‘আমি কাকো অপমান কৰা নাই’, অমৰিন্দৰ সিঙক কংগ্ৰেছ ত্যাগৰ সিদ্ধান্ত পুনৰ বিবেচনাৰ আহ্বান হৰিশ ৰাৱাটৰ

ক্ৰমাৎ মেৰু বিভাজন ঘটা পঞ্জাৱ কংগ্ৰেছৰ নেতা তথা ৰাজ্য খনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে কংগ্ৰেছ ত্যাগ কৰিব বুলি কালি নতুন দিল্লীত ঘোষণা কৰাৰ পিছতে এতিয়া ধুমুহাৰ সৃষ্টি হৈছে পঞ্জাৱ কংগ্ৰেছত।

আজি পঞ্জাৱৰ দায়িত্বত থকা কংগ্ৰেছৰ নেতা হৰিশ ৰাৱাটে কয় যে কংগ্ৰেছে কাকো অপমান কৰা নাই।

অমৰিন্দৰ সিং বৰ্তমান কিবা হেঁচাৰ মাজত থাকিব পাৰে বুলিও ৰাৱাটে মন্তব্য কৰে।

তেওঁ অমৰিন্দৰ সিঙক লগতে এই বুলিও আহ্বান জনায় যে সিঙে যাতে বিজেপিক প্ৰত্যক্ষ অথবা পৰোক্ষ ভাবে সহায় নকৰে।

তেওঁ অমৰিন্দৰ সিঙক কংগ্ৰেছে অপমান কৰা বুলি সিঙে কৰা মন্তব্য নস্যাৎ কৰি ৰাৱাটে কয় যে কংগ্ৰেছে পঞ্জাৱত এতিয়ালৈকে যি কৰিছে সেয়া অমৰিন্দৰ সিঙৰ সন্মান ৰক্ষা কৰিয়েই কৰিছে।

২০২২ চনৰ পঞ্জাৱ বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ যাতে অধিক লাভৱান হয় সেই উদ্দেশ্যেই দলটোৱে কেতবোৰ সিদ্ধান্ত লোৱা বুলি ৰাৱাটে মন্তব্য কৰে।

পঞ্জাৱ কংগ্ৰেছৰ প্ৰবীণ নেতা তথা ৰাজ্য খনৰ সদ্য অপসাৰিত মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ পিছতে সাংবাদিকৰ আগত অমৰিন্দৰ সিঙে ক্ষোভেৰে কৈছিল—’ বাৰে বাৰে অপমানিত হৈছো, আৰু নহয়, কংগ্ৰেছ এৰিম’।

মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰিত হোৱাৰ পিছতে পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে বুধবাৰে সাক্ষাৎ কৰিছিল অমিত শ্বাহক।

অমিত শ্বাহক সাক্ষাৎ কৰাৰ পিছতে অমৰিন্দৰ সিঙে কংগ্ৰেছে তেওঁক বিশ্বাসত নোলোৱা বুলি কোৱাৰ লগতে তেওঁক দলটোৱে বাৰে বাৰে অপমান কৰি থকা বুলিও মন্তব্য কৰিছিল।

অৱশ্যে কংগ্ৰেছ ত্যাগ কৰিলেও অমৰিন্দৰ সিঙে বিজেপিত যোগদান নকৰে বুলিও স্পষ্ট কৰি দিছিল।