• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

উগ্ৰপন্থী সজাই নিৰীহ যুৱকক হত্যাৰ প্ৰতিবাদত উত্তাল তিৰাপ জিলা

নিৰাপত্তা বাহিনী বিশেষ ক্ষমতা আইন বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক

মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা by মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা
March 22, 2022 7:51 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাৰ অন্তৰ্গত খুনচাৰ কলাগাওঁত ছয় নং অসম ৰাইফলছ আৰু এন এছ চি এন (আই এম)ৰ মাজত সংঘটিত গুলীয়াগুলি ঘটনাত দুজনকৈ লোক নিহত আৰু এজন লোক আহত হোৱা ঘটনাৰ পিছত উত্তপ্ত হৈ পৰে সমগ্ৰ তিৰাপ জিলা।

উক্ত গাঁও খনত সংঘটিত হোৱা এই ঘটনাত নিহত দুয়োজন লোককে নিৰাপত্তা বাহিনীয়ে উগ্ৰপন্থী সংগঠনটোৰ দুধৰ্ষ কেডাৰ বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰাৰ লগতে আহত লোকজন উক্ত সময়ত ঘটনাস্থলীত উপস্থিত থকা এগৰাকী সাধাৰণ গাঁওবাসী বুলি অৱগত কৰিছিল আৰু উগ্ৰপন্থী দলটোৰ পৰা অস্ত্ৰ উদ্ধাৰৰ তথ্যও প্ৰকাশ কৰিছিল।

Apply Now

কিন্তু নিৰাপত্তা বাহিনীৰ এই মন্তব্যৰ বিপৰীতে শেহতীয়াকৈ স্থানীয় ৰাইজে পোহৰলৈ আনিছে নিৰাপত্তা বাহিনীটোৰ কিছু বিশেষ তথ্য। জানিব পৰা মতে উক্ত গাঁও খনত উগ্ৰপন্থীৰ দলটোৱে উপস্থিত হৈ অঞ্চলটোৰ প্ৰাক্তন জেড পি চি তথা বৰ্তমান সন্দিকৈ(গাঁও খনৰ দ্বিতীয় পৰ্যায়ৰ মুৰব্বী)ৰ দায়িত্বত থকা ৰেত’ কাখ নামৰ জনপ্ৰিয় যুৱক জনক অস্ত্ৰ দেখুৱাই পথ দেখুৱাবৰ বাবে লৈ যায়।

স্থানীয় লোকে উত্থাপন কৰা অভিযোগ অনুসৰি হাফ পেন্ট আৰু হাৱাই চেন্ডেল পৰিহিত যুৱক জনক দলটোৱে লৈ যোৱাৰ সময়তে অসম ৰাইফলছৰ দলটোৱে উগ্ৰপন্থী দলটোক উদ্দেশ্য কৰি ধাৰাসাৰ গুলিবৰ্ষণ কৰাত ৰেত’ কাখৰ লগতে এজন এন এছ চি এন (আই এম)ৰ উগ্ৰপন্থী ঘটনাস্থলীতে নিহত হয়। আনহাতে নিৰাপত্তা বাহিনীটোৰ নির্বিচাৰ গুলী ৰ্ষণত আহত হয় পাকঙাম লৱাং নামৰ গাঁওখনৰ আন এগৰাকী নিৰীহ যুৱক।

ইফালে ঘটনা সংঘটিত কৰাৰ পিছতেই নিজৰ দোষ ঢাকিবলৈ নিৰাপত্তা বাহিনীটোৱে নিৰীহ যুৱক মৃত ৰেত’ কাখক দুধৰ্ষ উগ্ৰপন্থী সংগঠনৰ সদস্য সজোৱাৰ লগতে কান্ধত গুলি লগা আনগৰাকী আহত নিৰীহ যুৱক পাকঙাম লৱাঙৰ বিষয়ে পৰিয়ালক কোনো কথা অৱগত নকৰাকৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাৰ নামত পেলাই থৈ আহে। এই খবৰ জিলাখনত বিয়পি পৰাৰ লগে লগে উত্তপ্ত হৈ পৰে সমগ্ৰ তিৰাপ জিলা।

উত্তৰ পূৰ্বাঞ্চলত কেন্দ্ৰীয় চৰকাৰে বছৰ বছৰ ধৰি অব্যাহত ৰখা নিৰাপত্তা বাহিনী বিশেষ ক্ষমতা আইনৰ গইনা লৈ অৰুণাচল প্ৰদেশত দীর্ঘদিন ধৰি অসম ৰাইফলছ আৰু ভাৰতীয় সেনাই উগ্ৰপন্থী দমনৰ নামত নিৰীহ লোকসকলক অত্যাচাৰ চলাই আহিছে।

বহু স্থানীয় লোকক সেনাই আইন খনৰ আলমতে হত্যা আৰু পংগু কৰাৰ বিৰুদ্ধে অতিষ্ঠ হৈ সদৌ তিৰাপ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বিভিন্ন মহিলা সমিতি আৰু বেচৰকাৰী সংগঠনে সতিৰাপ জিলা বন্ধ ঘোষণা কৰাৰ লগতে চহৰ খনৰ বাছ ষ্টেণ্ডৰ পৰা খুনচাত অৱস্থিত অসম ৰাইফলছৰ ৬ নং গোটৰ শিবিৰলৈকে এক বিশাল প্ৰতিবাদী শোভাযাত্ৰা উলিয়ায়।

প্ৰতিবাদী লোকসকলে নিৰীহ লোকৰ ওপৰত সেনাৰ অত্যাচাৰ বন্ধ কৰিবলৈ দাবী জনায়। একেদৰে প্ৰতিবাদকাৰী সকলে তেওঁলোকে কোনো ক্ষেত্ৰতে বৃহৎ নাগালিমৰ অংশীদাৰ নহয় বুলি স্পষ্ট কৰি দিয়াৰ লগতে এন এছ চি এন উগ্ৰপন্থী সংগঠনকো অতি শীঘ্ৰেই অৰুণাচল ত্যাগ কৰিবলৈ অনুৰোধ জনায়।

সেনাৰ গুলীত নিহত নিৰীহ লোকৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰো দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে।

মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা

মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd