NORTHEAST NOW (Assamese)

অৰুণাচলৰ উপ-মুখ্য মন্ত্ৰীৰ চাহ বাগিচাৰ মহৰীক অপহৰণ; আলফা (স্বা) জড়িতৰ সন্দেহ

November 12, 2018 1:00 pm · লক্ষ্মণ শৰ্মা

অৰুণাচল প্রদেশৰ নামচাই জিলাত সংঘটিত এক চাঞ্চল্যকৰ ঘটনাত নংটাও অঞ্চলৰ বামচুক বিলস্থিত ছতি চাহ বাগিচাৰ মহৰী দেৱব্ৰত দেবক অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলে অপহৰণ কৰিছে। অপহৰণ কাণ্ডত সন্দেহযুক্ত আলফা (স্বা)ৰ সদস্য জড়িত থকাৰ সন্দেহ কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে দেওবাৰে নিশা প্ৰায় ৭:১৫ বজাত সেনাৰ পোচাকত অহা এটা ৫ জনীয়া অস্ত্ৰধাৰী দলে দেৱব্ৰত দেবক তেওঁৰ অস্থায়ী বাসগৃহৰ পৰা অপহৰণ কৰি নিয়ে। এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া অনুসৰি অস্ত্ৰধাৰী দলেটোৱে নিজকে আলফা (স্বা)ৰ নেতা উদয় অসমৰ গোটৰ সদস্য বুলি পৰিচয় দিছিল।

আনহাতে নামচাইস্থিত নিৰাপত্তা বাহিনীৰ সূত্ৰই জনোৱা অনুসৰি অপহৰণৰ পিছতে তেওঁলোকে বাগিচাৰ কৰ্তৃপক্ষক ৩ কোটি টকা মুক্তিপণ দাবী কৰিছে।

উল্লেখযোগ্য যে অপহৃত দেৱব্ৰত দেবে কাম কৰা ছতি চাহ বাগিচাখনৰ মালিক হৈছে অৰুণাচল প্ৰদেশৰ উপ-মুখ্য মন্ত্ৰী চৌনা মিনৰ পত্নী ছতি মিন।

Related News