কূটাঘাতৰ বাবে ৮ মে’ত গুৱাহাটীলৈ আহিছিল; আৰক্ষীৰ জেৰাত স্বীকাৰ বিজয় অসমৰ

১৫ মে’ৰ সন্ধিয়া মহানগৰীৰ জু-ৰ’ডত গ্ৰেনেড বিস্ফোৰণৰ ঘটনা সংঘটিত কৰাৰ পূৰ্বে ৮ মে’তেই গুৱাহাটীলৈ আহিছিল আলফা কেডাৰ বিজয় অসম ওৰফে পাপু কোঁচ। লতাশিল থানাত আৰক্ষীৰ জেৰাত এই কথা স্বীকাৰ কৰিছে দুৰ্ধৰ্ষ কেডাৰজনে।

বুধবাৰে এই বিষয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে। তেওঁ জানিবলৈ দিয়া মতে ৰাজ্যৰ বিভিন্ন স্থানত আলফা (স্বাঃ)এ কূটাঘাত সংঘটিত কৰাৰ পৰিকল্পনা কৰাৰ কথাও বিজয় অসমে স্বীকাৰ কৰে।

উল্লেখযোগ্য যে ২১ মে’ত তিনিচুকীয়াৰ ডাঙৰিত গ্ৰেপ্তাৰ হোৱা বিজয়ক নিশাই গুৱাহাটীলৈ অনা হৈছিল। ইয়াৰ পাছত আজি পুৱাৰ পৰা লতাশিল থানাত আৰক্ষীৰ কেইবাজনো শীৰ্ষ বিষয়াই তেওঁক জেৰা চলাই আছে। আৰক্ষীৰ জেৰাত গ্ৰেনেড বিস্ফোৰণৰ লগতে আৰু বহু তথ্য পোহৰলৈ অহাৰ কথা আৰক্ষী আয়ুক্তগৰাকীয়ে দাবী কৰিছে।

‘আমি লাভ কৰা তথ্য অনুসৰি চিন্ময় লহকৰে মটৰ চাইকেল চলাইছিল আৰু তাত বহি যোৱা বিজয় অসমে গ্ৰেনেড দলিয়াইছিল। তাৰ পাছত বিজয়ে জাহ্নৱীৰ স্কুটিত উঠি জাহ্নৱীৰ ঘৰলৈ গৈছিল। ৮ মে’ত গুৱাহাটীলৈ অহাৰ পাছত বিজয়ে জাহ্নৱী শইকীয়া আৰু প্ৰাণময় ৰাজগুৰুৰ লগতে আছিল। তেওঁলোকে চিকিৎসাৰ বাবেও লৈ গৈছিল তেওঁক’, দীপক কুমাৰে কয়।

বিজয় অসমক গ্ৰেপ্তাৰৰ পাছত জু-ৰ’ড বিস্ফোৰণত জড়িত আটাইকেইজনকে গ্ৰেপ্তাৰ কৰা সম্পূৰ্ণ হোৱা বুলিও আৰক্ষী আয়ুক্তই প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে গ্ৰেপ্তাৰ হৈছিল প্ৰাণময় ৰাজগুৰু, জাহ্নৱী শইকীয়া, চিন্ময় লহকৰ, ইন্দ্ৰমোহন বৰা আৰু অমিত বল্লভ গোস্বামী।

আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে ২০১৩ চনত আলফাত যোগ দিয়া বিজয়ে ম্যানমাৰত প্ৰশিক্ষন লৈছিল। ২০০৮ চনত বশিষ্ট থানাৰ এটা গাড়ী চুৰিৰ গোচৰত জেললৈ গৈছিল। পৰৱৰ্তী সময়ত ২০১১ চনত লখিমপুৰৰ ৰূপালী ৰংপী নামৰ এগৰাকী মহিলাক হত্যা কৰাৰ অভিযোগত এবছৰ কাৰাবাস খটাৰ পাছত জামিনত মুক্তি পাইছিল। ইয়াৰ পাছতেই তেওঁ ২০১৩ চনত আলফালৈ গৈছিল।

ধৃত বিজয় অসম ওৰফে পাপু কোচ ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড় চাপাতলীৰ চেনিৰাম কোঁচৰ পুত্ৰ।

আৰক্ষীয়ে আজি বিজয়ক কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়। আদালতে তেওঁক ১৪ দিনৰ আৰক্ষীৰ জিম্মাত দিয়ে।