গুজৰাটৰ এখন সভাত ভাষণ দি আপৰ নেতা অৰবিন্দ কেজৰিৱালে ৰাজ্য খনৰ জনসাধাৰণক আম আদমী পাৰ্টি শাসনলৈ আহিলে “দুৰ্নীতিমুক্ত” চৰকাৰ গঠন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। শাসকীয় বিজেপিক আক্ৰমণ কৰি কেজৰিৱালে কয় যে বিজেপিয়ে ছোনিয়া গান্ধীক পিছফালৰ পৰা প্ৰধানমন্ত্ৰী কৰিব বিচাৰে ।গুজৰাট বিধানসভা নিৰ্বাচনত নৰ্মদা বচাও আন্দোলনৰ কৰ্মী মেধা পাটকাৰক আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হ’ব বুলি বিজেপিয়ে কৰি অহা দাবী সন্দৰ্ভত উত্তৰ দি আহমেদাবাদত আপৰ আহ্বায়ক কেজৰিৱালে ছোনিয়াকহে বিজেপিয়ে আওপাকে প্ৰধানমন্ত্ৰী পাতিব বিচাৰে বুলি কয়।
কেজৰিৱালে কয়, “আপে মেধা পাটকাৰক গুজৰাটত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বুলি কোৱা কথাষাৰ বিজেপিয়ে ছোনিয়া গান্ধীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰাধিকাৰী হিচাপে প্ৰক্ষেপ কৰিবলৈ গৈ আছে বুলি কোৱা কথাৰ দৰেহে হ’ব।”
উল্লেখ্য গুজৰাটত চলিত বছৰৰ শেষৰ ফালে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচনৰ বাবে ৰাজ্য খনত শাসকীয় বিজেপিকে ধৰি আপেও কঁকালত টঙালি বান্ধিছে। ৰাজ্য খনত আপৰ উত্থানত বিজেপি বহু পৰিমাণে শংকিত হোৱাও দেখা গৈছে।
কেজৰিৱালে আজি কয় “মই গুজৰাটত যিসকলক লগ পাইছো তেওঁলোকে কৈছে যে সকলো ঠাইতে দুৰ্নীতি হৈ আছে। চৰকাৰী কাম কৰিবলৈ উৎকোচ দিবই লাগিব। নিম্ন স্তৰত দুৰ্নীতি আছে আৰু শীৰ্ষত কেলেংকাৰী আছে। যদি কোনোবাই ইয়াৰ বিৰুদ্ধে কথা কয়, তেন্তে তেওঁক ভাবুকি দিয়া হয়… গুজৰাটৰ সকলো ঠাইতে দুৰ্নীতি আৰু গুণ্ডামি আছে,”। আহমেদাবাদত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি কেজৰিৱালে দাবী কৰে যে আপৰ চৰকাৰ ৰাজ্য খনত গঠন হ’লে জনসাধাৰণৰক দুৰ্নীতিৰ নাগপাশৰ পৰা মুক্ত কৰা হ’ব। তেওঁ কয়, “আজি মই এটা গেৰাণ্টি দিছো যে যেতিয়া আপে গুজৰাটত চৰকাৰ গঠন কৰিব, ই দুৰ্নীতিমুক্ত আৰু ভয়মুক্ত চৰকাৰ প্ৰদান কৰিব।”
কেজৰিৱালে গুজৰাটত বৰ্তমানৰ মন্ত্ৰী আৰু চৰকাৰী বিষয়াসকলৰ “অবৈধ ব্যৱসায়” বন্ধ কৰা, বৰ্তমানৰ চৰকাৰৰ “কেলেংকাৰী”ৰ তদন্ত কৰা আৰু দুৰ্নীতিৰে সংগ্ৰহ কৰা ধন পুনৰুদ্ধাৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।
কেজৰিৱালে কয় যে যদি আপ ক্ষমতালৈ আহে, তেন্তে তেওঁৰ দলৰ চৰকাৰে নিশ্চিত কৰিব যে জনসাধাৰণে চৰকাৰী কাৰ্যালয়ত উৎকোচ দিয়াৰ প্ৰয়োজন নাথাকিব। আপৰ চৰকাৰে দিল্লীত কৰাৰ দৰে বিভিন্ন কল্যাণমূলক সেৱা আৰম্ভ কৰিব।
উল্লেখ্য শেহতীয়াকৈ গুজৰাটলৈ কৰা একাধিক ভ্ৰমণৰ সময়ত কেজৰিৱালে কেইবাটাও “গেৰাণ্টি” ঘোষণা কৰিছে।