কাশ্মীৰত ৩৭০ অনুচ্ছেদ পুনৰ বাহাল কৰিব নোৱাৰিলে ৩৭১ কে বাহাল কৰক, কোনে ক’লে? কি আছে ৩৭১ অনুচ্ছেদত?

bbkk

কাশ্মীৰৰ পৰা কেন্দ্ৰীয় চৰকাৰে ২০১৯ চনৰ ৫ আগষ্টৰ দিনা সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰাকলৈ উত্তপ্ত হৈ আছে ভূ-স্বৰ্গৰ পৰিবেশ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ জুনত কাশ্মীৰৰ বিভিন্ন ৰাজনৈতিক দলৰ সৈতে আলোচনাত মিলিত হ’ল যদিও ৩৭০ অনুচ্ছেদ পুনৰ বাহাল কৰাৰ বিষয়ত কোনো কথাকেই গুৰুত্ব দিয়া নহ’ল।

ইয়াৰ মাজতে আজি কাশ্মীৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মুজাফ্ফৰ হোছেইন বাগে এইবুলি পৰামৰ্শ দিয়ে যে চৰকাৰে যদি কাশ্মীৰত সংবিধানৰ ৩৭০ অনুচ্ছেদ পুনৰ বাহাল কৰিব নোৱাৰেই তেন্তে ৩৭১ অনুচ্ছেদতেই কাশ্মীৰৰ নামটো অন্তৰ্ভূক্ত কৰক।

তেতিয়া অন্ততঃ কাশ্মীৰৰ হৃত অধিকাৰ কিছু পৰিমাণে হ’লেও ঘূৰাই পোৱা যাব বুলি বাগে কয়।

কিন্তু কি আছে সংবিধানৰ ৩৭১ অনুচ্ছেদত? সংবিধানৰ ৩৭১ অনুচ্ছেদে উত্তৰ পূৰ্বাঞ্চলৰ কেইখনমান ৰাজ্য ক্ৰমে অৰুণাচল প্ৰদেশ,নাগালেণ্ড, মিজোৰাম আদি ৰাজ্যক বিশেষ মৰ্যাদা প্ৰদান কৰিছে।

এই অনুচ্ছেদত কাশ্মীৰৰ নামো অন্তৰ্ভূক্ত হ’লে কাশ্মীৰেও বিশেষ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হ’ব বুলি বাগে মন্তব্য কৰে। ইপিনে জম্মু-কাশ্মীৰৰ পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা ঘুৰাই দিয়াৰ দাবীত সৰৱ হৈ পৰিছে নেশ্যনেল কনফাৰেন্সৰ নেতা তথা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা।

বৃহস্পতিবাৰে সৰ্বদলীয় বৈঠকৰ পাছত সাংবাদিকৰ আগত ওমৰ আব্দুল্লাই জানিবলৈ দিছিল যে প্ৰধানমন্ত্ৰীক তেওঁ ২০১৯ৰ ৫ আগষ্ট তেওঁলোকে নামানে বুলি স্পষ্ট কৰি জনাই দিছে।

ওমৰে আব্দুল্লাই কৈছিল,’’বিশ্বাসৰ বান্ধোন ভংগ হৈছে। এইটো এতিয়া কেন্দ্ৰৰ দায়িত্বৰ ভিতৰত পৰে। প্ৰধানমন্ত্ৰীয়ে এই বিশ্বাস পুনৰ প্ৰতিষ্ঠাৰ বাবে সকলোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা উচিত।‘’

তেওঁ লগতে কৈছিল, ‘’আমি ৩৭০ ধাৰা প্ৰত্যাহাৰৰ বিষয়টো নামানো। তথাপি আমি আইন হাতত তুলি নলও। এই বিষয়টোকলৈ লৈ আমি আদালতত যুঁজ দিম।‘’

উপত্যকাৰ নেতাগৰাকীয়ে কাশ্মীৰৰ স্বাৰ্থৰ বিৰুদ্ধে যোৱা সিদ্ধান্তসমূহ ঘুৰাই দিয়া উচিত বুলি দাবী কৰি কয় যে জম্মু-কাশ্মীৰক পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা ঘুৰাই দিয়া উচিত। কেবল জম্মু-কাশ্মীৰৰ ওপৰত ডিলিমিটেশ্যন আৰোপ কৰা হৈছে। আমি আগতেই এনেধৰণৰ ডিলিমিটেশ্যনৰ কোনো দৰকাৰ নাই বুলি কোৱাৰ পাছতো সেয়া আৰোপ কৰা হৈছে।

আনহাতে, পিডিপিৰ নেত্ৰী মেহবুবা মুফটিয়ে বৈঠকৰ পাছত কৈছিল যে জম্মু-কাশ্মীৰৰ জনসাধাৰণ ২০১৯চনৰ ৫আগষ্টৰ পাছত বহু সমস্যাৰ সন্মুখীন হৈছে। তেওঁলোক ক্ষুব্ধ হৈ পৰিছে।

তেওঁ প্ৰধানমন্ত্ৰীক জনায় যে যিদৰে ৩৭০ ধাৰা প্ৰত্যাহাৰ কৰা হ’ল সেয়া জম্মু-কাশ্মীৰৰ জনসাধাৰণে মানি নলয়, তেওঁলোকে অপমানিত বোধ কৰিছে।

মেহবুবাই লগতে কয় যে শান্তিপূৰ্ণভাৱে তথা গণতান্ত্ৰিকভাৱে ৩৭০ ধাৰা যাতে পুনৰ প্ৰতিষ্ঠা কৰিব পৰা যায় তাৰবাবে তেওঁলোকে জম্মু-কাশ্মীৰৰ আন্দোলন চলাই যাব।