NORTHEAST NOW (Assamese)

Video|| অৰুণাচল প্ৰদেশত পৰ্য্যটন প্ৰসাৰৰ প্ৰয়াসেৰে এনফিল্দ চফৰত মুখ্য মন্ত্ৰী খান্দু

October 16, 2019 5:32 pm · এন ই নাও নিউজ
মটৰবাইকেৰে যাত্ৰাকালত খান্দু। ছবি সৌজন্য- টুইটাৰ।

অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খান্দুৱে বিতোপন চিয়াং উপত্যকাৰ পাহাৰীয়া পথেৰে  চলোৱা এক মটৰবাইক চফৰৰ ভিডিঅ’ চ’চিয়েল মিডিয়াত চৰ্চিত হৈছে।

এখন ৰয়েল এনফিল্দ ইণ্টাৰ্চেপ্তৰ ৬৫০ বাইকেৰে য়িংকঙৰ পৰা পাছিঘাটলৈকে ১২২ কি.মি. পথ মুখ্য মন্ত্ৰীগৰাকীয়ে অতিক্ৰম কৰে।

চিয়াং উপত্যকাৰ আদি গাওঁসমূহৰ মাজেদি আগবঢ়া পথচোৱা অতি সুন্দৰ যাত্ৰাপথৰূপে জনাজাত।

খান্দুৱে এই চফৰক “অৰুণাচলক বাইকিং আৰু এদভেন্সাৰ স্প’ৰ্টছৰ স্বপ্নৰ লক্ষ্যস্থলৰূপে প্ৰসাৰ কৰাৰ এক প্ৰচেষ্টা”ৰূপে অভিহিত কৰিছে।

যাত্ৰাটোক লৈ খান্দুৱে কৰা এটা টুইটত কোৱা হৈছে, “এই সময়চোৱাই অৰুণাচল প্ৰদেশত বাইকিঙৰ আটাইতকৈ ভাল সময়।”

পাহাৰীয়া ৰাজ্যখনত পৰ্য্যটনৰ প্ৰসাৰৰ বাবে মুখ্য মন্ত্ৰীজনক চ’চিয়েল মিডিয়াত ব্যাপক তৎপৰতা লৈ অহা দেখা যায়।

যোৱা বছৰো মেচুকা উৎসৱৰ সময়ত খান্দু আৰু ৰাজ্যখনৰ সাংসদ, কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুক বলিউদ অভিনেতা চলমানৈ খানৰ সৈতে চাইকেল চলোৱা দেখা গৈছিল।

Related News