NORTHEAST NOW (Assamese)

কৃত্ৰিম বানত বিপৰ্যস্ত গুৱাহাটী! বাৰিষাৰ প্ৰথমজাক বৰষুণতেই জলবন্দী মহানগৰবাসী

April 22, 2025 10:42 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 22, 2025 10:43 am

গুৱাহাটী মহানগৰীত সোমবাৰে নিশা আৰু মঙলবাৰে পুৱা হোৱা বৰষুণে সৃষ্টি কৰা কৃত্ৰিম বানৰ ফলত তীব্ৰ যান-জঁট আৰু জীৱন যাত্ৰাৰ ব্যাপক বিঘিনি ঘটিছে। হঠাৎ হোৱা বানৰ ফলত সাধাৰণ জনতা যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে।

প্ৰবল বৰষুণৰ লগতে দুৰ্বল জল নিষ্কাশন ব্যৱস্থাৰ ফলত চহৰৰ প্ৰায় সকলো ঠাই জলমগ্ন হোৱাৰ ফলত বাসিন্দাসকলে যাতায়তৰ সমস্যাৰ সন্মুখীন হৈছে।

প্ৰবল বৰষুণৰ বাবে যোৰাবাটত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। বানত বুৰ গৈছে মহানগৰীৰ হাতীগাওঁ, ওৱাৰলেচ, চানমাৰি, লাচিত নগৰ, অনিল নগৰ, নবীন নগৰ। একেদৰে,উজান বজাৰ, বেলতলা, জু-ৰোড আদিতো বানৰ সৃষ্টি হৈছে।

যাতায়তকাৰীসকলে দীঘলীয়া সময় যান-জঁটত আৱদ্ধ হৈ পৰাৰ সম্ভাৱনা দেখা গৈছে। মহানগৰীৰ মূল পথসমূহত বানৰ বাবে তীব্ৰ যানজঁটৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে।

ইপিনে, কৃত্ৰিম বানপানীৰ ফলত মহানগৰীৰ আন্তঃগাঁথনি আৰু বাৰিষাৰ বৰষুণৰ বাবে প্ৰস্তুতি সম্পৰ্কে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

বিশেষজ্ঞসকলে অপৰ্যাপ্ত নিষ্কাশন ব্যৱস্থা আৰু অপৰিকল্পিত নগৰায়নে এনে সংকটৰ বাবে অৰিহণা যোগোৱাটোকে প্ৰাথমিক কাৰক হিচাপে আঙুলিয়াই দিয়ে। 

Related News