বিগত আগষ্ট মাহত অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ পৰা বিশ্ববিদ্যালয়, মহাবিদ্যালয়সমূহৰ শিক্ষকসকললৈ এক নিৰ্দেশনা আহিল যে এতিয়াৰে পৰা পুৰুষ-মহিলা উভয় শিক্ষকেই ফৰ্মেল বা আনুষ্ঠানিক পোছাক পিন্ধিব লাগিব। লগতে নিৰ্দেশনাটিত কোৱা হ’ল যে সমাজৰ গৰিষ্ঠসংখ্যক লোকে সন্মত হোৱা বা ভালপোৱা ধৰণৰ আনুষ্ঠানিক পোছাকহে শিক্ষকসকলে পিন্ধিব পাৰিব। পুৰুষৰ বাবে “ধূতি-পায়জামা” বা “চাৰ্ট-পেন্ট” আৰু মহিলা শিক্ষকৰ বাবে “মেখেলা-চাদৰ”, “শাৰী”,”চেলোৱাৰ চ্যুট” বা আন যিকোনো পৰম্পৰাগত পোছাক পিন্ধিবলৈ অনুমতি প্ৰদান কৰা গ’ল। লগতে অৱশ্যে জিন্চ আৰু টি চাৰ্ট আৰু মহিলাৰ বাবে লগতে লেগিংচ পিন্ধাত বাধা আৰোপ কৰা গ’ল।
মুঠৰ ওপৰত ‘সৌম্য’ ৰঙৰ ‘মাৰ্জিত’ সাজপাৰ, যিবোৰ বেছি জাকজমক নহয়, আৰু পাৰ্টি ৱেৰ নহয়, তেনে পোছাকহে কৰ্মক্ষেত্ৰলৈ পিন্ধি যাবলৈ অনুমতি দিয়া গ’ল। লগতে, এইটোও সোঁৱৰাই দিয়া হ’ল, যে যদি কোনোবাই এই নিয়ম ভংগ কৰে, তেন্তে ৰূল অনুসৰি অনুশাসনমূলক ব্যৱস্থা লোৱা হ’ব। ইয়াৰ কেইমাহমান পূৰ্বে বৰ বেছি সাল-সলনি নোহোৱাকৈ একে ধৰণৰ পোছাক বিধিৰ নিৰ্দেশনা বিদ্যালয়ৰ শিক্ষকসকললৈও জাৰী কৰা হৈছিল। কোৱা বাহুল্য যে এই দুয়োখন নিৰ্দেশনায়ে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল/ কৰিছে।
তিনি ধৰণৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গ’ল। এচাম ৰক্ষণশীল ‘সংস্কৃতি’ ৰক্ষাকাৰী, যিয়ে মহিলা শিক্ষকসকলক বিদ্যালয়-মহাবিদ্যালয়ত চেলোৱাৰ-কামিজ পিন্ধি যোৱাটোৰ ঘোৰ বিৰোধী। পিছে, সৰহভাগেই এই কেইখন নিৰ্দেশনাক আদৰণি জনালে। কাৰণ বিদ্যালয়তে হওক, কিম্বা কমকৈ হলেও বহু মহাবিদ্যালয়তে হওক, মহিলা শিক্ষয়িত্ৰী সকলৰ পোছাকৰ ওপৰত কৰ্মক্ষেত্ৰৰ কৰ্তৃপক্ষ, বা নিজৰ জ্যেষ্ঠ সহকৰ্মী, অভিভাবক, চুবুৰীয়া, ছাত্র সংগঠন ( নিৰ্মল হালৈ মহাবিদ্যালয়ৰ উদাহৰণটি প্ৰণিধানযোগ্য) আদিয়ে চলোৱা নিৰ্মম মানসিক অৱদমন আৰু নিৰ্যাতনৰ বাট বন্ধ হোৱাৰ উপক্ৰম হ’ল।
কিন্তু নিৰ্দেশনা দুখনে সঁচাকৈয়ে বিশেষকৈ, মহিলা শিক্ষকসকলে পিন্ধি যাবলৈ বিচৰা এযোৰ নিজৰ মনোমত সাজপাৰ বাচি ল’বলৈ ‘স্বাধীনতা’ দিলেনে? দেখা গ’ল, চৰকাৰী স্পষ্ট নিৰ্দেশনা থকাৰ পাছতো বহু বিদ্যালয়তে মহিলা শিক্ষকসকলক চেলোৱাৰ-কামিজ পিন্ধিবলৈ বাধা আৰোপ কৰা গ’ল। চৰকাৰে নিয়ম ভংগ কৰা শিক্ষকসকলক শাস্তি দিয়াৰ কথা উল্লেখ কৰিলে, কিন্তু উপৰি উক্ত নিৰ্দেশনা মানি থকা শিক্ষকসকলৰ ওপৰত কোনোবাই জোৰ-জবৰদস্তি কৰিলে, তেনে দমনকাৰীক শাস্তি বিহাৰ কোনো স্পষ্ট নিৰ্দেশনা আগনবঢ়ালে। ফলত বহু মহিলা শিক্ষকৰ বাবেই এই নিৰ্দেশনা “আছে গৰু, নাবায় হাল, হোৱাতকৈ নোহোৱাই ভাল” ৰ দৰেহে হৈছে।
যুগৰ দ্ৰুততাৰ লগত সুবিধাজনক ভাৱে খাপ খুৱাই পুৰুষসকলে নিজৰ পৰম্পৰাগত চোলা-চুৰীয়া সোলকাই কাহানিবাতে এনেকৈ পশ্চিমীয়া পেন্ট-চাৰ্ট গাত মেৰাই ল’লে যে, জনৈক অসমীয়া চিনেমাৰ জ্যেষ্ঠ অভিনেতা এজনে কোৱাৰ দৰেই আমাৰ বহুতৰে মন-মগজুত সোমাই গ’ল যে বোলে অসমীয়া পুৰুষৰ জাতীয় সাজপাৰ পেন্ট- চাৰ্টহে!! আনহাতে, অসমীয়া সংস্কৃতি ৰক্ষা কৰাৰ মহাভাৰ এখন সকলো সময়তে মহিলাৰ গাত এনেদৰে লগ লাগিল, যে, যদিও এগৰাকী শিক্ষকৰ প্ৰধান কাম, লক্ষ্য বা উদ্দেশ্য কোনেও ক’তো সংস্কৃতি ৰক্ষা বুলি ঠিক কৰি দিয়া নাই, তথাপিও পুৰুষতান্ত্ৰিক সমাজৰ সুবিধা মতে সংস্কৃতি ৰক্ষাকাৰী ভিন্ন সাজ এযোৰ সকলোকে সন্তুষ্ট কৰি গাত মেৰিয়াই লোৱাটোহে এগৰাকী ‘মহিলা’ শিক্ষকৰ প্ৰধান দায়িত্ব বুলি লোৱা গ’ল।
আনকি, যোৰহাট জিলাত এক শিক্ষক সমাজে মহিলা শিক্ষকক কোনোপধ্যেই চেলোৱাৰ-কামিজ পিন্ধি বিদ্যালয়লৈ যাবলৈ অনুমতি দিয়া নহ’ব বুলি ঢোল পিটি গৌৰৱেৰে জনাই দিলে। এগৰাকী মহিলা শিক্ষকৰ আত্ম-সন্মান, ব্যক্তিগত স্বাধীনতা আদিলৈ নগৈও চৰকাৰী নিৰ্দেশনা এখন পালনত বাধা আৰোপ কৰা, শিক্ষা-দীক্ষাৰ মানতকৈও কেৱল মহিলা শিক্ষকৰদ্বাৰা ‘সংস্কৃতি’ ৰক্ষাৰ কথা আগত চিন্তা কৰা এনে সংগঠনৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা ল’লে, জনা হোৱা নাই। আনহাতে, মহাবিদ্যালয় স্তৰত ঘটনাই আৰু tragically comic মোৰ লৈছে।
এতিয়া, আগতে চেলোৱাৰ-কামিজ নিষিদ্ধ থকা মহাবিদ্যালয়সমূহত চৰকাৰী নিৰ্দেশনাখনৰ গইনা লৈ, নতুনকৈ চেলোৱাৰ-কামিজ পিন্ধি যাবলৈ আৰম্ভ কৰা শিক্ষয়িত্ৰীসকলৰ দেহক তন্ন তন্নকৈ scan কৰা হৈছে। তেওঁলোকে সৌম্য ৰঙৰ পোছাক পিন্ধিছে নে নাই, ভৰিত কামিজৰ তলভাগত কি পিন্ধিছে, চেলোৱাৰ, নে পালাজ্জু, নে লেগিংছ, নে চিগাৰেট পেন্ট আৰু কোন বিধ কাটৰ পেন্টক এপ্ৰভ কৰা হ’ব,কোনবিধক নহয়, তাক লৈ বিশেষকৈ পুৰুষ শিক্ষকসকল ব্যস্ত হৈ পৰা দেখা গৈছে। আৰু যিহেতু নিৰ্দেশনাকেইখনত শিক্ষক-শিক্ষয়িত্ৰীৰ পোছাকক সকলোৱেই নিৰীক্ষণ কৰাৰ অধিকাৰ আছে, গতিকে যিকোনো হৰি-যদু-মধুৱেই নিজৰ ‘taste’ অনুসাৰে যিকোনো শিক্ষকৰে পোছাকৰ ওপৰত মাত মাতিবলৈ সহজ হ’ল।
যিহেতু সৌম্য বুলি ক’লে কোনো নিৰ্দিষ্ট ৰঙক নুবুজায়, আকৌ মাৰ্জিত শব্দটোও আপেক্ষিক,গতিকে এনে আইনীভাৱে অস্পষ্ট শব্দৰ ব্যৱহাৰেৰে কঠোৰ পোছাক বিধিৰ নিৰ্দেশনা দি তাক আখৰে আখৰে সম্পাদন হোৱাৰ আশা কৰাটোৱেই এটা paradoxৰ বাহিৰে একো নহ’ব। লগতে, উত্তৰ-পূৱৰ যিকোনো জনজাতীয় পৰম্পৰাগত সাজপাৰবোৰলৈ চালে দেখা যায়, যে প্ৰাকৃতিক আৰু ঐতিহাসিক কাৰণতেই এনে পোছাকসমূহ হয় অতি উজ্জ্বল ৰঙৰ। গতিকে সৌম্য ৰঙৰ ব্যৱহাৰৰ কথাটো ইয়াত নাখাটে। তাৰোপৰি, ভাৰতত গ্ৰহণীয় হ’লেও, পৃথিবীৰ সৰহভাগ ঠাইতে,চিলাইৰ প্ৰয়োজন নোহোৱা,এখনীয়া বা দুখনীয়া কাপোৰ ব্যবহাৰ হোৱা শাৰী বা মেখেলা-চাদৰক নিট ক্লীন লুক এটাৰ অভাৱৰ বাবেই আনুষ্ঠানিক পোছাকৰ মৰ্যাদা দিয়া নহ’ব।
লগতে, দেৰীকৈ হ’লেও,ভাৰতে আইনী দিশেৰে হলেও LGBTQIA সকলৰ সপক্ষে যথেষ্ট সময়োপযোগী পদক্ষেপ লৈ আহিছে। Gender justice ৰ বিষয়বস্তুৰ আলোচনা আৰু কাৰ্যকৰীকৰণ আজি আৰু কেৱল নাৰী-পুৰুষৰ বাইনেৰীতে শেষ নহয়। ই queer ( LGBTQIAক সামৰি ব্যাপকাৰ্থত ব্যৱহৃত টাৰ্ম) সকলৰো সমস্যাক আৰু সমাধানক লৈ সৰৱ।
যি সময়ত অসমৰ কোনো কোনো মহাবিদ্যালয়ত queer সকলৰ বাবে বাথৰূম নিৰ্মাণ কৰাৰ বাতৰি পোৱা গৈছে, তৃতীয় লিংগৰ বাবে আসন সংৰক্ষণৰ দৰে যুগসাপেক্ষ পদক্ষেপ লোৱাৰ বাতৰি পোৱা গৈছে,য’ত সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমত লিংগ সংবেদনশীলতাৰ প্ৰসংগ এৰাব নোৱাৰাকৈ সোমাই পৰিছে, (NEPৰ গাঁঠনিত বিশুদ্ধ বিজ্ঞানৰ ছাত্র-ছাত্ৰীসকলেও এতিয়াৰ পৰা এই পাঠবোৰ পঢ়িবলৈ পাব) ; তেনে সময়তে সেই পাঠ পঢ়ুওৱা শিক্ষকসকলে লক্ষ্য কৰিছে যে অসম চৰকাৰৰ দুয়োখন নিৰ্দেশনাতে দুখ লগা ধৰণে লিংগ সংবেদনশীলতা অনুপস্থিত। পুৰুষসকলৰ বাবে পশ্চিমীয়া এবিধ সাজপাৰ গৃহীত কৰি, মহিলাসকলৰ বাবে নিষিদ্ধ কৰা হৈছে। Queer শিক্ষকসকলে কি পিন্ধিব? ‘পুৰুষ’ৰ পোছাক নে ‘মহিলা’ৰ এই বিষয়ে
কোনো স্পষ্টতা নাই। শিক্ষকসকলক একো একোজন নৱ সমাজৰ দিগ্ দৰ্শক বুলি কোৱা হয়। তেওঁলোকে নতুন প্ৰজন্মটোক নতুন নতুন প্ৰশ্ন কৰিবলৈ শিকায়, স্বাধীন আৰু মুক্ত মন এটা লৈ সমতা আৰু স্বাধীনতাৰে বাট বুলিবলৈ শিকায়। একো একোজন ভাল নাগৰিক হ’বলৈ শিকায়। শিক্ষকসকলে সেয়ে নিজৰ কৰ্তব্য সম্পর্কে নিজে সচেতন। নিজে স্বজ্ঞানে বাচি লোৱা দায়িত্বপূৰ্ণ পেশাটোৰ সমাজ স্বীকৃত মৰ্যাদাক চাই যি সকল শিক্ষকে নিজে- নিজেই কৰ্মক্ষেত্ৰলৈ নিজৰ অলপ মাথো সুবিধা হোৱাকৈ সাজপাৰ পিন্ধি যাব বিচাৰে, তেওঁলোকৰ বাবে সুকীয়াকৈ,অস্পষ্ট ভাষাৰে নিৰ্মিত, লৈংগিকভাৱে অসংবেদনশীল, ভৱিষ্যতৰ বাবে কোনো পৰিৱৰ্তনৰ দ্বাৰ ৰুদ্ধ এক পোছাক-বিধিৰ প্ৰযোজন আছিল নে? আজিৰ তাৰিখত এইটো শিক্ষকসকলৰ বাবে এক মৰ্যাদাৰো প্ৰশ্ন।