• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোৱালপৰীয়া লোকগীতৰ সাধক, নাট্যকাৰ হজৰত আলীৰ বিয়োগ : চাপৰত শোকৰ ছাঁ

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
June 8, 2022 7:15 pm
179
VIEWS
Share on FacebookShare on Twitter

গোৱালপৰীয়া লোকগীতৰ সাধক, নাট্যকাৰ, অভিনেতা, দোতৰা বাদক, কাহিনী লেখক, চাপৰস্থিত খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী তথা চাপৰ চহৰৰ ঘুনিমাৰীৰ বাসিন্দা হজৰত আলী (৫৫) আৰু নাই।

গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। উল্লেখ্য যে যোৱা ২ জুনৰ দুপৰীয়া চাপৰৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত কৰ্তব্যৰত অৱস্থাত হজৰত আলী উচ্চ ৰক্তচাপজনিত কাৰণত আকস্মিকভাৱে অসুস্থ হৈ পৰে। ততাতৈয়াকৈ তেওঁক চাপৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। ব্ৰেইন ষ্ট্ৰোক ‘ত আক্ৰান্ত হোৱা আলীক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁওলৈ নিয়া হয়।

কিন্তু তেওঁৰ শাৰীৰিক অৱস্থাৰ দ্ৰুত অৱনতি হোৱাত তেওঁক গুৱাহাটীৰ জি এন আৰ চি হাস্পতালত ভৰ্তি কৰোৱা হয়। কিন্তু তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি হোৱাত আলীক কালি গুৱাহাটী মেট্ৰো হাস্পতালত নিয়া হয়। কিন্তু আজি পুৱা চিকিৎসাধীন অৱস্থাতে তাতে তেওঁৰ মৃত্যু হয়।

চৰকাৰী চাকৰিৰ সমান্তৰাল ভাবে হজৰত আলী গোৱালপৰীয়া লোকগীতৰ এগৰাকী একনিষ্ঠ সাধক আছিল। আঞ্চলিক ভাষাত চিনেমা নিৰ্মাণ কৰা প্ৰতিষ্ঠান ‘চম্পাৱতী প্ৰডাকচন’ৰ মৃত্যুৰ আগলৈকে তেওঁ প্ৰডাকচন মেনেজাৰৰ দায়িত্বত আছিল। চম্পাৱতী প্ৰডাকচনৰ বেনাৰত ২০০৩ চনতে নিৰ্মাণ কৰা গোৱালপাৰীয়া ভাষাৰ চিনেমা ‘চেংৰা বন্ধুৰে’ত আলীয়ে অভিনয় কৰিছিল। তাৰ পিছত তেওঁ ‘চাৰিয়া নাজাইস ৰে’ আদিকে ধৰি চাদ্ৰী আৰু বাংলা ভাষাত নিৰ্মিত ‘প্যাৰী মুন্নী ‘ নামৰ চিনেমা খনত চাহ বাগিচাৰ চৰ্দাৰৰ চৰিত্ৰত অভিনয় কৰি খ্যাতি অৰ্জন কৰিছিল।

এই চিনেমা খনৰ কাহিনীকাৰো হজৰত আলীয়ে আছিল। তাৰোপৰি আন কেইবাখনো গোৱালপাৰীয়া, চাদ্ৰী আদি আঞ্চলিক ভাষাত নিৰ্মিত চিনেমাতো তেওঁ অভিনয় কৰি দৰ্শকৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। তেওঁৰ মৃতদেহ ঘুনীমাৰীস্থিত বাসগৃহলৈ অনাৰ পিছতে চাপৰস্থিত খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত উপ পৰিদৰ্শক জিন্না আলম, বি আৰ পি উৎপল কলিতা আৰু অন্যান্য কৰ্মচাৰীবৃন্দ তেওঁৰ বাসগৃহত উপস্থিত হৈ তেওঁক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

তেওঁৰ অকাল বিয়োগত ধুবুৰী জিলা স্কুল সমূহৰ পৰিদৰ্শক ৰাতুল কুমাৰ দাস, বিশিষ্ট সমাজকৰ্মী তথা লেখক চাজিদ হুছেইন ,চাপৰ প্ৰেছ ক্লাব, চম্পাৱতী প্ৰডাকচনৰ ডাইৰেক্টৰ তথা মৰিগাওঁৰ জ্যেষ্ঠ উপ-পঞ্জীয়ক দীপ্তি ইছলাম, চাপৰৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সম্ৰাট ব্ৰহ্ম,চাপৰ পৌৰসভাৰ ৬নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ চুৰত আলী শ্বেইখ, গদাধৰ কবি চক্ৰৰ সম্পাদক অহিদ খান পেৰিছ, দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ সভাপতি শ্বেখ হেদায়েতুল্লাহ, সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সভাপতি শ্বাহনাৱাজ হুছেইন,চাপৰ চক্ৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি হাছেম আলী, শিক্ষক আব্দুলা শ্বেখ , অমল কুমাৰ দাস, ধুবুৰী জিলা সাহিত্য সভাৰ মুখপাত্ৰ তিলক চন্দ্ৰ প্ৰসাদ আদিকে ধৰি বিভিন্ন দল সংগঠন তথা ব্যক্তি বিশেষে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। মৃত্যুৰ সময়ত আলীয়ে পত্নীসহ তিনি পুত্ৰক ইহ সংসাৰত এৰি থৈ গৈছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd