱা ৩ মাৰ্চত ডুবাইৰ পৰা উভতি অহাৰ সময়ত বেংগালুৰুৰ কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ১২ কোটি টকাৰ সোণসহ গ্ৰেপ্তাৰ হৈছিল ৰান্যা। কৰ্ণাটকৰ এগৰাকী আই পি এছ বিষয়াৰ কন্যা। ৰাজহ চোৰাংচোৱা বিভাগৰ তদন্তকাৰীয়ে অনুমান কৰিছে যে এই সোণৰ চোৰাং কাৰবাৰত ৰান্যা অকল নহয়, ইয়াৰ আঁৰত আছে এটা ডাঙৰ ‘চক্ৰ’! কিন্তু সেই চক্ৰৰ সৈতে ৰান্যা কেনেদৰে জড়িত আৰু তেওঁলোকৰ নেটৱৰ্ক কিমানলৈ বিস্তৃত সেয়া চোৰাংচোৱা বিষয়াসকলে তদন্ত কৰি আছে।

কেৱল ডুবাইয়ে নহয়, ৰান্যাৰ পাছপ’ৰ্ট পৰীক্ষা কৰি চোৰাংচোৱা বিষয়াসকলে জানিব পাৰে যে তেওঁ কমেও ৪৫খন দেশ ভ্ৰমণ কৰিছে। সূত্ৰ অনুসৰি, জেৰাৰ সময়ত অভিনেত্ৰীগৰাকীয়ে তদন্তকাৰীক জনোৱা মতে, ডুবাইৰ বাহিৰেও তেওঁ ইউৰোপ, আমেৰিকা আৰু পশ্চিম এছিয়াৰ বহু দেশ ভ্ৰমণ কৰিছে। কিয় ইমান সঘনাই বিদেশ ভ্ৰমণ কৰে তদন্তকাৰীয়ে তাৰো তদন্ত কৰি আছে।

সোণ সৰবৰাহৰ গোচৰৰ তদন্তত চিবিআইও নামিছে। ৰাজহ চোৰাংচোৱা বিভাগৰ সমান্তৰালকৈ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱেও সোণ সৰবৰাহৰ গোচৰৰ তদন্ত আৰম্ভ কৰিছে। বাতৰি অনুসৰি ডি আৰ আইৰ পৰা সকলো তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া চলি আছে। ইয়াৰ পিছতে কেন্দ্ৰীয় তদন্তকাৰী দলে তদন্ত তীব্ৰতৰ কৰি তুলিব। ৰাষ্ট্ৰীয় পৰ্যায়ত কোনো সোণ সৰবৰাহকাৰী চক্ৰ সক্ৰিয় হৈ আছে নেকি সেয়া চোৰাংচোৱা বিষয়াসকলে তদন্ত কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

October 16, 2026 3:55 pm
সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 2:47 pm
‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

October 16, 2026 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

October 16, 2026 3:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd