তিনিচুকীয়া জিলাৰ চুবুৰিয়া অৰুণাচল প্ৰদেশৰ লৱাৰ দিবাং ভেলি আৰক্ষীয়ে সোমবাৰে নিশা অভিযান চলাই মোবাইল চুৰিত জড়িত তিনিজন যুৱকক আটক কৰিবলৈ সক্ষম হয়।
ৰাজীৱ পাও (২১), আদিত্য পাটিৰ (২০) আৰু বিনোদ নৰহ (২১) নামৰ আটকধীন যুৱক তিনিজন শদিয়া মহকুমাৰ শান্তিপুৰৰ বুলি অৰুণাচল আৰক্ষীয়ে সদৰী কৰিছে।
উল্লেখযোগ্য যে ধৃত যুৱককেইজনে যোৱা কিছুদিন ধৰি লৱাৰ দিবাং ভেলি জিলাৰ বিভিন্ন ঠাইত পথচাৰীৰ পৰা মোবাইল ফোন কাঢ়ি উধাও হৈছিল।
সন্ধিয়া হ’লেই বাইকেৰে আহি খোজকাঢ়ি ফোনত কথা পাতি গৈ থকা লোকৰ পৰা ফোন কাঢ়ি নিয়াৰ ঘটনা সংক্ৰান্তত জিলাখনত ৬টা গোচৰ ৰুজু হৈ আছিল বুলি আৰক্ষীয়ে কয়৷
শেহতীয়াকৈ জিলাখনৰ আৰক্ষীয়ে এইক্ষেত্ৰত অভিযান চলাই যুৱক কেইজনক আটক কৰিবলৈ সক্ষম হয় যদিও ইয়াৰ সৈতে জড়িত নেহেৰু নামৰ আন এজন যুৱকক এইপৰ্যন্ত আটক কৰিবলৈ সক্ষম হোৱা নাই।
ধৃত যুৱককেইজনে উক্ত ঘটনাত জড়িত থকাৰ কথা স্বীকাৰ কৰি আৰক্ষীৰ আগত চুৰি মোবাইল ফোনসমূহ বিক্ৰী কৰি ড্ৰাগছ সেৱন কৰা কথা স্বীকাৰ কৰিছে।
মাৰাত্মাক ড্ৰাগছৰ কৱলত পৰি যুৱ প্ৰজন্ম বিভিন্ন অসামাজিক কাৰ্যত জড়িত হোৱাৰ ঘটনাই সচেতন মহলক উদ্বিগ্ন কৰি তুলিছে। স্থানীয় ৰাইজে তিনিচুকীয়া জিলা আৰক্ষীক শীঘ্ৰে অবৈধ ড্ৰাগছ-কানিৰ অবৈধ বেহাৰ বিৰুদ্ধে কঠোৰ অভিযান চলাবলৈ দাবী জনাইছে।