NORTHEAST NOW (Assamese)

কৰ্মফল ভুগিছে কেজৰিৱালে! একালৰ গুৰু আন্না হাজাৰেই দোষাৰোপ কৰিলে কেজৰিৱালক

March 22, 2024 7:04 pm · এন ই নাও নিউজ, গুৱাহাটী

অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰক লৈ উত্তপ্ত হৈ আছে দেশৰ ৰাজনীতি। দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীলৈ সমৰ্থন আগবঢ়াই শাসকীয় বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিছে বিৰোধী ৰাজনৈতিক দলসমূহে। প্ৰতিবাদত নামি পৰিছে আম আদমী পাৰ্টী।

পিছে কেজৰিৱালৰ একালৰ গুৰু আন্না হাজাৰেৰ মুখত শুনা গ’ল সম্পূৰ্ণ এক বিপৰীত ভাষ্য। একপ্ৰকাৰে আন্না হাজাৰেই কেজৰিৱালৰ গ্ৰেপ্তাৰক সমৰ্থনহে জনালে। আন্না হাজাৰেৰ মতে, নিজ কৰ্মৰ বাবে গ্ৰেপ্তাৰ হৈছে কেজৰিৱাল।

আন্না হাজাৰেই কয়, “মই অতি দুখী যে পূৰ্বে মোৰ লগত কাম কৰা অৰবিন্দ কেজৰিৱালৰ দৰে এজন ব্যক্তিয়ে আগতে সুৰাৰ বিৰুদ্ধে মাত মাতিছিল আৰু আজি তেওঁ সুৰা নীতি প্ৰস্তুত কৰিছে।” অধিক টকাৰ বাবে কেজৰিৱালে সুৰা নীতি প্ৰস্তুত কৰা বুলি ক্ষোভ প্ৰকাশ কৰে আন্না হাজাৰেই।

প্ৰবীণ সমাজ কৰ্মীগৰাকীয়ে লগতে কয় যে নিজ কৰ্মৰ বাবেই কেজৰিৱাল গ্ৰেপ্তাৰ হ’ল। যদি তেওঁ একো কৰাই নাছিল তেন্তে তেওঁক গ্ৰেপ্তাৰ কৰাৰ কোনো প্ৰশ্নই নাছিল বুলি আন্না হাজাৰেই লগতে মন্তব্য কৰে। এতিয়া যি হয় সেয়া আইন অনুসৰি হ’ব লাগে বুলিও তেওঁ দোহাৰে।

উল্লেখ্য যে, ২০১১ চনত দুৰ্নীতি বিৰোধী তথা লোকপাল আন্দোলনৰ প্ৰধান হোতা আছিল আন্না হাজাৰে। এই আন্দোলনৰ অন্যতম অংশ আছিল কেজৰিৱাল। আন্না হাজাৰেৰ এই আন্দোলনৰ পৰাই উত্থান ঘটিছিল আম আদমী পাৰ্টীৰ।

Related News