Shah Rukh Khan’s son: চাৰি বছৰ ধৰি ড্ৰাগছ সেৱন কৰি আহিছিল শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানে

এদিন শ্বাহৰুখ খানেই কৈছিল—'পুত্ৰই ড্ৰাগছ খাব পাৰে',পুৰণি ভিডিঅ'কলৈ ছ'চিয়েল মিডিয়াত বাদশ্বাহক ট্ৰল

বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান এতিয়া নাৰক’টিক্স কন্ট্ৰ’ল ব্যুৰোৰ জিম্মাত।

নাৰক’টিক্স কন্ট্ৰ’ল ব্যুৰোৰ জেৰাত শ্বাহৰুখ পুত্ৰই কৰিছে কেইবাটাও বিস্ফোৰক মন্তব্য।

জানিব পৰা মতে বিগত চাৰি বছৰ ধৰি আৰিয়ানে ড্ৰাগছ গ্ৰহণ কৰি আহিছে।

কিন্তু এই ক্ষেত্ৰত পিতৃ শ্বহৰুখ খান অৱগত আছিল নে নাই তাকেলৈ সন্দেহৰ সৃষ্টি হৈছে। যিকি নহওক, গ্ৰেপ্তাৰৰ পিছত পিতৃ শ্বাহৰুখৰ সৈতে আৰিয়ানে মাত্ৰ দুই মিনিট সময়হে কথা পতাৰ অনুমতি পাইছিল।

এতিয়া ছ’চিয়েল মিডিয়াত বহুতে এটা পুৰণি ভিডিঅ’কলৈ শ্বাহৰুখ খানক ট্ৰল কৰা পৰিলক্ষিত হৈছে।

ছিমি গাৰেৱালৰ এক অনুষ্ঠানত শ্বাহৰুখ খানে পুত্ৰ আৰিয়ানৰ প্ৰসংগত ৰসিকতা কৰি কৈছিল —’ মই তেওঁক ছোৱালীৰ পিছত ঘূৰিবলৈ কৈছো,ধুম্ৰপান কৰিবৈও কৈছো আৰু যদি তেওঁ বিচাৰে তেওঁ ড্ৰাগছো খাব পাৰে’।

শ্বাহৰুখ খানে এই মন্তব্য কৰাৰ সময়ত আৰিয়ানৰ বয়স আছিল খুব বেছি তিনি বছৰ। শ্বাহৰুখে ৰসিকতা কৰি কোৱা কথাষাৰেই এতিয়া বাস্তৱত পৰিণত হোৱাত ছ’চিয়েল মিডিয়াত বিষয়টোকলৈ ব্যাপক চৰ্চা হৈছে।

বহুতে কৈছে যে পিতৃ শ্বাহৰুখৰ পৰামৰ্শ পুত্ৰই সঠিক ভাবেই গ্ৰহণ কৰিলে। আজি আৰিয়ানক আদালতত হাজিৰ কৰোৱা হ’ব।

আৰিয়ানৰ হোৱাটছএপ মেছেজৰ পৰাও নাৰক’টিক্স কন্ট্ৰ’ল ব্যুৰোই ড্ৰাগছ লিংক সন্দৰ্ভত বহু তথ্য লাভ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য নাৰক’টিক্স কন্ট্ৰ’ল ব্যুৰোই গ্ৰেপ্তাৰ কালি ড্ৰাগছ কাণ্ডত জড়িত বলীউদৰ তাৰকা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানক গ্ৰেপ্তাৰ কৰিছিল। আৰিয়ানৰ লগতে গ্ৰেপ্তাৰ কৰা হৈছে তেওঁৰ বন্ধু ক্ৰমে মুনমুন ডামমেছা আৰু আৰবান মাৰ্চেণ্টক।

উল্লেখ্য মুম্বাইৰ পৰা গোৱা অভিমুখী বিলাসী ক্ৰুজত বিশেষ অভিযান চলাই ১০জনক আটক কৰিছিল নাৰক’টিক্স কন্ট্ৰ’ল ব্যুৰো (এনচিবি)য়ে।

কালি বলীউদৰ তাৰকা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানক নাৰক’টিক্স কন্ট্ৰ’ল ব্যুৰোই জেৰা কৰিছিল আৰু জেৰাৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

শনিবাৰে নিশা বিলাসী ক্ৰুজত ড্ৰাগছ কাণ্ডৰ কথা পোহৰলৈ আহে। মুম্বাইৰ পৰা গোৱালৈ ৰাওনা হোৱা কৰ্ডেলিয়া নামৰ বিলাসবহুল ক্ৰুজত এনচিবিৰ বিষয়াসকলে যাত্ৰীৰ বেশত গৈছিল।

ক্ৰুজৰ ভিতৰত পাৰ্টী চলি থকাৰ আৰু তাত ড্ৰাগছ সেৱন কৰাৰ গোপন খবৰ লাভ কৰে এনচিবিৰ অভিযানকাৰী দলে।

পাৰ্টীত সকলোৱে ড্ৰাগছ সেৱন কৰে আৰু কোনো কোনোৱে নিচাত ডুব যায়। বহুতেই অচেতন হৈ পৰে। তাৰ পাছতেই এনচিবিৰ বিষয়াসকলে ইয়াৰে ১০জনক আটক কৰে।

এনচিবিৰ দলটোৱে বহু পৰিমাণৰ ড্ৰাগছ জব্দ কৰে। ক্ৰুজখনৰ পৰা তেওঁলোকে জব্দ কৰে কোকেইন, হাছিছ তথা এমডিএমএৰ দৰে ড্ৰাগছ।