DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম সাহিত্য সভা পত্ৰিকাৰ বাবে লিখনি আহ্বান ,এই ঠিকনা-ফোন নম্বৰত লেখকে কৰিব পাৰে যোগাযোগ

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
December 24, 2021 2:28 pm
138
VIEWS
Share on FacebookShare on Twitter

অসম সভা পত্ৰিকাৰ ষষ্ঠ সংখ্যাটো অসমীয়া-সাহিত্য বিশেষ সংখ্যা হিচাপে প্ৰকাশ কৰাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে বুলি অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক উপেন্দ্ৰজিত শৰ্মাই জানিবলৈ দিছে ।

উল্লেখযোগ্য যে ইতিমধ্যে অসম সাহিত্য সভাই দুলীয়াজান সাহিত্য সভাৰ আতিথ্যত অনুষ্ঠিত কাৰ্য নিৰ্বাহক সভাৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড.কুলধৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত আদৰণী পৰ্বত অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ড.উপেন্দ্ৰজিত শৰ্মাও উপস্থিত থাকে।

ড.উপেন্দ্ৰজিত শৰ্মাৰ দ্বাৰা সম্পাদিত অসম সাহিত্য সভা পত্ৰিকাৰ পঞ্চম সংখ্যাটো অসমীয়া গীতি -সাহিত্য বিশেষ সংখ্যা হিচাপে প্ৰকাশ কৰি উলিওৱা হৈছে। উক্ত সংখ্যাটো অসম সাহিত্য সভাৰ সভাপতি ড.কুলধৰ শইকীয়া ,উপসভাপতি মৃণালিনী দেৱী ,অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি প্ৰহ্লাদ চন্দ্ৰ তাচাই উন্মোচন কৰে।

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হোমেন বৰগোহাঞিৰ শ্ৰদ্ধাৰ্ঘ্যত প্ৰকাশ পাব লগীয়া পত্ৰিকাৰ ষষ্ঠ সংখ্যাটোৰ সম্পাদনাৰ কাম চলি আছে । এই সংখ্যাটো অসমীয়া সাহিত্য বিশেষ সংখ্যা হিচাপে প্ৰকাশ কৰা হ’ব ।

সেয়েহে অসমীয়া সাহিত্যৰ বিভিন্ন ধাৰা ,মতবাদ ,শৈলী বিচাৰ , সাহিত্যৰ প্ৰাচীনতা ,কালজয়ী অসমীয়া সাহিত্যৰ বিচাৰ -বিশ্লেষণ আদি বিষয়ৰ লগতে হোমেন বৰগোহাঞিদেৱৰ সাহিত্য কীৰ্তি ,সংবাদ সেৱা জীৱনৰ মূল্যবান বক্তব্য আদি বিষয়ক গৱেষণাধৰ্মী প্ৰৱন্ধৰ লগতে অন্য বিষয়ৰো গৱেষণামূলক প্ৰৱন্ধ অহা ১৫ জানুৱাৰীৰ ভিতৰত এই সংখ্যাত প্ৰকাশৰ বাবে প্ৰেৰণ কৰিবলৈ অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ড.উপেন্দ্ৰজিত শৰ্মাই অনুৰোধ জনাইছে ।

প্ৰতি তিনি মাহৰ মূৰে মূৰে প্ৰকাশ পাই অহা অসম সাহিত্য সভাৰ গৱেষণাধৰ্মী পত্ৰিকাখনৰ বাবে সম্পাদকগৰাকীয়ে লেখক -সাহিত্যিকৰ তৰফৰ পৰা ভাষা -সাহিত্য -সংস্কৃতি বিষয়ক গৱেষণালব্ধ প্ৰৱন্ধ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছে ।

লেখক -লেখিকাসকলে পেজমেকাৰ গীতাঞ্জলি ফণ্টত প্ৰৱন্ধটো টাইপ কৰি [email protected] অথবা [email protected] ই-মেইলত প্ৰেৰণ কৰিবলৈ পত্ৰিকা সম্পাদক গৰাকীয়ে অনুৰোধ জনাইছে ।

প্ৰৱন্ধ প্ৰেৰণৰ বাবে ইচ্ছুক ব্যক্তি বিশেষে প্ৰৱন্ধৰ বিষয় সম্পৰ্কে আগতীয়াকৈ ফোন অথবা ৱাটচ এপ যোগে যোগাযোগ কৰিব পাৰে ।

পত্ৰিকা সম্পাদকৰ ঠিকনা -ড.উপেন্দ্ৰজিত শৰ্মা ,মুৰব্বী অধ্যাপক ,অসমীয়া বিভাগ ,ভোলানাথ মহাবিদ্যালয়,ধুবুৰী । যোগাযোগৰ ভ্ৰাম্যভাষ নম্বৰ ৮৬৩৮৮২২৬৬৪ অথবা ৯৪৩৫১২৯৮৭৪ (ৱাটচ্ এপপ)।

Recent News

Owaisi

ভাৰতীয় হোৱা হ’লেই বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ সন্মুখীন হ’ল হয় হিণ্ডেনবাৰ্গ!

ভয়ংকৰ বাছ দুৰ্ঘটনা: ৩০ যাত্ৰীৰ মৃত্যু, আহত ১৫ যাত্ৰী

ভয়ংকৰ বাছ দুৰ্ঘটনা: ৩০ যাত্ৰীৰ মৃত্যু, আহত ১৫ যাত্ৰী

আৰক্ষীৰ নাকৰ তলতে এখন বিশ্ববিদ্যালয়ৰ মাটি দখলৰ চেষ্টা ভূ-মাফিয়াৰ!

আৰক্ষীৰ নাকৰ তলতে এখন বিশ্ববিদ্যালয়ৰ মাটি দখলৰ চেষ্টা ভূ-মাফিয়াৰ!

উদয়ীমান ছবি পৰিচালক মহৰ্ষি তুহিন কাশ্যপৰ সৈতে অলপ আলাপ

উদয়ীমান ছবি পৰিচালক মহৰ্ষি তুহিন কাশ্যপৰ সৈতে অলপ আলাপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd