• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ড০ সমুজ্জ্বল ভট্টাচাৰ্যৰ আন্তৰিক প্ৰচেষ্টাত দুৰ্ঘটনাত ভৰি হেৰুওৱা কটনৰ ছাত্ৰৰ কৃত্ৰিম ভৰি সংৰোপন

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
December 16, 2021 5:53 pm
WhatsApp Image 2021-12-16 at 3.48.11 PM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মানুহে মানুহৰ বাবে যদিহে অকণো  নাভাবে/অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা’- বিশ্ববৰেণ্য ড° ভূপেন হাজৰিকাদেৱৰ এই কথাকেই সৰোগত কৰি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্যৰ আন্তৰিক প্ৰচেষ্টাত আজি এক আশাৰ খবৰৰ সাক্ষী হ’ল কটন বিশ্ববিদ্যালয়।

কিয়নো সৰুতেই দুৰ্ঘটনাত ভৰি এখন হেৰুৱাই এক কষ্টসাধ্য জীৱনৰ পথত খোজ দিয়া সঞ্জয় বড়ো নামৰ কটন বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰগৰাকীৰ বাবে এখন কৃত্ৰিম ভৰি সংৰোপনৰ ব্যৱস্থা সফলভাৱে সম্পন্ন হয়।

এই উপলক্ষে বৃহস্পতিবাৰে কটন বিশ্ববিদ্যালয়ৰ এলামনাই ভৱনত কটন বিশ্ববিদ্যালয় আছু গোটৰ উদ্যোগত আয়োজিত হয় ‘আকাশ চুবলৈ মন’ শীৰ্ষক এক মননশীল অনুষ্ঠান।

Apply Now

Also Read: সাক্ষাৎ কৰিবলৈ অহা মুখ্যমন্ত্ৰীক অসমীয়া ভাষা ৰক্ষাৰ আহ্বান জ্ঞানপীঠ বঁটা বিজয়ী নীলমনি ফুকনৰ

কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° দিগন্ত কুমাৰ দাসে উদ্বোধনী ভাষণ আগবঢ়োৱা অনুষ্ঠানটোৰ আৰম্ভণিতে এক তথ্যচিত্ৰ প্ৰদৰ্শন ক’ৰা হয়। তথ্যচিত্ৰখনিৰ জৰিয়তে মেধাৱী ছাত্ৰ সঞ্জয় বড়োৱে জীৱনৰ কঠিনতা স্বত্বেও আগবাঢ়ি যোৱাৰ মানসিক দৃঢ়তাক প্ৰদৰ্শন কৰাৰ লগতে ছাত্ৰ গৰাকীৰ বাবে এখন কৃত্ৰিম ভৰি সংৰোপনৰ সমগ্ৰ পৰিক্ৰমা দাঙি ধৰা হয়।

ইয়াৰ পাছতেই অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকলক আদৰণি জনোৱা হয়। অনুষ্ঠানটিৰ মধ্যমণি মেধাৱী কটনিয়ান সঞ্জয় বড়োক এক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে উদ্যোক্তাসকলে।

অনুষ্ঠানটিত উপস্থিত থাকি সঞ্জয় বড়োৰ ভাতৃ অজয় বড়োৱে আছুৰ মুখ্য উপদেষ্টা ড° ভট্টাচাৰ্য আৰু কটন বিশ্ববিদ্যালয় আছু গোটৰ প্ৰচেষ্টাৰ শলাগ লয়।

Also Read:কৃতি প্ৰবীণ খেলুৱৈৰ দুৰ্দশা! দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিছে এইগৰাকী এথলিটে

অনুষ্ঠানত নিজৰ মত প্ৰকাশ কৰি সঞ্জয় বড়োৱে নিজৰ জীৱনৰ জটিলতা আৰু কটন বিশ্ববিদ্যালয়ত লাভ কৰা বন্ধুত্ব আৰু সহযোগিতাৰ অনন্য অভিজ্ঞতা ব্যক্ত কৰে।

ভাষণ প্ৰসংগত ড° সমুজ্জ্বল ভট্টাচাৰ্যই কয়, ”সঞ্জয় বড়োৰ বাবে কটনিয়ানসকলে যি পদক্ষেপ গ্ৰহণ কৰিলে সেইয়া সঁ‌চাকৈ প্ৰশংসনীয়। কটন বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰাই আজি এই কথা আমি সমগ্ৰ অসমক ক’ব খোজো যে কোনো ছাত্ৰ-ছাত্ৰীয়ে অসুবিধাত পৰি বিষাদগ্ৰস্ত হ’ব নালাগে। ভৱিষ্যতে নিজৰ সতীৰ্থসকলক সহায় কৰিবলৈ অসমৰ প্ৰত্যেকখন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী ওলাই আহিব। কটনিয়ানৰ মানৱতাৰ এই আন্দোলন সমগ্ৰ অসমতে বিয়পি পৰক।”

অনুষ্ঠানত ভাষণ ৰাখি সাংবাদিক গৌতম শৰ্মাই কয়, ”মানুহে মাটিত ভৰি থৈ আকাশ চোৱাৰ সপোন পুহি ৰাখিব লাগে। কটনৰ পৰা তেনে এক আন্দোলনৰ আৰম্ভণি হৈছে। এই পদক্ষেপৰ বাবে কটনিয়ানসকল, সদৌ অসম ছাত্ৰ সন্থা ধন্যবাদৰ পাত্ৰ।”

উল্লেখ্য যে, প্ৰায় ১২ বছৰ পূৰ্বে ঠেলা লৈ কামলৈ ওলাই যাওতে এটা দুৰ্ঘটনাত পতিত হৈছিল বিজনীৰ কণমানি সঞ্জয় বড়ো। দুৰ্ঘটনাত সঞ্জয় বড়োৰ ভৰি এখন ভাগি গৈছিল।

Also Read:৫০ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগত অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদকক গ্ৰেপ্তাৰ

কিন্তু সৰুতেই পিতৃহাৰা হোৱা সঞ্জয় বড়োৰ আৰ্থিকভাৱে অতি পিছপৰা পৰিয়ালটোৰ বাবে গুৱাহাটীলৈ আহি চিকিৎসা কৰোৱাটো সম্ভৱপৰ নাছিল। যাৰ বাবে স্থানীয় কবিৰাজৰ জৰিয়তেই বড়োৰ চিকিৎসা কৰোৱা হৈছিল।

ফলত ভগা ভৰিখনৰ সংক্ৰমণ হৈ পৰৱৰ্তীসময়ত ভৰিখন হেৰুৱাব লগীয়া হৈছিল মেধাৱী ছাত্ৰজনে। ইয়াৰ পাছতো হাৰ নমনা ছাত্ৰজনে চলাই গৈছিল জীৱনৰ কঠোৰ সংগ্ৰাম। কঠিনতাৰ মাজেৰেই সঞ্জয়ে বিজনী কলেজৰ পৰা দৰ্শন বিভাগত স্নাতক আৰু কটন বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

উল্লেখ্য যে  কটন বিশ্ববিদ্যালয়ত সঞ্জয় বড়োৱে নামভৰ্তি কৰাৰ পাছতেই তেওঁৰ সতীৰ্থ কটনিয়ান আৰু ৰজনীকান্ত বৰদলৈ ছাত্ৰাৱাসৰ আৱাসীসকলে তেওঁৰ বাবে এখন কৃত্ৰিম ভৰি সংৰোপনৰ ব্যৱস্থা কৰাৰ সপোন দেখিছিল।

Also Read:মহিলাৰ বিয়াৰ বয়স ২১ বছৰলৈ বৃদ্ধিৰ প্ৰস্তাৱত অনুমোদন কেবিনেটৰ

কটন বিশ্ববিদ্যালয় আছু গোটৰ উদ্যোগত উত্তৰ পূৱ ছাত্ৰ সংগঠনৰ উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ প্ৰচেষ্টাত আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থা, প্ৰাক্তন ছাত্ৰ নেতা হৃষীকেশ বৰঠাকুৰকে আদি কৰি বিভিন্ন জনৰ সহযোগিতাত এইয়া সম্ভৱ হৈ উঠে।

চলিত বৰ্ষত প্ৰায় তিনি লাখ আশী হাজাৰ টকা ব্যয় সাপেক্ষে সঞ্জয় বড়োক এখন উন্নত প্ৰযুক্তি সম্পন্ন কৃত্ৰিম ভৰি সংৰোপনৰ ব্যৱস্থা কৰা হয়। যাৰ সহায়ত ভৱিষ্যত দিনত বড়োৱে অধিক সক্ৰিয়তাৰে কাম কৰি যোৱাত সফল হ’ব।

আজিৰ অনুষ্ঠানটিত নেছ’ৰ উপদেষ্টা তথা আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্য, কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° দিগন্ত কুমাৰ দাস, বিশিষ্ট সাংবাদিক গৌতম শৰ্মা, কটন বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক ড° সঞ্জয় কুমাৰ দত্ত, কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যান সঞ্চালক ড° প্ৰশান্ত শৰ্মা, অধ্যাপিকা ড° ফুনু দাস, কটন কলেজ এলামনাই এছ’চিয়েনৰ সাধাৰণ সম্পাদক জগদীশ দত্ত উপস্থিত থাকে।

Also Read:কেমেৰাৰ সন্মুখতে উচুপি উঠিল বঞ্চিত মধ্যাহ্ন ভোজন ৰান্ধনীয়ে

তদুপৰি, সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি আনোৱাৰ হুচেইন, সাধাৰণ সম্পাদক নয়নজ্যোতি দাস, আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰাইফুদ্দিন আহমেদ,  প্ৰাক্তন ছাত্ৰ নেতা তথা যুৱ উদ্যোমী হৃষীকেশ বৰঠাকুৰ, কটন বিশ্ববিদ্যালয় আছু গোটৰ উপদেষ্টা জ্ঞানেন্দ্ৰ কলিতা, দ্বীপজ্যোতি দাস, জিন্টু ঠাকুৰীয়াকে আদি কৰি বিশ্ববিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰী আৰু আছু কৰ্মীসকলো অনুষ্ঠানত উপস্থিত থাকে।

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

August 4, 2026 1:44 pm
গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

August 4, 2026 12:39 pm
‘মই আগেয়ে ভাবিছিলো…’, বাঁকিপুৰত প্ৰশান্ত কিশোৰৰ জয়ৰ পিছত কি ক’লে অসমীয়া পত্নী জাহ্নৱীয়ে?

‘মই আগেয়ে ভাবিছিলো…’, বাঁকিপুৰত প্ৰশান্ত কিশোৰৰ জয়ৰ পিছত কি ক’লে অসমীয়া পত্নী জাহ্নৱীয়ে?

August 4, 2026 11:31 am
৩ বছৰত দেশত বন্ধ হৈছে শ শ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান! আন্তঃগাঁথনিৰ অভাৱ, কেন্দ্ৰৰ তথ্যক লৈ উদ্বেগ

৩ বছৰত দেশত বন্ধ হৈছে শ শ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান! আন্তঃগাঁথনিৰ অভাৱ, কেন্দ্ৰৰ তথ্যক লৈ উদ্বেগ

August 4, 2026 10:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

August 4, 2026 1:44 pm
গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

August 4, 2026 12:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd