• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বান আৰু ভূমিস্খলনত বিধ্বস্ত অৰুণাচল! ১৮টা ঘৰ উটি যোৱাৰ লগতে ৫ জন লোক সন্ধানহীন

নিপকো প্ৰকল্প কলনীৰ ১৮ টা অৰ্ধ-স্থায়ী ঘৰ উটি গ'ল, ভূমিস্খলনৰ ফলত জিলাখনলৈ যাতায়াত সম্পূৰ্ণ বিচ্ছিন্ন, নামনি অসমৰ ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলালৈ সতৰ্কতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 24, 2026 5:44 pm
62
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে নিশাৰ পৰা হোৱা প্ৰৱল বৰষুণৰ ফলত অৰুণাচল প্ৰদেশৰ কেই পানিয়ৰ জিলাত ভয়ংকৰ বান আৰু ভূমিস্খলনৰ সৃষ্টি হৈছে। পাহাৰীয়া জিলাখনৰ নিপকো প্ৰকল্প কলনীত ভূমিস্খলন আৰু বানে ১৮টাকৈ অৰ্ধ-স্থায়ী বাসগৃহ উটুৱাই নিয়াৰ লগতে ৫ জন লোক সন্ধানহীন হৈ আছে। ভূমিস্খলনৰ ফলত জিলাখনলৈ যাতায়াত সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰাৰ বাবে উদ্ধাৰ অভিযান চলোৱাত তীব্ৰ বাধাৰ সৃষ্টি হৈছে। ইয়াৰ সমান্তৰালকৈ, নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ আশংকাত অসম চৰকাৰে নামনিৰ কেইবাখনো জিলাত উচ্চ সতৰ্কতা জাৰি কৰিছে।

গুৱাহাটী আৰু ইটানগৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, কেই পানিয়ৰ জিলাৰ য়াজালি ষ্টেচনত যোৱা ২৪ ঘণ্টাত ৭২.৮ মিলিমিটাৰ বৰষুণ ৰেকৰ্ড কৰা হৈছে। ইয়াৰে সৰ্বাধিক বৰষুণ বুধবাৰে পুৱা ৬ বজাৰ পৰা ৯ বজাৰ ভিতৰত হৈছিল। কেই পানিয়ৰ জিলাৰ উপায়ুক্ত শ্বেতা নগৰকোটিয়ে জানিবলৈ দিয়া মতে, এই প্ৰৱল বৰষুণৰ ফলতে প‘চা নদীত জলপৃষ্ঠ বৃদ্ধি পাই নিপকো প্ৰকল্প কলনীৰ বিস্তৰ ক্ষতিসাধন কৰে। বানৰ ফলত প্ৰকল্পৰ হেলিপেডটোও ক্ষতিগ্ৰস্ত হৈছে, যাৰ বাবে সেনা বা বায়ু সেনাৰ হেলিকপ্টাৰ অৱতৰণ কৰাত অসুবিধা হৈছে।

Apply Now

উপায়ুক্তগৰাকীয়ে লগতে জনায় যে ইতিমধ্যে এজন ভূ-বিজ্ঞানীকে ধৰি চাৰিজন লোকক দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে যদিও আন ৫ জন লোক এতিয়াও সন্ধানহীন হৈ আছে। যাতায়াত বিচ্ছিন্ন হোৱাৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী ইটানগৰ বা জিৰ‘ৰ পৰা দুৰ্ঘটনাস্থলীলৈ যাব পৰা নাই। বৰ্তমান কেৱল ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে খোজকাঢ়ি গৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পনিয়ৰ নামনি জলবিদ্যুৎ প্ৰকল্পৰ এখন স্পিলৱে গেট খুলি অতিৰিক্ত পানী উলিয়াই দিয়াৰ ব্যৱস্থা কৰা হৈছে।

আনহাতে, অৰুণাচল প্ৰদেশৰ এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে ততাতৈয়াকৈ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যৰ মুখ্য সচিবগৰাকীয়ে সংশ্লিষ্ট সকলো কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ নিৰ্দেশ দিছে। অসম চৰকাৰে জাৰি কৰা এক বিবৃতিত উল্লেখ কৰা অনুসৰি, আগন্তুক দুদিনত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ ফলত প্ৰথম অৱস্থাত ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলা প্ৰভাৱিত হোৱাৰ আশংকা কৰা হৈছে আৰু পৰৱৰ্তী সময়ত এই বান ধুবুৰীলৈকে সম্প্ৰসাৰিত হ‘ব পাৰে।

ইয়াৰ উপৰি, প্ৰৱল বৰষুণৰ ফলত অসমৰ ডিব্ৰুগড় জিলাৰ ৩১৫ (ক) নং ৰাষ্ট্ৰীয় ঘাইপথৰ জয়পুৰ ফৰেষ্ট ৰেঞ্জৰ অন্তৰ্গত কঠালগুৰি বিট অফিচৰ সমীপত তিনিটাকৈ স্থানত ভয়ংকৰ ভূমিস্খলন সংঘটিত হৈছে। ইয়াৰ ফলত ডিব্ৰুগড়ৰ জয়পুৰৰ পৰা টিৰাপ জিলাৰ দেওমালি আৰু খোনছালৈ যাতায়াত ব্যাহত হৈ পৰিছে। প্ৰশাসনে ইতিমধ্যে জয়পুৰ-কঠালগুৰি পথত নিশা ৬ বজাৰ পৰা পুৱা ৬ বজালৈ যান-বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে।

বৰ্তমান দুয়োখন ৰাজ্যৰ প্ৰশাসনে পৰিস্থিতি মোকাবিলা কৰিবলৈ সাজু হৈ আছে। অসমৰ প্ৰভাৱিত হ‘ব পৰা জিলাসমূহত এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ দলসমূহক সাজু কৰি ৰখা হৈছে। স্থানীয় প্ৰশাসনে বানপ্ৰৱণ আৰু দ-অঞ্চলৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ আৰু প্ৰয়োজন সাপেক্ষে নিৰাপদ স্থানলৈ যাবলৈ পৰামৰ্শ আগবঢ়াইছে। একে সময়তে, নৈৰ পানীৰ তীব্ৰ সোঁতৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰহ্মপুত্ৰ আৰু অন্যান্য নদীত দেশীয় নাও বা সৰু নাওৰে যাতায়াত নকৰিবলৈ জনসাধাৰণক আহ্বান জনোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

September 8, 2026 10:35 am
আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

September 8, 2026 10:06 am
মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

September 8, 2026 8:38 am
সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

September 8, 2026 8:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

আদালতৰ ৰোষত জ্ঞানেশ কুমাৰৰ ডি এম কন্যা! কটা যাব তেওঁৰ আৰু আৰক্ষীৰ দৰমহা, কিন্তু কিয়?

September 8, 2026 10:35 am
আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

September 8, 2026 10:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd