শ্বাহৰুখ পুত্ৰৰ জামিন আবেদন নাকচ কৰিলে আদালতে

Aryan Khan case

নাৰ্ক’টিকচ্ কণ্ট্ৰল ব্যুৰো(NCB)ৰ ড্ৰাগচ ৰেইড গোচৰ সন্দৰ্ভত শ্বাহৰুখ তনয় আৰিয়ান খানৰ দ্বাৰা দাখিল কৰা অন্তৱৰ্তীকালীন জামিন আবেদন আজি নাকচ কৰে দণ্ডাধীশ আদালতে ।

শুনানিৰ সময়ত NCB- এ আৰিয়ান খানক জামিন প্ৰদানৰ বিৰোধিতা কৰে। আদালতে কয় যে তেওঁ এজন প্ৰভাৱশালী ব্যক্তি আৰু প্ৰমাণ নষ্ট কৰাৰ প্ৰচেষ্টা চলাব পাৰে।

আদালতে কয় যে জামিন লাভৰ বাবে কৰা আৱেদনসমূহ ৰক্ষণাবেক্ষণযোগ্য নহয়। আৰিয়ান খান, আৰবাজ মাৰ্চেণ্ট আৰু মুনমুন ধামেছাৰ জামিন আবেদন নাকচ কৰা হৈছে।

তেওঁলোকে বিশেষ নাৰ্ক’টিক ড্ৰাগছ এণ্ড চাইক’ট্ৰপিক চাবটেঞ্চেচেচ (NDPS) আদালতত জামিনৰ বাবে আবেদন কৰিব লাগিব।

আৰিয়ানৰ হৈ আদালতত উপস্থিত থকা অধিবক্তা সতীশ মানেশিন্দে য়ে এই ৰায়ৰ বিৰোধিতা কৰিছিল।

তেওঁ কয়, “কেৱল ব্যক্তিজন ধনী পৰিয়ালৰ হোৱাৰ বাবে প্ৰমাণ নষ্ট কৰাৰ প্ৰচেষ্টা চলাব বুলি মানি ল’ব নোৱাৰি। বহুত গুৰুতৰ অপৰাধৰ সৈতে মুক্তভাৱে কিছু অপৰাধী ঘূৰি ফুৰিছে,অথচ আৰিয়ানৰ ক্ষেত্ৰত জামিন মঞ্জুৰ নহয়।”

আদালতে বৃহস্পতিবাৰে বলিউড তাৰকা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান আৰু আন সাতজনক পুনৰ জিম্মাত লোৱাৰ বাবে নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (NCB)ৰ আবেদন নাকচ কৰি কৈছিল যে এনে কৰাটো “তেওঁলোকৰ মৌলিক অধিকাৰৰ উলংঘন” হ’ব।

অতিৰিক্ত মেট্ৰ’পলিটান মেজিষ্ট্ৰেট আৰএম নেৰলিকাৰে ইয়াৰ পৰিৱৰ্তে আঠজনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল।