বৰপেটাত অৰুণোদয় আঁচনি ৰূপায়ণৰ বাবে নিৰ্বাচিত ৩২ সহায়কক প্ৰশিক্ষণ

Arunoday Scheme: Training programme held for 32 selected assistants in Barpeta

অসম চৰকাৰৰ সৰ্ববৃহৎ প্ৰত্যক্ষ লাভদায়ক আঁচনি অৰুণোদয়ৰ সঠিক আৰু খৰতকীয়া কাৰ্য-ৰূপায়নৰ বাবে বৰপেটা জিলাত ৩২ জন সহায়ক নিযুক্তি দিয়া হৈছে।

আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এটি অনুষ্ঠানত তেওঁলোকক প্ৰাৰম্ভিক প্ৰশিক্ষণ প্ৰদান কৰা হয়।

এই উপলক্ষে দিয়া ভাষণত জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই ৰাজ্য চৰকাৰৰ অৰুণোদয় আঁচনিখনৰ সবিশেষ ব্যাখ্যা কৰাৰ লগতে তেওঁলোকৰ কৰণীয় দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে অৱগত কৰে।

উপায়ুক্ত গৰাকীয়ে অৰুণোদয় সহায়ক সকলক অতি আন্তৰিকতা, দায়বদ্ধতা আৰু নিষ্ঠাৰে সেৱা আগবঢ়াবলৈ পৰামৰ্শ আগবঢ়ায়।

অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠক, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা আৰু জ্যেষ্ঠ পৰিকল্পনা বিষয়া দ্বিজেন্দ্ৰ নাথ দাসেও নিৰ্বাচিত প্ৰাৰ্থী সকলৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰে।

কাইলৈ তেওঁলোকক গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ লৈ যোৱা হ’ব য’ত ৰাজ্যিক ভিত্তিত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।

উল্লেখযোগ্য যে এই পদৰ বাবে বৰপেটা জিলাত ৫০৪ জনে অনলাইন যোগে আবেদন কৰিছিল যদিও ইয়াৰে ৪৯৬ খন আবেদনহে বৈধ পোৱা যায়।

জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনোৱা মতে যোৱা ৮ ছেপ্তেম্বৰত অনলাইন যোগে অনুষ্ঠিত যোৱা লিখিত পৰীক্ষাত ২৭৪ জন প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল আৰু তাৰ ভিতৰত সৰ্বোচ্চ নম্বৰৰ অৰ্হতাৰ ভিত্তিত প্ৰথম ৩২ জনক নিৰ্বাচিত কৰা হয়।

ইয়াৰে ২০ জন যুৱক আৰু ১২ গৰাকী  যুৱতী।

প্ৰতিটো বিধান সভাৰ বিপৰীতে চাৰিজনকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।

তেওঁলোকক অস্থায়ী ভিত্তিত নিযুক্তি দিয়া হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।