DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home অভিমত

বি.এড,ব্যক্তিগত খণ্ড আৰু শিক্ষাৰ্থী

তাপস মালী by তাপস মালী
March 21, 2022 2:43 pm
Article by Tapash Mali
412
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান সময়ত শিক্ষকতা বৃত্তিৰ লগত জড়িত হ’ব খোজা প্ৰতিজন ব্যক্তিৰ বাবে চৰকাৰে বি.এড ডিগ্ৰী বাধ্যতামূলক কৰিছে যাৰ ফলত ৰাজ্যৰ বি.এড কলেজসমূহে এক নতুন প্ৰাণ পাইছে। বৰ্তমান শিক্ষকতা বৃত্তিৰ প্ৰতি আগ্ৰহ থকা প্ৰতিজন শিক্ষাৰ্থীয়ে অসমৰ বিভিন্ন বিশ্ববিদ্যালয়সমূহৰ অধীনত আগবঢ়োৱা বি.এড ডিগ্ৰীৰ সুবিধা গ্ৰহণ কৰি নিজৰ শিক্ষক হোৱা সপোন পূৰ কৰিব পাৰে।

অসমৰ মূলতঃ গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কথা এই প্ৰসংগত উল্লেখ কৰিব পাৰি।

এতিয়া আহিছো গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ বি.এড ডিগ্ৰীৰ প্ৰসংগলৈ।পৰীক্ষা অনুষ্ঠিত কৰাত আৰু পৰীক্ষাৰ ফলাফল ঘোষণাত কৰা বিসংগতিৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এক নাম আছে আৰু এইবেলি বি.এড ডিগ্ৰীৰ ক্ষেত্ৰতো তেওঁলোকে নিজৰ এই গৰিমা বৰ্তাই ৰখাত কোনো ধৰণৰ কৃপণালি কৰা দেখা নগ’ল।

বি.এড ডিগ্ৰীত অন্তৰ্ভুক্ত হ’বলৈ অনুষ্ঠিত কৰা প্ৰৱেশ পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ নামত পৰীক্ষাৰ্থীৰ পৰা ১১০০ টকাকৈ মাচুল সংগ্ৰহ কৰা গুৱাহাটী বিশ্ববিদ্যালয়ে ফলাফল ঘোষণা কৰিবলৈ প্ৰায় এমাহ সময় লগাইছিল।এই পলমকৈ ঘোষণা কৰা ফলাফলতো আকৌ বিসংগতিৰ কোনো শেষ নাছিল।

পৰীক্ষাৰ্থীৰ তালিকাত আছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়, ষ্টেট বেংক অফ ইণ্ডিয়া ইত্যাদিৰ নাম; যাৰ ফলত একেবাৰে শুদ্ধ ফলাফল উলিয়াওতে তেওঁলোকে ৩-৪ বাৰ সংশোধন কৰিবলগীয়া হৈছিল।

এইবাৰ আহিছো ফলাফলৰ পিছৰ পৰ্যায় অৰ্থাৎ নামভৰ্তি পৰ্যায়লৈ।শিক্ষকতাৰ বাবে বি.এড ডিগ্ৰী বাধ্যতামূলক কৰা অসম চৰকাৰৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত আছে মাত্ৰ ৭ ৰ পৰা ৮ খন বি.এড মহাবিদ্যালয়।ইয়াৰে আকৌ কিছুমানত National Council for Teacher Education চমুকৈ NCTE-ৰ স্বীকৃতি নথকাৰ বাবে সেইসমূহত নামভৰ্তি বন্ধ হৈ আছে।

বাকী যি কেইখনত নামভৰ্তি কৰিব পাৰি সেইসমূহতো অধিকাংশ আসন ইতিমধ্যে নিযুক্তি লাভ কৰা শিক্ষকসকলৰ বাবে সংৰক্ষিত কৰি ৰখা হৈছে। উদাহৰণস্বৰূপে ক’বলৈ গ’লে নগাওঁৰ চৰকাৰী শিক্ষণ মহাবিদ্যালয়ত ১০০ শতাংশ আসন নিযুক্তি প্ৰাপ্ত শিক্ষকসকলৰ বাবে সংৰক্ষিত ৰখা হৈছে,যিটো খুব আচৰিত কথা।

ইয়াৰ উপৰিও দুই-এখন চৰকাৰী মহাবিদ্যালয়ত ২৫ শতাংশ আসনো শিক্ষাৰ্থীসকলৰ বাবে মুকলি কৰি দিয়া হোৱা নাই, যিয়ে শিক্ষাৰ্থীসকলক বিপাঙত পেলাইছে। অৰ্থাৎ পোনপটীয়াকৈ ক’ব গ’লে চৰকাৰী খণ্ডৰ মহাবিদ্যালয়ত এই ডিগ্ৰী লাভ কৰাটো বৰ্তমান প্ৰায় অসম্ভৱ।

প্ৰায় কেইবা হেজাৰ ছাত্ৰ-ছাত্ৰীৰ নাম ফলাফলৰ তালিকাত ওলাল যদিও ইয়াৰে প্ৰায় ২০০ ছাত্ৰ-ছাত্ৰীয়েও হয়তো চৰকাৰী খণ্ডৰ বি.এড মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিব নোৱাৰিলে। সৰল অৰ্থত বি.এড ডিগ্ৰী এতিয়া অতি চতুৰতাৰে প্ৰায় সম্পূৰ্ণভাৱে ব্যক্তিগত খণ্ডক গতাই দিয়া হৈছে,যাৰ ফলত বি.এড এতিয়া অভিলাষী ডিগ্ৰীত পৰিণত হৈছে।

যি সময়ত চৰকাৰী খণ্ডৰ মহাবিদ্যালয়ত ২০ ৰ পৰা ৪০ হেজাৰ টকাৰ ভিতৰত এজন শিক্ষাৰ্থীয়ে দুবছৰীয়া বি.এডৰ শিক্ষা সাং কৰিব পাৰে, তেনে ক্ষেত্ৰত প্ৰথমটো বছৰতে প্ৰায় ৫৫ ৰ পৰা ৯৫ হেজাৰ টকা ব্যয়েৰে ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয়ত তেওঁলোকক নামভৰ্তি কৰাৰ বাবে বাধ্য কৰা হৈছে।

কিছুমান মহাবিদ্যালয়ত আকৌ কম নম্বৰ পোৱা শিক্ষাৰ্থীৰ পৰা ১ লাখ ৩০ হেজাৰ পৰ্যন্ত টকা(Donation quota) লৈ তেওঁলোকক নামভৰ্তি কৰি দিয়া হৈছে যাৰ ফলত উচিত নম্বৰ পোৱা সত্বেও বহুতে ক’তো আসন লাভ নকৰাকৈয়ে থাকিবলগা হৈছে। এয়া হৈছে বৰ্তমান সময়ত বি.এড কৰিব বিচৰা শিক্ষাৰ্থীৰ অৱস্হা যিয়ে তেওঁলোকৰ জীৱনলৈ এক অনিশ্চয়তা কঢ়িয়াই আনিছে। আকৌ বিশেষকৈ ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয়ৰ ওপৰতে ভিত্তি কৰিবলগীয়া হোৱা হেতুকে দুখীয়া শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে বহু অসুবিধাৰ সন্মুখীন হৈছে।

এতিয়া বহুত তেনে শিক্ষাৰ্থীয়ে বি.এডৰ আশা বাদ দিয়াৰ বিপৰীতে কিছুমানে ঋণ গ্ৰহণ কৰি শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে, যিয়ে তেওঁলোকৰ পৰিয়ালৰ ওপৰত এক আৰ্থিক বোজাৰ সৃষ্টি কৰিছে।

প্ৰৱেশ পৰীক্ষাৰ ফলাফল, নামভৰ্তি প্ৰক্ৰিয়াৰ পিছত এইবাৰ আহিছো চৰকাৰৰ এক অভিলাষী কেম্পেইন ডিজিটেল ইণ্ডিয়া মিছনৰ ওপৰত। ২০১৫ চনত মুকলি কৰা এই কেম্পেইনৰ মূল উদ্দেশ্য আছিল মূলতঃ অনলাইন পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা।কিন্তু ২০১৫ চনত মুকলি কৰা সেই কেম্পেইনে অসমৰ বি.এড মহাবিদ্যালয়সমূহক আজিকোপতি চুব নোৱাৰিলে।

আজিও এই মহাবিদ্যালয়সমূহৰ প্ৰ-পত্ৰ লোৱাৰ পৰা জমা দিয়ালৈ সকলো কাম অফলাইন পদ্ধতিত চলি আছে,যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে সাংঘাটিক অসুবিধাৰ সন্মুখীন হৈছে।সকলোবোৰ মহাবিদ্যালয়তে প্ৰায় একেটা সময়তে প্ৰ-পত্ৰ মুকলি কৰি দিয়াৰ বাবে শিক্ষাৰ্থীসকলে ইমূৰৰ পৰা সিমূৰলৈ অহৰহ যাত্ৰা কৰি থাকিবলগীয়া হৈছে।

শিৱসাগৰ,যোৰহাট,ধেমাজি,মাজুলী,গোলাঘাট,গোৱালপাৰা,বিশ্বনাথ আদি অসমৰ ভিন ভিন অঞ্চলৰ শিক্ষাৰ্থীসমূহে দিন ৰাতি একাকাৰ কৰি প্ৰ-পত্ৰ সংগ্ৰহ আৰু জমা দিয়াৰ নামত এক তিক্ত অভিজ্ঞতা যে লাভ কৰিছে সেইটো খাটাং।এনে ধৰণৰ ব্যৱস্হাই তেওঁলোকক শাৰিৰীক,মানসিক তথা আৰ্থিকভাৱে যে হাৰাশাস্তি কৰিছে সেই কথাত হয়তো কাৰো দ্বিমত নাথাকিব।

প্ৰশ্ন হয়,যি কৰোণাৰ তৃতীয় ঢৌৰ সময়ত চৰকাৰে SOP জাৰি কৰি মানুহক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাই আছিল,সেই একেটা সময়তে চৰকাৰৰ অকৰ্মণ্যতাৰ বাবে এই শিক্ষাৰ্থীসকলে মৰণক শৰণ কৰি ঘূৰি ফুৰিবলগীয়া হোৱা নাছিল নে?

সকলো ক্ষেত্ৰতে ডিজিটেল ইণ্ডিয়াৰ কথা কোৱা চৰকাৰে এইটো ক্ষেত্ৰত কিয় কোনো ব্যৱস্হা গ্ৰহণ কৰা নাই?কিয় কেৱল প্ৰ-পত্ৰ পূৰণৰ বাবে শিক্ষাৰ্থীয়ে এনেদৰে দৌৰি ফুৰিবলগীয়া হৈছিল?অনলাইলত প্ৰ-পত্ৰ পূৰাব পৰাকৈ কিয় চৰকাৰ বা গুৱাহাটী বিশ্ববিদ্যালয়ে মহাবিদ্যালয়সমূহক কোনো ধৰণৰ গাইডলাইন জাৰি কৰা নাছিল?

যদি জাৰি কৰিছিল,তেন্তে কিয় গোটেই প্ৰক্ৰিয়াটো সময়ৰ আগতে সম্পূৰ্ণ হৈ নুঠিল?চৰকাৰ এখনে বি.এড বাধ্যতামূলক বুলি নিজে ঘোষণা কৰি ছাত্ৰ-ছাত্ৰীসকলক আজিলে পৰ্যাপ্ত আসনৰ ব্যৱস্হা কৰি দিব নোৱাৰোটো খুব লাজৰ কথা।অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত দেখুওৱা উদাসীনতাই ব্যক্তিগত খণ্ডক পাৰি দিয়া বৰপীৰাৰে ইংগিত বহন কৰা নাই নে?

গতিকে এনেধৰণৰ বহুতো প্ৰশ্ন আছে,যিবোৰৰ উত্তৰ চৰকাৰ তথা গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সময় থাকোতেই শিক্ষাৰ্থী তথা সকলোকে দিয়া উচিত।

এক কথাত ক’ব গ’লে গোটেই বি.এড পদ্ধতিটো এতিয়া ব্যক্তিগত খণ্ডৰ ভৰসাত এৰি দিয়া হৈছে।অসম চৰকাৰৰ বিয়াগোম শিক্ষা বিভাগ থকাৰ পিছতো ব্যক্তিগত খণ্ডৰ ওপৰত ভৰষা কৰিব লগা হোৱা কথাটোৱে জলজল-পটপটকৈ শিক্ষা বিভাগ তথা চৰকাৰৰ অকৰ্মণ্যতাৰে পৰিচয় দাঙি ধৰিছে।অতি সোনকালে চৰকাৰে এই ক্ষেত্ৰত উচিত ব্যৱস্হা গ্ৰহণ কৰিব লাগে যাতে শিক্ষাৰ্থীসকলে ভৱিষ্যতে এনে ধৰণৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয়।

চৰকাৰী খণ্ডত অধিক বি.এড মহাবিদ্যালয়ৰ ব্যৱস্থা কৰিব লাগে যাতে একেবাৰে দুখীয়া শ্ৰেণীৰ শিক্ষাৰ্থীয়েও বিশেষ অসুবিধা অবিহনে নামভৰ্তি কৰিব পাৰে।নিযুক্তি প্ৰাপ্ত শিক্ষকসকলৰ বাবেও কিবা অন্য ব্যৱস্হা কৰিব লাগে যাতে তেওঁলোকৰ বাবে চৰকাৰী বি.এড মহাবিদ্যালয়সমূহত কোনো ধৰণৰ আসনৰ অভাৱ নঘটে। তেতিয়াহে আৰু অধিক শিক্ষাৰ্থী শিক্ষকতা বৃত্তিৰ প্ৰতি আকৃষ্ট হ’ব আৰু ৰাজ্যখনত শিক্ষাৰ ব্যৱস্থাটোৱে এক অনন্য মাত্ৰা লাভ কৰিব।

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd