অসমত নিচাজাতীয় সামগ্ৰীৰ অবৈধ সৰবৰাহ বন্ধ কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে ৷ সমান্তৰালকৈ তৎপৰ হৈছে অসম আৰক্ষীও ৷ কিন্তু ইয়াৰ পিছতো প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ অবৈধ নিচাজাতীয় সামগ্ৰী ৷
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত কঁঠালগুৰিত আজি আৰক্ষীৰ অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা ৷
আৱকাৰী বিভাগৰ লগতে আৰক্ষীয়েও অব্যাহত ৰাখিছে অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে অভিযান।
বৰডুমচা আৰক্ষী আৰু পেঙেৰী আৰক্ষীয়ে কেইবাঘণ্টা ধৰি চলোৱা যুটীয়া অভিযানত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা সহ পাঁচজন লোকক আটক কৰিবলৈ সক্ষম হৈছে ।
আটকাধীন লোককেইজনক হৈছে ক্ৰমে তনয় নেৱাৰ, মিণ্টু নেৱাৰ, ৰূপত গুৰুং, পাপু গগৈ, চিবু নেৱাৰ।
অৰুণাচল প্ৰদেশৰ বৰডুমচাৰ পৰা পেঙেৰীৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে ডিগবৈ অভিমুখী গৈ থকা অৱস্থাত এ.এচ০৬আৰ০৬১৭ , এ.এচ২৩এক্স৬৯০৫, আৰু এ.এচ০৬ এল৮৮০২ নম্বৰৰ তিনি খন গাড়ীৰ পৰা বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা খিনি আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ।
অৰুণাচলৰ প্ৰদেশৰ পৰা পেঙেৰী ডিগবৈৰ অভিমুখী এই গাড়ী কেইখনৰ পৰা অবৈধ অৰুণাচলী সুৰা সৰবৰাহ কৰাৰ গোপন সূত্ৰে তথ্য লাভ কৰিছিল আৰক্ষীয়ে৷
উক্ত তথ্যৰ ভিত্তিতে অভিযান চলাই সুৰা সমূহ জব্দ কৰে আৰক্ষীৰ দলটোৱে।
ইফালে জব্দ কৰা গাড়ী কেইখনৰ পৰা বিভিন্ন ব্ৰেণ্ডৰ ২০০ কাৰ্টুন অৰুণাচলী সুৰা জব্দ কৰা হৈছে বুলি জনাইছে আৰক্ষীয়ে।
অভিযানৰ সময়ত পেঙেৰী আৰক্ষীক বিশেষ ভাৱে সহযোগ কৰে বৰডুমচা আৰক্ষীয়ে।
সুৰা সহ আটক কৰা ব্যক্তি কেইজনক আবকাৰী বিভাগক গতাই দিয়ে। আবকাৰী বিভাগে বৰ্তমানে জেৰা অব্যাহত ৰাখিছে ধৃত ৫ জন ব্যক্তিক।