নিৰ্বাচন শেষ : আকৌ কাৰাগাৰলৈ উভটিব লাগিব অৰবিন্দ কেজৰিৱাল!

সকাহ নাপালে কেজৰিৱালে। নিৰ্বাচন শেষ হোৱাৰ লগে লগে পুনৰ কাৰাগাৰলৈ যাবলৈ সাজু হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। আদালতৰ নিৰ্ধাৰিত নিৰ্দেশ অনুসৰি কাইলৈ ​​অৰ্থাৎ ২ জুন, দেওবাৰে তিহাৰ জেলত আত্মসমৰ্পণ কৰিব লাগিব অৰবিন্দ কেজৰিৱালে।

আজি শেষ হ’ল দিল্লীৰ আবকাৰী দুৰ্নীতিৰ গোচৰত অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ।

অৱশ্যে শাৰীৰিক অসুস্থতাৰ কাৰণে কেজৰিৱালে আৰু ৭ দিনৰ বাবে অন্তৱৰ্তীকালীন জামিনৰ বাবে আবেদন জনায়। তেওঁৰ এই আবেদনৰ ভিত্তিত দিল্লীৰ ৰাউজ এভিনিউ আদালতত দীঘলীয়া শুনানি অনুষ্ঠিত হয়। কিন্তু এই আবেদন খাৰিজ কৰে দিল্লীৰ ৰাউজ আদালতে।

আদালতৰ তথ্য অনুসৰি ইডিৰ অধিবক্তাই অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন বৃদ্ধিৰ আবেদনৰ তীব্ৰ বিৰোধিতা কৰে। তেওঁ কয় যে কেজৰিৱালক কেৱল প্ৰচাৰৰ বাবেহে অন্তৱৰ্তীকালীন জামিন দিয়া হৈছিল। ফলত ২ জুনত আত্মসমৰ্পণ কৰিব লাগে কেজৰিৱালে।  উচ্চতম ন্যায়ালয়ে ৰায়দানত কোৱা নাই যে কেজৰিৱালে অন্তৱৰ্তীকালীন জামিন বৃদ্ধিৰ বাবে আবেদন কৰিব পাৰে।

পুনৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে কেজৰিৱালে আদালতক বিপথে পৰিচালিত কৰিছে। আদালতৰ সন্মুখত তথ্য লুকুৱাই ৰাখিছে কেজৰিৱালে। তেওঁ অভিযোগ কৰে যে কেজৰিৱালে চিকিৎসা পৰীক্ষা নকৰাকৈয়ে অবিৰতভাৱে পদযাত্ৰা কৰি আহিছে। তাৰ মানে তেওঁ অসুস্থ নহয়। অৰবিন্দ কেজৰিৱালক প্ৰথমে উচ্চতম ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল।

ছলিচিটৰ জেনেৰেলে ৰাউজ এভিনিউ আদালতত জামিনৰ সময়সীমা কেনেদৰে চলি আছে সেই বিষয়েও প্ৰশ্ন উত্থাপন কৰে।

অৱশ্যে কেজৰিৱালৰ অধিবক্তাই কেজৰিৱালৰ শাৰীৰিক অসুস্থতাৰ সৈতে জড়িত নথি-পত্ৰ দাখিল কৰে। দুয়োপক্ষৰ মাজত দীৰ্ঘদিনীয়া তৰ্ক-বিতৰ্কৰ অন্তত অৱশেষত ন্যায়াধীশগৰাকীয়ে কেজৰিৱালৰ জামিন আৱেদনৰ ৰায়দান পিছুৱাই দিয়ে। ফলত দেওবাৰে নিজেই তিহাৰ কাৰাগাৰলৈ উভতি যাব লাগিব কেজৰিৱাল।